মৌলিক সংখ্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মৌলিক সংখ্যা (ইংৰাজী: prime number) হ'ল ১তকৈ ডাঙৰ কিছুমান স্বাভাৱিক সংখ্যা, যাৰ কেৱল দুটা পৃথক উৎপাদক আছে- ১ আৰু সেই সংখ্যাটো নিজেই অৰ্থাৎ মৌলিক সংখ্যা হ’ল একতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা য’ত ১ আৰু নিজক বাদ দি কোনো ধনাত্মক ভাজক নাথাকে। সৰল ভাষাত ক’বলৈ গ’লে, মৌলিক সংখ্যা হ’ল একতকৈ ডাঙৰ এটা সম্পূৰ্ণ সংখ্যা যাক ১ আৰু নিজেই বাদ দি আন কোনো সংখ্যাৰে সমভাৱে ভাগ কৰিব নোৱাৰি।

১-১০০ লৈকে মৌলিক সংখ্যা ২৫ টা[উৎস সম্পাদনা]

প্ৰথম ২৫টা মৌলিক সংখ্যা হ'লঃ ২, ৩, ৫, ৭, ১১, ১৩, ১৭, ১৯, ২৩, ২৯, ৩১, ৩৭, ৪১, ৪৩, ৪৭, ৫৩, ৫৯, ৬১, ৬৭, ৭১, ৭৩, ৭৯, ৮৩, ৮৯, ৯৭।

১-১০০ লৈকে মৌলিক সংখ্যাৰ যোগফল ১০৬০। ১-১০ লৈকে মৌলিক সংখ্যা ৪ টা।

মৌলিক সংখ্যা বাহিৰ কৰাৰ পদ্ধতি[উৎস সম্পাদনা]

২ ক বাদ দি আটাইবোৰ মৌলিক সংখ্যাই হৈছে অযুগ্ম। যিবোৰ অযুগ্ম সংখ্যা ১ আৰু নিজৰ বাহিৰে আন সংখ্যাৰে বিভাজ্য নহয় সেইবোৰেই হৈছে মৌলিক সংখ্যা।

তথ্য সংগ্ৰহ[উৎস সম্পাদনা]