সমললৈ যাওক

ৰাজশেখৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাজশেখৰ এগৰাকী সংস্কৃত কবি, নাট্যকাৰ আৰু সমালোচক। মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত নাটক কৰ্পুৰমঞ্জাৰীৰ বাবে বিখ্যাত।

জীৱন[সম্পাদনা কৰক]

ৰাজশেখৰৰ সময় আনুমানিক নৱম শতিকাৰ শেষ আৰু দশম শতিকাৰ আদি ভাগ বুলি ধৰা হয়।[1] তেওঁ জন্ম কণৌজত। গুৰ্জৰ প্ৰতিহাৰ (কণৌজ)-ৰ ৰাজসভাৰ কবি আছিল। তেওঁ গুৰ্জৰ প্ৰতিহাৰ ৰজা মহেন্দ্ৰপালৰ গুৰু বুলি আত্মপৰিচয় দিছে।[1] তেওঁৰ পত্নীৰ নাম অৱন্তিসুন্দৰী। কৰ্পূৰমঞ্জৰী নাটকখন অৱন্তীসুন্দৰীক সন্তুষ্ট কৰিবলৈ লিখা বুলি উল্লেখ কৰিছে।

সাহিত্য কৃতি[সম্পাদনা কৰক]

  • বালৰামায়ণ
  • বালভাৰত
  • বৃদ্ধশালভঞ্জিকা
  • কৰ্পূৰমঞ্জৰী
  • কাব্যমীমাংসা

ৰাজশেখৰৰ বালৰামায়ণ, বালভাৰত, বৃদ্ধশালভঞ্জিকা আৰু কৰ্পূৰমঞ্জৰী হ’ল নাটক। কাব্যমীমাংসা হ’ল কাব্যৰ লক্ষণ, প্ৰকৃতি বিচাৰ সম্পৰ্কীয় সমালোচনাত্মক গ্ৰন্থ। তেওঁৰ শ্ৰেষ্ঠ ৰচনা হ’ল কৰ্পূৰমঞ্জৰী। ভূৱনকোষ নামৰ আন এখন গ্ৰন্থও ৰাজশেখৰৰ নামত পোৱা যায়।[2]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 থানেশ্বৰ শৰ্মা (1995). সংস্কৃত সাহিত্যৰ ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. 230-233. 
  2. কেশৱানন্দ দেৱগোস্বামী আৰু ভীমকান্ত বৰুৱা (1996). প্ৰাকৃত পাঠ. প্ৰকাশক ডিব্ৰুগড়: ষ্টুডেণ্ট এম্প'ৰিয়াম. পৃষ্ঠা. ১৯–২১.