সমললৈ যাওক

ৰাধাকান্ত সন্দিকৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাধাকান্ত সন্দিকৈ
জন্ম ১৮৫৭
যোৰহাট, অসম
মৃত্যু ২৬ জানুৱাৰী, ১৯৫২
ৰাষ্ট্ৰীয়তা ভাৰতীয়

ৰাধাকান্ত সন্দিকৈ এজন সমাজকৰ্মী, চাহ খেতিয়ক আৰু বিখ্যাত সাহিত্যিক কৃষ্ণকান্ত সন্দিকৈৰ পিতৃ৷ তেখেতৰ স্মৃতিতে গুৱাহাটীস্থিত ৰাধাকান্ত সন্দিকৈ ছোৱালী কলেজৰ প্ৰতিষ্ঠা কৰা হয়৷[1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৮৫৭ চনত শিৱসাগৰ আৰু যোৰহাটৰ মাজতে অৱস্থিত চেটীয়া গাঁৱত৷ পিতৃৰ নাম বোপাৰাম সন্দিকৈ আৰু মাতৃৰ নাম বৰকুকৈ৷ তেখেতৰ পত্নীৰ নাম নাৰায়ণী সন্দিকৈ৷ [2][3] সন্দিকৈৰ বিবাহৰ চন হৈছে ১৮৯৭৷ তেওঁলোকৰ সন্তানকেইজনৰ নাম হ’ল ক্ৰমে- কৃষ্ণকান্ত সন্দিকৈ, চন্দ্ৰকান্ত সন্দিকৈ লক্ষ্মীকান্ত সন্দিকৈ, ইন্দ্ৰকান্ত সন্দিকৈ আৰু একমাত্ৰ কন্যাৰ নাম অন্নদা সন্দিকৈ৷[1] পত্নী নাৰায়ণী সন্দিকৈ অসমৰ আন এগৰাকী পণ্ডিত লোক পদ্মনাথ গোহাঞি বৰুৱাৰ ভগ্নী আছিল৷

শিক্ষা[সম্পাদনা কৰক]

তেখেতে শিৱসাগৰ হাইস্কুলৰপৰা ১৮৮১ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ চিটি কলেজত বি.এ শ্ৰেণীত নামভৰ্তি কৰে৷ সন্দিকৈয়ে কলিকতা বিশ্ববিদ্যালয়ৰপৰা ১৮৮৩-৮৪ চনত এফ্-এ পৰীক্ষাত উত্তীৰ্ণ হয়৷

চাকৰি জীৱন[সম্পাদনা কৰক]

বি.এ পৰীক্ষা দিয়াৰ আগতেই অসম চৰকাৰে সন্দিকৈক ছিলঙৰ ডি. এল আৰ. অৰ্থাৎ ডাইৰেক্টৰ অৱ্ লেণ্ড ৰেকৰ্ডছৰ অফিচত কেৰাণীৰ পদত অধিষ্ঠিত কৰে৷ তেওঁ এই পদত পাঁচ বছৰমান চাকৰি জীৱন অতিবাহিত কৰে৷ পৰৱৰ্তী সময়ত একেটা কাৰ্যালয়তে তেখেতে চাব্ ডেপুটি হাকিম পদলৈ উন্নীত হয়৷ ১৯০২ চনত তেখেতে একষ্ট্ৰা এছিছটেণ্ট কমিছনাৰলৈ প্ৰমোচন পায়৷ পৰৱৰ্তী ১৯০২ চনত তেখেতে এছিছটেণ্ট ছেটলমেণ্ট অফিচাৰ হিচাপে প্ৰমোচন পায়৷ যোৰহাট চহৰত ৰাধাকান্ত সন্দিকৈ আৰু জগন্নাথ বৰুৱাই প্ৰথম বিদেশৰপৰা বাইচাইকেল কিনি আনে৷[1]

সাহিত্যকৃতি[সম্পাদনা কৰক]

  • মুলাগাভৰু,১৯২৪

সামাজিক অৱদান[সম্পাদনা কৰক]

তেখেতৰ নেতৃত্বতেই অসম সাহিত্য সভাৰ মূল গৃহ চন্দ্ৰকান্ত সন্দিকৈ ভৱন, পুৰাতত্ত্ব বিভাগৰ কাৰ্যালয় নাৰীয়ণী সন্দিকৈ ভৱন আৰু ৰাধাকান্ত সন্দিকৈ ছোৱালী কলেজৰ প্ৰতিষ্ঠা হয়৷ অসমৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ উন্নতিকল্পে মুক্তহস্তে দান-বৰঙনি আগবঢ়োৱা হেতুকে জনসাধাৰণে কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াক "দানবীৰ" উপাধিৰে বিভূষিত কৰিছিল।[4]

মৃত্যু[সম্পাদনা কৰক]

১৯৫২ চনৰ ২৬ জানুৱাৰী তাৰিখ, শনিবাৰে ৰাতি ডেৰ বজাত সন্দিকৈৰ মৃত্যু হয়৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 নকুল চন্দ্ৰ ভূঞা (১৯৬১). ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়া. অসম সাহিত্য সভা. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2023-08-25. https://web.archive.org/web/20230825081741/http://kkhsou.in/web_new/handiqui.php। আহৰণ কৰা হৈছে: 2023-08-25. 
  3. জিলিকালে লুইতৰে পাৰ, এম. আব্দুল মজিদ খান, পৃ:নং; ১১, প্ৰকাশক: প্ৰদ্যুত হাজৰিকা, বনলতা, ২০০২
  4. "আৰ্কাইভ কপি". Archived from the original on 2023-08-25. https://web.archive.org/web/20230825081741/http://kkhsou.in/web_new/handiqui.php। আহৰণ কৰা হৈছে: 2023-08-25.