সমললৈ যাওক

হিমাচল প্ৰদেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Himachal Pradeshৰ পৰা পুনঃনিৰ্দেশিত)
Himachal Pradesh

হিমাচল প্ৰদেশ

—  ৰাজ্য  —
মানালিৰ পৰা হিমালয়ৰ দৃশ্য
মানালিৰ পৰা হিমালয়ৰ দৃশ্য
Himachal Pradeshৰ অৱস্থান
স্থানাঙ্ক 31°6′12″N 77°10′20″E / 31.10333°N 77.17222°E / 31.10333; 77.17222
দেশ  ভাৰত
ৰাজ্য Himachal Pradesh
জিলা
জিলাৰ সংখ্যা ১২
প্ৰতিষ্ঠা ২৫ জানুৱাৰী, ১৯৭১
ৰাজধানী ছিমলা
মহানগৰ ছিমলা
ৰাজ্যপাল ঊৰ্মিলা সিংহ
মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধুমাল[1]
বিধানসভা (আসন) এককক্ষীয়[2] (৬৮)
উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি জাষ্টিছ কুৰিয়ান জোছেফ[3]
জনসংখ্যা

ঘনত্ব

68,64,602 (21st) (2011)

109 /কিমি (282 /বৰ্গ মাইল)

লিঙ্গ অনুপাত ৯৭০ /
স্বাক্ষৰতা

• Male
• Female

৭৭.১৩%

• ৮৬.০৩%
• ৬৮.০৪%

চৰকাৰী ভাষা হিন্দী
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি >55673 km2 (21495 sq mi)
জলবায়ু

অধঃক্ষেপন
উষ্ণতা
• গ্ৰীষ্মকালিন
• শীতকালিন


     1,469 mm (57.8 in)

     ২৮°ছে (৮২.৪°ফা)
     ৭°ছে (৪৪.৬°ফা)

ISO 3166-2 IN-HP
Portal প্ৰবেশদ্বাৰ: হিমাচল প্ৰদেশ  
ৱেবছাইট হিমাচল প্ৰদেশৰ চৰকাৰী ৱেবছাইট


হিমাচল প্ৰদেশ (হিন্দী: हिमाचल प्रदेश, পঞ্জাবী: ਹਿਮਾਚਲ ਪ੍ਰਦੇਸ਼) উত্তৰ ভাৰতৰ এখন ক্ষুদ্ৰকায় ৰাজ্য। এই ৰাজ্যখনৰ আয়তন ২১,৪৯৫ বৰ্গমাইল (৫৫,৬৭২ বৰ্গকিলোমিটাৰ)।[4] হিমাচল প্ৰদেশৰ উত্তৰ সীমাত জম্মু আৰু কাশ্মীৰ ৰাজ্য; পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত পঞ্জাব ৰাজ্য; দক্ষিণে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ ৰাজ্য; দক্ষিণ-পূৱ দিশত উত্তৰাখণ্ড ৰাজ্য আৰু পূৱত তিব্বত অৱস্থিত। হিমাচল প্ৰদেশ শব্দটোৰ আক্ষৰিক অৰ্থ তুষাৰাবৃত পৰ্বতসংকুল অঞ্চল[5]

হিমাচল প্ৰদেশ ১২ খন জিলাত বিভক্ত আৰু চৰকাৰী ভাষা হিন্দী

অৰ্থনীতি[সম্পাদনা কৰক]

ভাৰতৰ বাকী অংশৰ লগতে ১৯৫১ চনত হিমাচল প্ৰদেশতো প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনা কাৰ্যকৰী হোৱাৰ লগে লগে পৰিকল্পনা আৰম্ভ হয়। জিডিপি অনুযায়ী হিমাচল প্ৰদেশ ভাৰতৰ ২২ নং বৃহত্তম ৰাজ্যিক অৰ্থনীতি আৰু ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত ইয়াৰ জনমূৰি আয় ১৩তম স্থানত আছে।[6]

পৰ্যটন[সম্পাদনা কৰক]

অৰ্থনীতি আৰু বৃদ্ধিৰ ক্ষেত্ৰত হিমাচল প্ৰদেশৰ পৰ্যটনৰ প্ৰধান অৰিহণা। হিমালয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকক আকৰ্ষণ কৰে। শিমলা, মানালী, ধৰ্মশালা, ডালহাউছি, চাম্বা, খজ্জিয়াৰ, কুল্লু আৰু কাছাউলীৰ দৰে পাহাৰীয়া ষ্টেচনসমূহ দেশী-বিদেশী উভয় পৰ্যটকৰ বাবে জনপ্ৰিয় স্থান।[7]

পাদটীকা[সম্পাদনা কৰক]

  1. http://himachal.gov.in/cm.htm Chief Minister of Himachal Pradesh
  2. http://hpvidhansabha.nic.in/ Himachal Pradesh Vidhan Sabha
  3. http://hphighcourt.nic.in/gifs/jprofile.htm High Court oF Himachal Pradesh
  4. "Statistical Facts about India". www.indianmirror.com. http://www.indianmirror.com/geography/geo9.html। আহৰণ কৰা হৈছে: 2006-10-26. 
  5. "Literal meaning of Himachal Pradesh". www.himachalpradesh.us. Archived from the original on 2007-06-10. https://web.archive.org/web/20070610014600/http://himachalpradesh.us/geography/himalayas_in_himachal.php। আহৰণ কৰা হৈছে: 2007-05-20. 
  6. "Statewise Domestic Product". Archived from the original on 2018-08-18. https://web.archive.org/web/20180818150754/http://www.mospi.gov.in/sites/default/files/press_releases_statements/StatewiseDomesticProduct_3aug18.xls। আহৰণ কৰা হৈছে: 5 June 2024. 
  7. "Himachal Tourism". https://www.thomascook.in/india-tourism/himachal-pradesh। আহৰণ কৰা হৈছে: 5 June 2024. 

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]