আচৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আচাৰৰ পৰা পুনঃনিৰ্দেশিত)

আচৰণ বা আচাৰ বা ব্যৱহাৰ (ইংৰাজী: Behaviour) হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা কৃত্ৰিম বুদ্ধিমত্তাচালিত যন্ত্ৰই তেওঁলোকৰ লগত অথবা কিছুমান বিশেষ পৰিৱেশত প্ৰদৰ্শন কৰা ক্ৰিয়াকলাপ অথবা ধৰণ-কৰণ ; যিয়ে অইন এটা প্ৰণালী অথবা জীৱকো কেতিয়াবা জড়িত কৰি লয়।[1] আচৰণ হৈছে কোনো এটা প্ৰণালী অথবা জীৱই বিভিন্ন বাহ্যিক অথবা অভ্যন্তৰীণ, সচেতন, অৱচেতন, সুপ্ত, গুপ্ত, স্বেচ্ছামূলক, বলপূৰ্বক আদি উদ্দীপকৰ প্ৰতি প্ৰদৰ্শন কৰা এক সামগ্ৰিক সঁহাৰি।[2]

আৰ্হি[সম্পাদনা কৰক]

জীৱবিদ্যা[সম্পাদনা কৰক]

জীৱবিদ্যাত আচৰণ সম্বন্ধীয় সংজ্ঞা এটা সঠিক নিৰূপণ আজিও বিনাদ্বিধাই দিব পৰা হোৱা নাই। অৱশ্যে বৈজ্ঞানিক ৰচনাৰ এটা বিশেষ মেটা-বিশ্লেষণৰ ওপৰত ভিত্তি কৰি স্থাপন কৰা এক ব্যাখ্যা অনুযায়ী-"আচৰণ হৈছে অভ্যন্তৰীণ অথবা বাহ্যিক উদ্দীপকৰ প্ৰতি সমূহ জীৱন্ত প্ৰাণীৰ (ব্যক্তি অথবা গোট) এক নিজস্ব সমন্বিত সঁহাৰি (ক্ৰিয়াশীল অথবা ক্ৰিয়াবিহীন)। "[3]

উদ্ভিদ বা অন্যান্য জীৱৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ অলপ বহল অৰ্থত নিৰ্ণয় কৰিব পৰা আচৰণৰ সংজ্ঞাটো "ফেন'টাইপিক প্লাষ্টিছিটী"ৰ ধাৰণাৰ লগত সাদৃশ্য আছে। এই ধাৰণাটোৰ মতে, "আচৰণ হৈছে এক জীৱনকালত কোনো ব্যক্তিবিশেষে কোনো এটা ঘটনা অথবা পৰিৱৰ্তনশীল পৰিৱেশৰ প্ৰতি দেখুউৱা সঁহাৰি, যাৰ লগত সঘনে দেখিবলৈ পোৱা দেহতত্ত্বগত আৰু জৈৱৰাসায়নিক পৰিৱৰ্তনবোৰৰ মাজত পাৰ্থক্য আছে আৰু য'ত বিকাশৰ ফলস্বৰূপে দেখা দিয়া পৰিৱৰ্তনবোৰ বিবেচনা কৰা নহয়। " [4][5]

মানৱীয় আচৰণ[সম্পাদনা কৰক]

ভবা হয় যে মানৱীয় আচৰণ স্নায়ু-তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ দ্বাৰা প্ৰভাৱান্বিত। বহুপ্ৰচলিত বিশ্বাস যে জীৱ এটাৰ আচৰণত দেখা দিয়া জটিলতাৰ লগত তাৰ স্নায়ুতন্ত্ৰৰ জটিলতাৰ পাৰস্পৰিক সম্পৰ্ক আছে। তাতোকৈ জটিল স্নায়ুতন্ত্ৰ থকা প্ৰাণীয়ে নতুন নতুন সঁহাৰি শিকা আৰু সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ আচৰণ খাপ খুৱাই লোৱাত অধিক সামৰ্থ অৰ্জন কৰে।[6]

জীৱ-জন্তুৰ আচৰণ[সম্পাদনা কৰক]

চৰিত্ৰ-গঠন বিজ্ঞান হৈছে জীৱ-জন্তুৰ আচৰণৰ এক বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠ অধ্যয়ন। য'ত প্ৰাকৃতিক পৰিস্থিতিত দেখুউৱা আচৰণৰ ওপৰত আলোকপাত কৰা হয়। আৰু আচৰণক এক বিৱৰ্তনীয় অভিযোজিত চৰিত্ৰ হিচাপে লক্ষ্য কৰা হয়।[7] আচৰণবাদৰ পৰিভাষাই জীৱ-জন্তুৰ আচৰণ সম্পৰ্কে বৈজ্ঞানিক আৰু বস্তুনিষ্ঠ অধ্যয়ন আগবঢ়ায় য'ত বিৱৰ্তনীয় অভিযোজকৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান নকৰাকৈয়ে গৱেষণালব্ধ অনুষংগত প্ৰশিক্ষিত আচৰণগত সঁহাৰি অথবা উদ্দীপকৰ প্ৰতি দেখুৱা পৰিমিত সঁহাৰিক নিৰ্দেশিত কৰা হয়।[8]

উপভোক্তাৰ আচৰণ[সম্পাদনা কৰক]

উপভোক্তাৰ আচৰণে এটা বস্তু অথবা সেৱাৰ প্ৰতি উপভোক্তাসকলে দেখুউৱা সঁহাৰি আৰু পৰ্যায়বোৰক বুজায়;[9] (ডাউহান, ২০১৩)। ই ব্যৱহাৰ অথবা উপভোগৰ লগত জড়িত; আৰু পণ্য-দ্ৰব্য তথা সেৱাসমূহ ক্ৰয় অথবা উপভোগ কৰিবলৈ যাওঁতে উপভোক্তাই অতিক্ৰম কৰিবলগীয়া হোৱা পৰ্যায়কেইটাক ই চিহ্নিত কৰে,[10] (ৱাকা-ঝাইকা, ২০১৫)।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Hemakumara, Gpts; Rainis, Ruslan (2018). "Spatial Behaviour Modelling of Unauthorised Housing in Colombo, Sri Lanka". Kemanusiaan the Asian Journal of Humanities খণ্ড 25 (2): 91–107. doi:10.21315/kajh2018.25.2.5. https://www.researchgate.net/publication/327864214. 
  2. Elizabeth A. Minton, Lynn R. Khale (2014). Belief Systems, Religion, and Behavioral Economics. প্ৰকাশক New York: Business Expert Press LLC. ISBN 978-1-60649-704-3. 
  3. Levitis, Daniel; William Z. Lidicker, Jr; Glenn Freund (June 2009). "Behavioural biologists do not agree on what constitutes behaviour". Animal Behaviour খণ্ড 78: 103–10. doi:10.1016/j.anbehav.2009.03.018. PMID 20160973. PMC 2760923. http://academic.reed.edu/biology/courses/bio342/2010_syllabus/2010_readings/levitis_etal_2009.pdf. 
  4. Karban, R. (2008). Plant behaviour and communication. Ecology Letters 11 (7): 727–739, [1] Archived 4 October 2015 at the Wayback Machine.
  5. Karban, R. (2015). Plant Behavior and Communication. In: Plant Sensing and Communication. Chicago and London: The University of Chicago Press, pp. 1-8, [2].
  6. Gregory, Alan (2015). Book of Alan: A Universal Order. ISBN 978-1-5144-2053-9. 
  7. "Definition of ethology". Merriam-Webster. Retrieved 9 September 2016. 
  8. "Definition of behaviorism". Merriam-Webster. Retrieved 9 September 2016. 
    "Behaviourism". Oxford Dictionaries. Archived from the original on 5 September 2016. https://web.archive.org/web/20160905072335/http://www.oxforddictionaries.com/definition/english/behaviourism। আহৰণ কৰা হৈছে: 9 September 2016. 
  9. Dowhan, David (June 1, 2013). "Hitting Your Target". Marketing Insights. http://web.b.ebscohost.com/ehost/pdfviewer/pdfviewer?sid=f98b06cd-8924-4f6d-89f8-245bde9615f8%40sessionmgr198&vid=2&hid=124। আহৰণ কৰা হৈছে: 2016-03-30. [সংযোগবিহীন উৎস]
  10. Szwacka-Mokrzycka, Joanna (2015). "TRENDS IN CONSUMER BEHAVIOUR CHANGES. OVERVIEW OF CONCEPTS.". Acta Scientiarum Polonorum. Oeconomia. http://web.a.ebscohost.com/ehost/detail/detail?sid=83b2b7c5-d287-4702-8baf-b8b9d6665410%40sessionmgr4004&vid=0&hid=4112&bdata=JnNpdGU9ZWhvc3QtbGl2ZSZzY29wZT1zaXRl&preview=false#AN=112782281&db=bth। আহৰণ কৰা হৈছে: 2016-03-30. [সংযোগবিহীন উৎস]