ৱিকিপিডিয়া:ইতিবৃত্ত
ৱিকিপিডিয়া (
i/ˌwɪkɨˈpiːdi.ə/ বা
i/ˌwɪkiˈpiːdi.ə/ wik-i-pee-dee-ə) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ প্ৰকল্প।
| অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
|---|
|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.33.0-wmf.4 (b34307c)। |
| মুঠ প্ৰবন্ধ সংখ্যা ৫,০৩১ টা। |
| মুঠ পৃষ্ঠা আছে ৪০,৮৪৬ টা। |
| মুঠ সম্পাদনা কৰা হৈছে ১,৮৪,৫৫৬ বাৰ। |
| মুঠ ১,৩৬৯ টা ফাইল আপল'ড কৰা হৈছে। |
|
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ২১,২২৭ জন, সক্ৰিয় সদস্য ৬২ জন আৰু ৩ জন প্ৰশাসক আছে। |
| বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক। |
|
এই তথ্যসমূহ ১৭ নৱেম্বৰ, ২০১৮ তাৰিখৰ ২০:৪১ বজালৈ প্ৰযোজ্য। |
অসমীয়া গণবিশ্বকোষ (Assamese Open Content Wikipedia) হৈছে ৱিকিপিডিয়া বৃহত্তৰ প্ৰকল্পৰ এক অংশ। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে পৃথিবীৰ বিভিন্ন ভাষাত সকলোৱে বিনামূল্যে ব্যৱহাৰ কৰিব পৰা বিশ্বকোষ প্ৰস্তুত কৰা। মুক্ত উৎস চফ্টৱেৰ আৰু বিষয়-বস্তু আন্দোলন (open source software and content movement)ৰ ব্যাপক জনসমৰ্থন আৰু সুফলৰ এক উৎকৃষ্ট উদাহৰণস্বৰূপ এই গণবিশ্বকোষৰ ২০০১ চনত আৰম্ভ হোৱা ইংৰাজী সংকলনটোত বৰ্তমান প্ৰায় ৫ লাখতৈকও অধিক উৎকৃষ্ট মানৰ প্ৰবন্ধ আছে। ইয়াৰেই অনুকৰণ কৰি ভগ্নী প্ৰকল্প হিচাবে সৃষ্টি কৰা প্ৰায় শতাধিক পৃথিৱীৰ অন্যান্য বিভিন্ন ভাষাৰ সাৰ্বজনীন গণবিশ্বকোষ নিত্যবৰ্ধিত সংখ্যাইও এই প্ৰকল্পৰ কলেৱৰ বৃদ্ধিত অৰিহনা যোগাইছে।
ৱিকিপিডিয়া ইণ্টাৰনেটক কেন্দ্ৰ কৰি গঢ়ি উঠা এক মুক্ত জ্ঞানকোষ পৰিযোজনা । ই ৱিকি নামৰ এনে এটা ব্যৱস্থাৰে পৰিচালিত য’ত যি কোনো ব্যক্তিয়েই ইয়াৰ যিকোনো বিষয়কে সম্পাদনা কৰিব পাৰে ।ৱিকিপিডিয়া শব্দটো ৱিকি আৰু এনচাইক্ল’পিডিয়া (জ্ঞানকোষ) শব্দ দুটা মিলাই সৃষ্টি কৰা হৈছে । ৱিকিপিডিয়া এক বহুভাষিক প্ৰকল্প আৰু ই স্বেচ্ছাসেৱকৰ বৰঙনিৰে নিৰ্মিত ।ইণ্টাৰনেটৰ জৰিয়তে যিকোনো ব্যক্তিয়েই ইয়াত বৰঙণি আগবঢ়াব পাৰে আৰু সম্পাদনা কৰিব পাৰে । ৱিকিপেডিয়াৰ মূখ্য পৰিচালন কেন্দ্ৰ ফ্লৰিডাৰ টেম্পাত অৱস্থিত আৰু অতিৰিক্ত পৰিচালন কেন্দ্ৰ আমষ্টাৰডাম আৰু ছিউলত আছে ।
জ্ঞানকোষ নিউপিডিয়াৰ এক বৰ্ধিত প্ৰকল্প হিচাপে ইং ৫ জানুৱাৰী, চন ২০০১ ত ইয়াৰ আৰম্ভনি ঘটে। ৱিকিমেডিয়া ফাউণ্ডেচন নামৰ এক অলাভজনক সংস্থাৰ দ্বাৰা ই পৰিচালিত । ২০০৬ চনৰ মাজ ভাগলৈ ইয়াত মুঠ ৪৬ লাখতকৈও অধিক লিখনি আছিল আৰু কেৱল ইংৰাজী ভাষাতেই ১২ লাখতকৈ অধিক লিখনি আছিল। ই ২০০ তকৈও অধিক ভাষাত পৰিচালিত হৈ আছে আৰু ১৫টা ভাষাত ইতিমধ্যে ১৫ হাজাৰতকৈ অধিক লিখনি আছে । জাৰ্মান ভাষাত আনকি ইয়াৰ ডি.ভি.ডি. ও তৈয়াৰ আৰু বিতৰণ কৰা হৈছে । ৱিকিপেডিয়াৰ প্ৰতিষ্ঠাপক জিমি ৱেলচ্ৰ ভাষাত " বিশ্বৰ প্ৰতিজন ব্যক্তিৰ বাবে তেওঁলোকৰ নিজা নিজা ভাষাত এক বহুভাষিক, মুক্ত, সম্ভৱপৰ সকলোতকৈ অধিক গুণবিশিষ্ট এক বিশ্বকোষ তৈয়াৰ আৰু বিতৰন কৰাৰ এক প্ৰয়াস ।"
সূচী
ইতিহাস[সম্পাদনা কৰক]
ৱিকিপিডিয়া আৰম্ভ কৰা হৈছিল নিউপিডিয়াৰ এক বৰ্ধিত প্ৰকল্প হিচাবে। নিউপিডিয়া হ’ল ইংৰাজী ভাষাৰ মুক্ত বিশ্বকোষ য’ত অভিজ্ঞতা সম্পন্ন লিখক সকলে বিভিন্ন লিখনি লিখে আৰু এক সুনিৰ্দিষ্ট পদ্ধতি অনুসৰি লিখাসমুহ সম্পাদনা কৰা হয় । Bomis, Inc নামৰ এক প্ৰতিষ্ঠানে ৯ মাৰ্চ, ২০০০ চনত নিউপিডিয়াৰ কাৰ্যক্ৰম আৰম্ভ কৰে । যাৰ মুল মূল ব্যক্তি আছিল Bomic ৰ পৰিচালক জিমি ৱেলচ্ (Jimmy Wales) আৰু প্ৰধান সম্পাদক লেৰী চেংগাৰ (Larry Sanger) যি পৰৱৰ্ত্তীকালত উইকিপিডিয়াৰ কামৰ স’তে জড়িত হ’ল ।
বিভিন্ন ভাষাত ৱিকিপিডিয়া[সম্পাদনা কৰক]
জুলাই ২০০৬ লৈকে ৱিকিপিডিয়াত মুঠ ১৫১ টা সক্ৰিয় সংস্কৰণ আছিল আৰু ই ২২৯ টা ভাষাত আৰম্ভ হৈ উঠিছিল । বিভিন্ন ভাষাৰ সংস্কৰন সমূহে স্বতন্ত্ৰ ভাৱে কাৰ্য সম্পাদন কৰে আৰু ইয়াৰ আন আন ভাষাৰ সংস্কৰণ সমূহৰ লগত আপাততঃ কোনো সম্বন্ধ নাথাকে । এটা ভাষাত থকা লিখনি সমুহ আন এটা ভাষালৈ অনুবাদ কৰিবই লাগিব বুলি কোনো বাধ্য বাধকতা নাই আৰু স্বয়ংক্ৰিয় অনুবাদ ইয়াত বৰ্জনীয় । বিভিন্ন ভাষাৰ সংস্কৰণসমূহ ”নিৰপেক্ষ দৃষ্টিকোণ” সমভাৱাপন্ন নীতিৰে সজোৱা হ্য় । বিভিন্ন ভাষাৰ সংস্কৰণৰ লিখনি আৰু চিত্ৰ সমূহ ইণ্টাৰৱিকি (interwiki)ৰ দ্বাৰা সংযুক্ত কৰিব পৰা যায় । লিখনিৰ অনুবাদৰ বাবেও অনুৰোধ কৰিব পৰা যায় । মূখ্য ভাষা সমূহৰ ভিতৰত ইংৰাজী, জাৰ্মান, ফৰাচী, জাপানী, চুইডিছ, পতুৰ্গাল আৰু স্পেনিছ আদি প্ৰধান ।
অসমীয়া ৱিকিপিডিয়া[সম্পাদনা কৰক]
অসমীয়া ৱিকিপিডিয়াৰ কাম ২০০৬ চনতেই আৰম্ভ হয় যদিও স্বেচ্ছাসেৱকৰ অভাৱত ই এতিয়াও তেনেই শিশু অৱস্থাতেই আছে। অসমীয়া ৱিকিপিডিয়াত সম্প্ৰতি ৫,০৩১ টা প্ৰৱন্ধ আছে।
সম্পৰ্কীয় ভাৰ্ছন আৰু ভাষাসমূহ[সম্পাদনা কৰক]
| |||
ভগ্নী প্ৰকল্পসমূহ[সম্পাদনা কৰক]
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
| |
ৱিকিমিডিয়া কমন্স অংশীদাৰী মিডিয়া ভঁৰাল |
|
ৱিকিউক্তি উক্তিৰ সংগ্ৰহালয় |
|
ৱিকিবিশ্ববিদ্যালয় মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |
| |
ৱিকিগ্ৰন্থ মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
|
ৱিকিউৎস মুক্ত উৎসৰ পুথিভঁৰাল |
|
ৱিকিঅভিধান অভিধান আৰু সমাৰ্থক শব্দকোষ |
| |
ৱিকিসংবাদ মুক্ত উৎসৰ বাতৰি |
|
ৱিকিপ্ৰজাতি জীৱপ্ৰজাতি নিৰ্দেশিকা |
|
মেটাৱিকি ৱিকিমিডিয়া প্ৰকল্প সমন্বয় |