টুইটাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টুইটাৰ, ইনকৰ্পৰেট
প্ৰকাৰ ব্যক্তিগত প্ৰতিষ্ঠান
প্ৰতিষ্ঠা চেন ফ্ৰান্সিসকো, কেলিফোৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
প্ৰতিষ্ঠাপক জেক ডোৰচে
ইভান উইলয়ামছ
বিজ ষ্টোন
মূখ্য কাৰ্যালয় ৭৯৫ ফলচোম ষ্ট্ৰীট, চুইট ৬০০, চেন ফ্ৰান্সিসকো, কেলিফোৰ্নিয়া ৯৪১০৭, আমেৰিকা যুক্তৰাষ্ট্ৰ
কৰ্মৰ এলেকা বিশ্বব্যাপী
উল্লেখযোগ্য ব্যক্তি জেক ডোৰচে (চেয়াৰমেন)
ডিক কোচটোলো (চি অ)
ইভান উইলিয়ামছ (উৎপাদন কৌশল)
বিজ ষ্টোন (ক্ৰিয়েটিভ ডাইৰেক্টৰ)
ৰাজহ বৃদ্ধি US$3.04 বিলিয়ন (২০১৮)
Operating আয় বৃদ্ধি US$453 বিলিয়ন (২০১৮)
মুঠ আয় বৃদ্ধি US$1.2 বিলিয়ন (২০১৮)
Total assets বৃদ্ধি US$10.16 বিলিয়ন (২০১৮)
Total equity বৃদ্ধি US$6.8 বিলিয়ন (২০১৮)
কৰ্মচাৰী ৩,৯০০ (২০১৮)
শ্লোগান What's happening?
(অসমীয়া: কি হৈ আছে?)
ৱেবছাইট twitter.com
ৱেবছাইটৰ প্ৰকাৰ মোবাইল সামাজিক সংযোগী জালস্থান, মাইক্ৰব্লগিং
পঞ্জীকৰণ আৱশ্যক
ব্যৱহাৰকাৰী
  • ৩২১ মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰী
  • (ফেব্ৰুৱাৰী ২০১৯)
উপলব্ধ ভাষা বহুভাষিক
ইংৰাজী, স্পেনিছ, জাপানিজ, জাৰ্মান, ফৰাচী আৰু ইটালীয়
প্ৰচলন হয় জুলাই ১৫, ২০০৬
বৰ্তমানৰ স্থিতি চলি আছে
[1][2][3][4][5][6][7][8][9][10][11][12]

টুইটাৰ (ইংৰাজী: Twitter) হ’ল এটা ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত এক সামাজিক সংযোগ (চচিয়েল নেটৱৰ্কিং) ব্যৱস্থা আৰু মাইক্ৰব্লগিংৰ এটা জালস্থান বা ৱেবচাইট, য’ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ ১৪০টা আখৰৰ বাৰ্তা আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে। এই বাৰ্তাবোৰকে টুইট (tweet) বুলি নামকৰণ কৰা হৈছে। টুইটাৰৰ সদস্যসকলৰ টুইট কৰা বাৰ্তাবোৰ তেওঁলোকৰ প্ৰফাইল পাতত দেখা যায়। টুইটাৰৰ সদস্য সকলে অন্য সদস্যসকলৰ টুইট পঢ়াৰ বাবে অনুসৰণ বা follow কৰাটো ইয়াত আৱশ্যক। কোনো সদস্যৰ টুইট পঢ়াৰ বাবে যাৰ স’তে একলগ হৈছে সেইসকল অনুসৰণকাৰী (follower) বুলি কোৱা হৈছে।[13]

টুইট লিখিবৰ বাবে সদস্যসকলে টুইটাৰ ৱেবচাইট ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও মোবাইল ফোন বা এছএমএচৰ মাধ্যমৰেও টুইট লিখাৰ সুবিধা আছে।[14] টুইটাৰৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেন ফ্ৰান্সিস্কো চহৰত অৱস্থিত। তদুপৰি টেক্সাছৰ চেন এণ্টনি আৰু মাচাছ্যুচেটচৰ বষ্টনত টুইটাৰৰ চাৰ্ভাৰ আৰু শাখা কাৰ্যালয় আছে।

ইতিহাস[সম্পাদনা কৰক]

টুইটাৰৰ মুখ্য কাৰ্যালয়, চেন ফ্ৰান্সিচকো, কেলিফোৰ্নিয়া

২০০৬ চনৰ মাৰ্চ মাহৰ পৰা টুইটাৰৰ যাত্ৰা আৰম্ভ হৈছিল। তাৰপিছত ২০০৬ চনৰ জুলাই মাহত জেক ডৰ্চিয়ে আনুষ্ঠানিকভাৱে ইয়াৰ উদ্বোধন কৰে। বৰ্তমান টুইটাৰে সমগ্ৰ বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১০ চনৰ ৩১ অক্টোবৰ তাৰিখলৈকে টুইটাৰত ১৭৫ মিলিয়ন অৰ্থাৎ ১৭.৫ কোটিৰো বেছি সদস্য আছিল। [15] পৰিসংখ্যা অনুসৰি একেই সময়তে টুইটাৰত ১৯০ মিলিয়ন বা ১৯ কোটি সদস্য আছিল আৰু দৈনিক ৬৫ মিলিয়ন বা ৬.৫ কোটি টুইট বাৰ্তা, আৰু ৮ লাখ অনুসন্ধানৰ কাম সম্পন্ন হৈছিল।[16] টুইটাৰক ইয়াৰ বিশেষতা অনুসৰি ইণ্টাৰনেটৰ এছএমএচ বুলি অভিহিত কৰা হৈছে।[17]


টুইটবোৰ বিষয়[সম্পাদনা কৰক]

টুইটবোৰ বিষয়[18]
  বাতৰি
  স্পাম
  নিজৰ প্ৰচাৰ
  অৰ্থহীন কথা
  বাৰ্তালাপ
  Pass-along value

চেন এণ্টনিয়োৰ গৱেষণা প্ৰতিষ্ঠান পিয়েৰ এনালাইটিকচে আগষ্ট ২০০৯ত ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ (CTC সময় অঞ্চলৰ) মাজৰ আমেৰিকাৰ ২০০০ ইংৰাজী টুইট দুসপ্তাহৰ বাবে অধ্যয়ন কৰি টুইটসমূহক ছভাগত ভাগ কৰে:[18]

  • অৰ্থহীন কথা – ৪০%
  • বাৰ্তালাপ – ৩৮%
  • Pass-along value – ৯%
  • নিজৰ প্ৰচাৰ – ৬%
  • স্পাম – ৪%
  • বাতৰি – ৪%[18]


টুইটাৰৰ ল'গ'[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Dorsey, Jack (March 21, 2006). "just setting up my twttr". Twitter. https://www.twitter.com/jack/status/20। আহৰণ কৰা হৈছে: February 4, 2011. 
  2. "US SEC: Form 10-K Twitter, Inc.". U.S. Securities and Exchange Commission. https://www.sec.gov/Archives/edgar/data/1418091/000156459018003046/twtr-10k_20171231.htm। আহৰণ কৰা হৈছে: June 27, 2018. 
  3. "Twitter.com Traffic, Demographics and Competitors" (en ভাষাত). www.alexa.com. Archived from the original on April 22, 2020. https://web.archive.org/web/20200422054633/https://www.alexa.com/siteinfo/twitter.com। আহৰণ কৰা হৈছে: December 2, 2018. 
  4. "Twitter - Company". about.twitter.com. Archived from the original on November 4, 2019. https://web.archive.org/web/20191104185131/https://about.twitter.com/en_us/company.html। আহৰণ কৰা হৈছে: July 30, 2019. 
  5. April, Reuters (April 28, 2017). "Twitter CEO Jack Dorsey Recently Bought $9.5 million in Company Stock". Fortune. http://fortune.com/2017/04/28/twitter-ceo-dorsey-million-company-stock/। আহৰণ কৰা হৈছে: February 14, 2018. 
  6. "MoPub Terms of Service". https://www.mopub.com/legal/tos/. 
  7. "Twitter Search Is Now 3x Faster". April 6, 2011. https://blog.twitter.com/2011/twitter-search-is-now-3x-faster. 
  8. Humble, Charles (July 4, 2011). "Twitter Shifting More Code to JVM, Citing Performance and Encapsulation As Primary Drivers". InfoQ. http://www.infoq.com/articles/twitter-java-use। আহৰণ কৰা হৈছে: January 15, 2013. 
  9. "Twitter overcounted active users since 2014, shares surge on profit hopes". USA Today. https://www.usatoday.com/story/tech/news/2017/10/26/twitter-overcounted-active-users-since-2014-shares-surge/801968001/. 
  10. Arrington, Michael (July 15, 2006). "Odeo Releases Twttr". TechCrunch. AOL. https://techcrunch.com/2006/07/15/is-twttr-interesting/। আহৰণ কৰা হৈছে: September 18, 2010. 
  11. Shaban, Hamza. "Twitter's stock plunges 19% after it reports a decline in users". Los Angeles Timeswww.LATimes.com. http://www.latimes.com/business/la-fi-twitter-users-fake-accounts-stock-20180727-story.html। আহৰণ কৰা হৈছে: July 27, 2018. 
  12. "Twitter.com Traffic, Demographics and Competitors". www.alexa.com. Archived from the original on 2020-04-22. https://web.archive.org/web/20200422054633/https://www.alexa.com/siteinfo/twitter.com। আহৰণ কৰা হৈছে: 2019-08-16. 
  13. "There's a List for That". blog.twitter.com. October 30, 2009. http://blog.twitter.com/2009/10/theres-list-for-that.html। আহৰণ কৰা হৈছে: February 1, 2010. 
  14. "Using Twitter With Your Phone". Twitter Support. Archived from the original on 2010-03-15. https://web.archive.org/web/20100315200218/http://help.twitter.com/entries/14226-how-to-find-your-twitter-short-long-code। আহৰণ কৰা হৈছে: 2010-06-01. "We currently support 2-way (sending and receiving) Twitter SMS via short codes and 1-way (sending only) via long codes." 
  15. "Twitter: On-Track for 200 Million Users by Year's End". http://www.pcmag.com/article2/0,2817,2371826,00.asp। আহৰণ কৰা হৈছে: October 31, 2010. 
  16. "twitter.com - Quantcast Audience Profile". Quantcast.com. http://www.quantcast.com/twitter.com। আহৰণ কৰা হৈছে: 2010-10-30. 
  17. D'Monte, Leslie (April 29, 2009). "Swine flu's tweet tweet causes online flutter". Business Standard. http://www.business-standard.com/india/news/swine-flu%5Cs-tweet-tweet-causes-online-flutter/356604/। আহৰণ কৰা হৈছে: May 28, 2009. "Also known as the 'SMS of the internet', Twitter is a free social networking and micro-blogging service" 
  18. 18.0 18.1 18.2 Kelly, Ryan, ed (August 12, 2009). "Twitter Study – August 2009" (PDF format; Adobe Reader required). Twitter Study Reveals Interesting Results About Usage. প্ৰকাশক San Antonio, Texas: Pear Analytics. Archived from the original on July 15, 2011. http://www.pearanalytics.com/blog/wp-content/uploads/2010/05/Twitter-Study-August-2009.pdf। আহৰণ কৰা হৈছে: Jun 3, 2010 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]