সমললৈ যাওক

এনিগ্‌মা যন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(এনিগমা যন্ত্ৰৰ পৰা পুনঃনিৰ্দেশিত)
সামৰিক এনিগ্‌মা যন্ত্ৰ (কাঠৰ বাকচত)

এনিগ্‌মা যন্ত্ৰ (ইংৰাজী: Enigma machine) হৈছে এক বিশেষ সংকেতসূচক যন্ত্ৰ যিটো কুৰি শতিকাৰ প্ৰথমৰ পৰা মাজভাগলৈ ব্যৱহৃত কৰা হৈছিল। এনিগ্‌মা যন্ত্ৰৰ সহায়ত বাণিজ্যিক, ৰণনীতিক আৰু সামৰিক যোগাযোগ সুৰক্ষিত ভাৱে কৰা হৈছিল। ইয়াক ২য় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী দ্বাৰা জাৰ্মান সামৰিক বাহিনীৰ সকলো শাখাত প্ৰচুৰভাৱে ব্যৱহাৰ কৰা হৈছিল। জাৰ্মানীৰ এজন অভিযন্তা আৰ্থাৰ স্কিৰবিয়াছে প্ৰথম বিশ্বযুদ্ধৰ শেষৰফালে এনিগ্‌মা যন্ত্ৰটো সাজি উলিয়াইছিল।[1] ই মূলতঃ আছিল এক বিদ্যুৎ-চুম্বকীয় ঘূৰ্ণক যন্ত্ৰ। এটা এনিগ্‌মা যন্ত্ৰত বাৰ্তা এটাক কোটি কোটি উপায়েৰে সংকেতলৈ পৰিৱৰ্তন কৰিব পাৰি, যিয়ে বিপক্ষৰ বাবে সংকেতৰ অৰ্থ বুজি পোৱাটো অবিশ্বাস্যভাৱে কঠিন কৰি পেলায়।[2]

জাৰ্মানীৰ অভিযন্তা আৰ্থাৰ স্কিৰবিয়াছে এনিগ্‌মা যন্ত্ৰটো ১৯১৮ চনত সাজি উলিয়াইছিল। তেওঁ প্ৰথমে ইয়াক বাণিজ্যিক ভাৱে বিক্ৰী কৰিছিল, তেওঁৰ উদ্দেশ্যৰ সামৰিক ক্ষেত্ৰত বিক্ৰী কৰাৰ নাছিল।[3] পিছলৈ ইয়াক পৰিৱৰ্তন ঘটাই জটিল কৰি সামৰিক ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল।

কৰ্ম প্ৰণালী

[সম্পাদনা কৰক]

এনিগ্‌মা যন্ত্ৰটো এখন কীবোৰ্ড, লেম্প বোৰ্ড, ৰোটৰ, আৰু অভ্যন্তৰীণ ইলেক্ট্ৰনিক বৰ্তনীকে ধৰি কেইবাটাও অংশৰে নিৰ্মিত। সামৰিক ক্ষেত্ৰত ব্যৱহৃত মেচিনত অতিৰিক্তভাৱে প্লাগবোৰ্ডো আছিল।[2] এনিগ্‌মা যন্ত্ৰটোত যেতিয়া প্ৰতিবাৰ আখৰ এখন আন এটালৈ সলনি কৰা হৈছিল, গোটেই এনক'ডিং আঁচনিও সলনি হৈছিল। একেটা আখৰ দুবাৰ টিপিলে প্ৰতিবাৰে বেলেগ বেলেগ সংকেতিক আখৰ হৈছিল। যেতিয়া কীবোৰ্ডৰ এটা কী টিপা হয়, এক বা একাধিক ৰোটৰ এক নতুন ৰোটৰ কনফিগাৰেশন গঠন কৰে যি এটা আখৰক আন এটা হিচাপে এনকোড কৰিছিল। বিদ্যুত মেচিনৰ মাজেৰে প্ৰবাহিত হয় আৰু লেম্প বোৰ্ডত এটা ডিচপ্লে লেম্প জ্বলাই দিয়ে, যি আউটপুট আখৰটো প্ৰদৰ্শন কৰে। প্ৰতি মাহত, এনিগ্‌মা অপাৰেটৰবোৰে কোডবুক লাভ কৰিছিল যি নিৰ্ধাৰণ কৰিছিল মেচিনটোৱে প্ৰতিদিনে কোনটো ছেটিংছ ব্যৱহাৰ কৰিব। প্ৰতি ৰাতিপুৱা ছেটিংছ সলনি কৰা হৈছিল। ছেটিংছ সলনিয়ে এনিগ্‌মা যন্ত্ৰটোৰ বাৰ্তাক অধিক সুৰক্ষিত কৰিছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Singh, Simon (26 January 2011). The Code Book: The Science of Secrecy from Ancient Egypt to Quantum Cryptography. Knopf Doubleday Publishing Group. ISBN 978-0-307-78784-2. https://books.google.com/books?id=fbp9V9dkaNkC. 
  2. 2.0 2.1 2.2 "Enigma Machine". brilliant.org. https://brilliant.org/wiki/enigma-machine/। আহৰণ কৰা হৈছে: 20 October 2020. 
  3. "Enigma encoding machine". National Museums ScotlandNational Museums Scotland. Archived from the original on 5 December 2020. https://web.archive.org/web/20201205092909/https://www.nms.ac.uk/explore-our-collections/stories/science-and-technology/enigma-encoding-machine/। আহৰণ কৰা হৈছে: 20 October 2020.