উম-ফা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ক্ষেক উম-ফা হৈছে আহোম সকলে পালন কৰা এক প্ৰকাৰৰ উৎসৱ । উৎসৱ ৰ প্ৰধান উপাস্য দেৱতা হ'ল ফা ন্যুৰু লেংদন। এই লেংদন স্বৰ্গদেৱে চীনৰ ম্যু-ফী ৰাজ্যৰ পৰা খুন্লুং আৰু খুন্লাইক ম্যুৰি-মুংৰামলৈ পঠাওঁতে যি উৎসৱ পালন কৰা হৈছিল সিয়েই কালক্ৰমত ওম্ফা উৎসৱ ৰ ৰূপ গ্ৰহণ কৰা বুলি বিশ্বাস কৰা হয়। আহোম সকলে ৰাজ্য,প্ৰজা,ধন-ধান ঐশ্বৰ্য তথা শত্ৰু জয়ৰ বাবে এই উৎসৱ কৰিছিল। ওম্ফা উৎসৱ ত ফৰিং,হাহ,কুকুৰা,গাহৰি,ছাগলী,ম'হ আনকি হাতীও বলি দিয়া হৈছিল। এই উৎসৱ ৰ বাবে এখন আঠকোণীয়া বেদী নিৰ্মাণ কৰা হয় আৰু তিনিশ্ৰেণী দেৱতাৰ বাবে তিনিখন চাং সজা হয়। কেন্দ্ৰিয় বেদীত আহোম সকলৰ প্ৰাকৃতিক শক্তিৰ আধাৰ দেৱতা লেংদন (স্বৰ্গাধিপতি),লাংদিন(পৃথিৱী) খামখাও(জলদেৱতা) প্ৰভুতি সাতজনক উৎসৱ কৰা হয়। এই প্ৰধান দেৱতাসকলৰ বাহিৰেও ছেং মুন,ছেংবান (চন্দ-সূৰ্য আৰু জ্যাছিংফা (বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী) কো উপাসনা কৰা হয়। বেদীৰ সন্মুখত কল গছৰ খুটা এটা প্ৰতিষ্ঠা কৰি তাত একুৰি পাঁচ গছ চাকি দয় মা লং ফুৰা (প্ৰকৃতি দেৱতা) ৰ উদ্দেশ্যে প্ৰজ্বলিত কৰা হয়। অতীতক আহোম সকলে যুদ্ধ ক্ষেত্ৰত পৰিধান কৰা কৱচ ওম্ফা উৎসৱ ত বলি দান কৰা প্ৰাণীৰ তেজেৰে ব্যঞ্জিত কৰা হৈছিল আৰু এই উৎসৱ ৰ বলিৰ তেজেৰে স্বৰ্গদেউ প্ৰমুখ্যে আহোম সেনাপতি তথা সৈন্যসকলে কপালত তিলক পৰিধান কৰিছিল।[1] । তেওঁলোকে দেশ আৰু জাতিৰ মংগলৰ অৰ্থে দেৱতাৰ আশীৰ্বাদ বিচাৰি আৰু লগতে দেৱতাসকলৰ সন্তুষ্টিৰ অৰ্থে এই অনুষ্ঠান আয়োজন কৰে। পৰম্পৰাগতভাৱে এই অনুষ্ঠান সাধাৰণতে চ'ত মাহত অনুষ্ঠিত কৰা হয়।
অৰ্থ
[সম্পাদনা কৰক]উম -ফা শব্দৰ অৰ্থ হৈছে-'ওম' মানে উছৰ্গা কৰা আৰু 'ফ্ৰা' বা 'ফা' মানে দেৱতা,অৰ্থাৎ লেঙডন প্ৰমুখ্যে স্বৰ্গৰ দেৱতাসকলৰ প্ৰতি বিশ্বাসেৰে ক্ষেক আগবঢ়োৱাকে বুজায়। উম -ফা উৎসৱ ৰ প্ৰধান উপাস্য দেৱতা হৈছে টাই চাওফা সকলৰ প্ৰধান উপাস্য পুৰুষ 'লেঙডন'। লেঙডনে টাইসকলৰ উপাস্য দেৱতা 'লাওখ্ৰী' আৰু 'জাছিংফা'ৰ সৈতে আলোচনা কৰি খুনলুঙ্ আৰু খুন্ লাইক ম্যুঙৰি ম্যুঙৰামলৈ নমাই পঠাওতে যি বাৰ্ষিক উৎসৱ অনুষ্ঠিত কৰা হৈছিল সেই উৎসৱেই কালক্ৰমত 'উম -ফা উৎসৱ ' নামেৰে জনাজাত হ'ল। এই উৎসৱ ত সম্পূৰ্ণ বলি-বিধান পদ্ধতিৰে উপৰিপুৰুষ দেৱতাসকললৈ ক্ষেক আগবঢ়োৱা হয়।
উম -ফা ক্ষেক উপলক্ষ্যে এটা আঠকোণীয়া বেদী বা দেওঘৰ নিৰ্মাণ কৰা হয়। কেন্দ্ৰীয় বেদীত সাতজন প্ৰধান টাইসকলৰ উপৰিপুৰুষলৈ নৈবেদ্য আগবঢ়োৱা হয়। এই সাতোজন উপৰিপুৰুষ প্ৰাকৃতিক শক্তিৰ আধাৰস্বৰূপ। ইয়াৰ উপৰিও এই উৎসৱ ত চন্দ্ৰ,সূৰ্য আৰু জাছিংফাক ক্ষেক কৰা হয়।
ৰু'এন চাও-ছেঙ
[সম্পাদনা কৰক]উম -ফা উৎসৱ ৰ থলী তিনি শাখাত বিভক্ত। পূবফালে কেন্দ্ৰীয় বেদীৰ সন্মুখত হ'-ফিত অন্তৰীক্ষৰ আঠজন প্ৰধান আহোমসকলৰ উপৰিপুৰুষ দেৱতাৰ পাঙ্ পতা হয়। মূল দেওশালৰ দক্ষিণ দিশত থাকে স্থানীয় উপৰিপুৰুষসকল অৰ্থাৎ ৰু'এন চাও ছেঙ কুলা। পশ্চিমফালে পতা 'হাবিদেওশাল'ত লাংকুৰি প্ৰমুখ্যে পৃথিৱীৰ সীমান্তৱৰ্তী উপৰিপুৰুষ দেৱতাসকলক ক্ষেক দিয়া হয়। প্ৰতিখন দেওশালতে বহুজন দেৱ-দেৱীক বিভিন্ন বিধিৰে তৰ্পণ আগবঢ়োৱা হয়।
ইতিহাস
[সম্পাদনা কৰক]অসমত চ্যুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি পোনপ্ৰথমে উম -ফা ক্ষেক আৰম্ভ কৰে। আৰু তেতিয়াৰ পৰাই এই ক্ষেক আহোমসকলে পালন কৰি আহিছে। নিয়ম অনুসৰি প্ৰতি বাৰ বছৰৰ মূৰে মূৰে এই ক্ষেক অনুষ্ঠিত কৰা হয়। শেহতীয়াকৈ ২০১৬ চনত লাকুৱাৰ ৰঙাগড় আমলখি দেওশালত উম -ফা ক্ষেক অনুষ্ঠিত কৰা হৈছিল।
উৎসৱ ৰ সামগ্ৰিক বিধি
[সম্পাদনা কৰক]উম -ফা ক্ষেক আৰম্ভ হোৱাৰ প্ৰায় এক সপ্তাহৰ পূৰ্বে উৎসৱ ৰ দায়িত্বত থকা মলুঙ্ সকলৰ ঘৰত জ্ঞানৰ গুৰু জাছিংফালৈ ক্ষেক যাতে ভালদৰে পৰিচালনা কৰিব পাৰে তাৰ বাবে সেৱা আগবঢ়োৱা হয়। ইয়াৰ উপৰিও উৎসৱ ৰ প্ৰায় তিনিদিন পূৰ্বে পুনৰ উপৰিপুৰুষৰ পৰা ক্ষেক কৰিবৰ বাবে আশিস আৰু আজ্ঞা বিচাৰে। এই কাৰ্য মলুঙ্ সকলৰ ঘৰত অতি পবিত্ৰ বুলি জ্ঞান কৰা আৰু পূৰ্বাপৰ ৰীতি অনুসৰি উপৰিপুৰুষক পূজি অহা 'ডামচুক'ত সম্পন্ন কৰা হয়। অন্যহাতেদি প্ৰায় দহদিনমান আগৰে পৰা উম -ফা উৎসৱ লৈ নিমন্ত্ৰণ পোৱা মলুঙ্ সকলে আত্মস্থ হৈ ঘৰৰ ভিতৰতে সাধনাৰ মনোভাৱেৰে খোৱা-লোৱা আদি সকলো নিয়ম মানি এক সংযমীৰূপত সময় অতিবাহিত কৰাৰ নিয়ম। এই একেবোৰ নিয়মকে উম -ফা লৈ আমন্ত্ৰণ পোৱা দেউৰীসকলেও মানি চলিব লাগে। উম -ফা উৎসৱ ৰ তিনিওখন শালতে তিনিজন দেউৰী থাকে। ইয়াৰ লগতে এজন ঘাই পুৰোহিত বা বৰদেউৰী থাকে। বৰদেউৰীয়ে উৎসৱ ৰ সাতদিন আগৰ পৰা ব্ৰত পালন কৰে। বাকী তিনিজনে তিনিদিন আগৰপৰা ব্ৰত পালন কৰে। উৎসৱ স্থলীলৈ যাওঁতে তেওঁলোকে গাড়ী বা অন্য কোনো বাহনত যাব নোৱাৰে,খোজকাঢ়ি উৎসৱ স্থলীলৈ যায় আৰু যাওঁতে বাটত এক অস্বাভাৱিক উকি মাৰি মাৰি যায়। উল্লেখ্যযোগ্য যে বাটত নদী থাকিলেও নাৱেৰে পাৰ নহৈ সাঁতুৰি পাৰ হোৱাহে নিয়ম। পুৰোহিত বা দেউৰীয়ে এখন বগাঢাৰিৰ চুৰীয়া, মূৰত কলপটুৱাৰ টুপি আৰু হাতত কলপটূৱাৰে বনোৱা গামখাৰু পিন্ধে। উম -ফা উৎসৱ ত প্ৰতিটো কাৰ্যতে কলপাতৰ ব্যৱহাৰ অপৰিহাৰ্য। উৎসৱ ৰ থলীত কোনো ৰঙচঙীয়া কাপোৰ পৰিধান নকৰে আৰু মহিলাসকলে সেইকেইদিন শিৰত আৰু কপালত সেন্দূৰ নলয়।
উৎসৱ ৰ আগদিনা পুৰোহিত সকলে তিনিওখন দেওশালৰ বাবে মটঘৰ তৈয়াৰ কৰে। কলপটুৱা আৰু মধুনাৰে মটঘৰ সজা,পাত-পটুৱা কটা,তামোল-পাণ কটা,বাঁহৰ কাঠিৰে বিভিন্ন উপচাৰ দিবৰ বাবে মেহেঙা বা ফুন সজা আদি সকলো কাম প্ৰায় ৬০-৭০ গৰাকী মুলুঙে নিশাটোৰ ভিতৰতে শেষ কৰে। সকলো যাৱতীয় কাম কৰাৰ পূৰ্বে এটা ডাঙৰ মতা কুকুৰা মাৰি কৰাইগুড়ি আৰু পচলাৰ ভাজি 'খহনি খোৱা' বুলি নামলাও খায় আৰু উৎসৱ ৰ দিনটোৰ সৰ্বতোপ্ৰকাৰৰ মংগলৰ বাবে ফুৰা অৰ্থাৎ ইশ্বৰক প্ৰাৰ্থনা জনায়। মলুঙ্ সকলে সভক্তিৰে দেৱতাসকলক পিছদিনাৰ সেৱাৰ থলীলৈ নামি আহিবলৈ আহ্বান জনায়। ইয়াক 'দেও নমুৱা' বোলা হয়।
বৰদেওশাল আৰু হিন্দুশাল স্থাপন কৰোঁতে ওপৰত চালি দিয়া হয়,কিন্তু হাবিদেওশাল এজোপা ডাঙৰ বৰগছৰ তলত পতা হয় আৰু ওপৰত চালি নাথাকে।
উৎসৱ ৰ দিনা দেউৰীয়ে কাহিলী পুৱাতে গা ধুই,ধূপ-ধূনা জ্বলাই আনুষ্ঠানিকভাৱে উৎসৱ ৰ শুভাৰম্ভ কৰে। বৰদেউৰীয়ে মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে মাদলিয়ালে মাদল বজায়। বৰদেউৰীয়ে বৰদেওশালত সম্পূৰ্ণ টাই আহোম ভাষাত মন্ত্ৰ মাতি উপৰিপুৰুষ দেৱতাসকলক আহ্বান জনোৱাৰ লগে লগে হিন্দুশাল আৰু হাবিদেওশালতো উপৰিপুৰুষ দেৱতাসকলক প্ৰাৰ্থনা জনাই ক্ষেক গ্ৰহণ কৰিবলৈ আহ্বান জনাই। মাদলিয়ালে মাদলি বজোৱাৰ লগে লগে তিনিখন দেওশালতে দেউৰীৰ গাত চেঙ্ উঠে (দেও লম্ভে)। উম -ফা উৎসৱ ত বিভিন্ন জীৱ-জন্তু বলি দিয়া হয়। আৰু সেই বলি দিয়া জীৱ-জন্তুৰ তেজ পান কৰি দেও উঠা দেউৰীকেইজনে অস্বাভাৱিক আচৰণ কৰে। দেউৰীৰ গাত দেও উঠি থকাৰ সময়ত ৰাইজে ব্যক্তিগত শুভাশুভ সম্পৰ্কে প্ৰশ্ন সুধি নিজৰ,সমাজৰ, দেশৰ মংগল অমংগলৰ কথা জানিব বিচাৰে। ইয়াৰ পাছত মন্ত্ৰ মাতি পানী ধৰা কাৰ্য শেষ কৰি ঞাপুলক পানী(শান্তিয়নী পানী) পুৰোহিতে বেদীসমূহত ছটিয়ায়। এই জৰা পানী পণ্ডিতসকলেও মূৰত লয় আৰু খায়। এজনে ৰাইজৰ মাজত গৈয়ো উক্ত জৰা পানী ছটিয়ায়। ইয়াকে টাই আহোম ভাষাত 'নাম-জাৰিও জাৰাই কৰা' বোলে। এই নাম জাৰিও জাৰাই কৰোঁতে টাই ভাষাৰ এক মন্ত্ৰ উচ্চাৰণ কৰা হয়।
সকলোৰে মংগলাৰ্থে অপায়-অমংগল,মহামাৰী আদিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই দেৱ-দেৱীসকলক ক্ষেক দি উম -ফা ক্ষেক সম্পন্ন কৰা হয়। [2]