কলা (জীৱ বিজ্ঞান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উদ্ভিদৰ স্কেৰেণকাইমা, প্ৰস্থচ্ছেদ।
মানুহৰ হাওঁফাওঁৰ অন্তৰৱৰ্তী কলা সমূহৰ অণুবীক্ষণীয় দৃশ্য।

জীৱবিজ্ঞানকলা হৈ নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টি।

কলাৰ ইংৰাজী প্ৰতিশব্দ ''tissue'', ফ্ৰান্স শব্দ ''tissu''ৰ অনুৰূপ। যাৰ অৰ্থ হৈছে বোৱা।

মানুহ আৰু অন্য পশু ইত্যাদিৰ কলা সম্পৰ্কীয় অধ্যয়নক হিষ্ট'লজি আৰু চিকিৎসাবিজ্ঞানৰ ক্ষেত্ৰত ইয়াক হিষ্ট'পেথালজি বুলি কোৱা হয়। উদ্ভিদৰ ক্ষেত্ৰত এই অধ্যয়নক প্লেণ্ট এনাটমী বুলি কোৱা হয়। সাধাৰণতে কলা সম্বন্ধীয় অধ্যয়নৰ বাবে খনিজ মমৰ সজ্জা আহিলা হিচাপে ব্যৱহাৰ কৰা হয়, য'ত কলা সমূহ দৃঢ়ভাৱে সংলগ্ন কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াক বিভক্ত কৰা হয়।

উদ্ভিদ কলা[সম্পাদনা কৰক]

উদ্ভিদৰ কাণ্ডৰ প্ৰস্থচ্ছেদ:
১. মজ্জা
২. সংবহন গুচ্ছ
৩. জাইলেম
৪. ফ্লোৱেম
৫. ক্ল'ৰেণকাইমা
৬. কৰ্টেক্স
৭. বৰ্হিস্ত্বক

উদ্ভিদবোৰ স্থিৰ। উদ্ভিদৰ সৰহসংখ্যক কলাই আন কলাক শক্তি প্ৰদান কৰাৰ বাবে সহায়কাৰী কলা হিচাপে কাম কৰে। উদ্ভিদ দেহৰ সৰহখিনি কলাই হ'ল মৃত। উদ্ভিদৰ ক্ষেত্ৰত মৃত কোষেও জীৱিত কোষৰ দৰে শাৰীৰিক শক্তি প্ৰদান কৰে। এই মৃত কোষবোৰক সামান্য পৰিচৰ্যাৰ প্ৰয়োজন হয়। উদ্ভিদ দেহৰ বৃদ্ধি  কোনো এক অঞ্চলত সীমাবদ্ধ হৈ থাকে। ইহঁতৰ গোটেই জীৱন জুৰি একেখিনি কলাই বিভাজিত হৈ থাকে।

ভাজক কলা(Meristematic Tissue)[সম্পাদনা কৰক]

উদ্ভিদৰ বৃদ্ধি কেৱল মাত্ৰ কিছুমান নিৰ্দিষ্ট অংশতহে সংঘটিত হয়। এই অংশ সমূহ কিছুমান বিভাজনশীল কলাৰে গঠিত। এই কলাবোৰকে ভাজক কলা বোলে। স্থান অনুসৰি ভাজক কলাক অগ্ৰস্থ ভাজক কলা(Apical meristem), পাৰ্শ্বীয় ভাজক কলা(Lateral meristem) আৰু নিবেশিত ভাজক কলা(Intercalary meristem) বুলি শ্ৰেণী বিভাজন কৰা হৈছে। ভাজক কলাৰ পৰা নতুনকৈ উৎপত্তি হোৱা কোষবিলাকো প্ৰাৰম্ভিক অৱস্থাত ভাজক কলাৰ দৰে বিভাজনক্ষম। ক্ৰমান্বয়ে বাঢ়ি গৈ পৈণত হোৱাৰ পিছত সিহঁতৰ বৈশিষ্ট্যগত চৰিত্ৰ সমূহ লাহে লাহে লুপ্ত হয় বা পৰিৱৰ্তন ঘটে। অগ্ৰস্থ ভাজক কলাবিলাক উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকি কাণ্ড আৰু শিপাৰ দৈঘ্য বৃদ্ধিত সহায় কৰে। পাৰ্শ্বীয় ভাজক কলাই কাণ্ডৰ কলেৱৰ বৃদ্ধি কৰাত সহায় কৰে। নিবেশিত ভাজক কলা উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰি অংশত বা গা-গছৰ গাঁঠিৰ কাষত থাকে। এই সক্ৰিয় কোষবিলাকৰ কোষপ্ৰৰসৰৰ ঘনত্ব বেছি, ছেলুল'জেৰে গঠিত কোষবেৰখন পাতল আৰু কোষকেন্দ্ৰটো সুস্পষ্ট হৈ থাকে। এই কোষবিলাকত ৰসধানী নাথাকে।

স্থায়ী কলা(Permanent Tissue)[সম্পাদনা কৰক]

সৰল স্থায়ী কলা[সম্পাদনা কৰক]

জটিল স্থায়ী কলা[সম্পাদনা কৰক]

প্ৰাণী কলা[সম্পাদনা কৰক]

আচ্ছাদক কলা(Epithelial Tissue)[সম্পাদনা কৰক]

সংযোজক কলা(Connective Tissue)[সম্পাদনা কৰক]

পেশীকলা(Muscular Tissue)[সম্পাদনা কৰক]

স্নায়ুকলা(Nervous Tissue)[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]