কাৰ্লো ৰ'ভেলী
Jump to navigation
Jump to search
কাৰ্লো ৰ'ভেলী | |
---|---|
![]() | |
জন্ম | ৩ মে', ১৯৫৬ (৬৪ বছৰ) ভেৰোনা, ইটালী |
বাসস্থান | ফ্ৰান্স |
জাতীয়তা | ইটালিয়ান |
ক্ষেত্ৰ | তাত্ত্বিক পদাৰ্থবিজ্ঞানী |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | Marco Toller |
জনা যায় |
|
প্ৰভাৱ | Chris Isham |
উল্লেখনীয় বঁটা | Prix du Rayonnement International (2004) |
স্বাক্ষৰ![]() |
কাৰ্লো ৰ'ভেলী (ইংৰাজী: Carlo Rovelli) এগৰাকী তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু লেখক। ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মজীৱনৰ আৰম্ভণি কৰা কাৰ্লো ৰ'ভেলীয়ে ২০০০ চনৰ পৰা ফ্ৰান্সত কাম কৰি আহিছে।[1] তেওঁৰ কৰ্মই প্ৰকৃততে কোৱাণ্টাম গ্ৰেভিটিৰ ক্ষেত্ৰখনক সাঙুৰি লায়। তেওঁ লুপ কোৱাণ্টাম গ্ৰেভিটি নামৰ তত্ত্বটোৰ এজন প্ৰতিষ্ঠাপক। ইতিহাস আৰু বিজ্ঞান-দৰ্শনৰ ক্ষেত্ৰখনলৈও তেখেতে অৱদান আগবঢ়াইছে। তেওঁৰ ছেভেন ব্ৰিফ লেছন্ছ অন্ ফিজিক্স নামৰ জনপ্ৰিয় বিজ্ঞানভিত্তিক কিতাপখন প্ৰথমে ইটালিয়ান ভাষাত ২০১৪ চনত প্ৰকাশ পাইছিল। বৰ্তমানলৈকে এই গ্ৰন্থখন ৪১টা ভাষালৈ অনুবাদ কৰা হৈছে। বিশ্বজুৰি গ্ৰন্থখনৰ এক মিলিয়নতকৈও অধিক ক'পী বিক্ৰি হৈছে।[2]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Resume". http://www.cpt.univ-mrs.fr/~rovelli/vita.pdf.
- ↑ Carlo Rovelli (2017-07-25). "Carlo Rovelli: 'I felt the beautiful adventure of physics was a story that had to be told'". https://www.theguardian.com/books/2017/jul/25/carlo-rovelli-i-felt-the-beautiful-adventure-of-physics-was-a-story-that-had-to-be-told। আহৰণ কৰা হৈছে: 2018-04-05.