কুৱালালামপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কুআলা লামপুৰৰ পৰা পুনঃনিৰ্দেশিত)
কুৱালালামপুৰ
—  ফেডাৰেল টেৰিটৰী আৰু নগৰ  —
ফেডাৰেল টেৰিটৰী অৱ কুৱালালামপুৰ
ৱিলায়াহ পাৰ্ছেকুটুন কুৱালা লামপুৰ
জাৱী: ولايه ڤرسكوتوان کوالا لومڤور
অন্যান্য transcription(s)
 • মালয় কুৱালা লামপুৰ
 • জাৱী کوالا لومڤور
 • চীনা 吉隆坡
 • তামিল கோலாலம்பூர்
KL Composite2.jpgশীৰ্ষৰ বাঁওফালৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত ক্ৰমে: পেট্ৰ’নছ টুইন টাৱাৰছ, পেটালিং ষ্ট্ৰীট, জামেক মঠ আৰু গোম্বাক/ক্লাং নদীৰ সংগম, নেচনেল মনুমেণ্ট, নেচনেল মস্ক অৱ মালয়েছিয়া, স্কাইলাইন অৱ কেএল. চেণ্টাৰ: কেএল টাৱাৰ

পতাকা

মোহৰ
অন্য নাম: কেএল, গাৰ্ডেন চিটি অৱ লাইটছ
নীতি বাক্য: মাজু ডান মাকমুৰ
(অসমীয়া: উন্নতি আৰু সমৃদ্ধি)
মালয়েছিয়াৰ মেপত কুৱালালামপুৰ
মালয়েছিয়াৰ মেপত কুৱালালামপুৰ
ভৌগোলিক স্থানাংক: 3°8′N 101°41′E / 3.133°N 101.683°E / 3.133; 101.683স্থানাংক: 3°8′N 101°41′E / 3.133°N 101.683°E / 3.133; 101.683
ৰাষ্ট্ৰ  মালয়েছিয়া
প্ৰশাসনিক অঞ্চলসমূহ
তালিকা
প্ৰতিস্থা ১৮৫৯[1]
নগৰ হিচাপে ১ ফেব্ৰুৱাৰী ১৯৭২
ফেডাৰেল টেৰিটৰী হিচাপে ১ ফেব্ৰুৱাৰী ১৯৭৪
চৰকাৰ
 - মেয়ৰ (ডাটুক বান্দাৰ) মঃ আমিন নুৰদিন আব্দুল আজিজ
মাটিকালি
 - ফেডাৰেল টেৰিটৰী আৰু নগৰ ২৪৩ কি.মি. 
(৯৩.৮ বৰ্গ মিটাৰ)
 - মহানগৰ ২,২৪৩.২৭ কি.মি. 
(৮৬৬.১ বৰ্গ মাইল)
উচ্চতা[3] ৬৬ মিটাৰ (২১৬.৫৪ ফুট)
জনসংখ্যা (২০১৫)[4]
 - ফেডাৰেল টেৰিটৰী আৰু নগৰ ১৭,৬৮,০০০ (প্ৰথম) জন
 - জনঘনত্ব ৬,৮৯১ প্ৰতি বৰ্গ কি.মি. 
(১৭,৩১০ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ ৭২,০০,০০০'"`UNIQ--ref-০০০০০০০১-QINU`"' জন
 - মহানগৰৰ জনঘনত্ব ৬,৫৮১ প্ৰতি বৰ্গ কি.মি. 
(এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "" প্ৰতি বৰ্গ মাইল)
 - জাতীয়তা কেএল-আইট /কুআলা লামপুৰিয়ান জন
মানৱ উন্নয়ন সুচাংক
 - HDI (২০১০) ০.৭৯৫ (উচ্চ) (২য়)
সময় অঞ্চল এমএছটি (গ্ৰী.মা.স.+৮)
ডাক নম্বৰ ৫০০০০ৰ পৰা ৬০০০০
মান সৌৰ সময় ইউটিচি + ০৬:৪৬:৪৮
দূৰভাষৰ ক'ড ০৩
যান-বাহনৰ পঞ্জীয়ন V আৰু W (ভাড়া গাড়ীৰ বাহিৰে অন্য সকলো বাহন)
HW (কেৱল ভাড়া গাড়ীৰ বাবে)
ISO 3166-2 MY-14
ৱেবছাইট www.dbkl.gov.my

কুৱালালামপুৰ (ইংৰাজী: Kuala Lumpur; /ˈkwɑːləˈlʊmpʊər/ বা /-pər/),[5] চৰকাৰী নাম ফেডাৰেল টেৰিটৰী অৱ কুৱালা লামপুৰ, হৈছে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ৰাজধানী তথা ইয়াৰ সৰ্ববৃহৎ নগৰ। নগৰখনৰ মাটিকালি প্ৰায় 243 বৰ্গ কি.মি. (94 বৰ্গ মাইল) আৰু ২০১৫ চনৰ আনুমানিক জনসংখ্যা হৈছে ১.৭ নিযুত।[6] ক্লাং উপত্যাকা নামেৰেও জনাজাত গ্ৰেটাৰ কুয়ালা লামপুৰ হৈছে এক সামূহিক নগৰ। ২০১৩ চনত ইয়াৰ জনসংখ্যা আছিল ৭.২ নিযুত। জনসংখ্যা আৰু অৰ্থনৈতিক দিশৰ পৰা ই হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন দ্ৰুত বিকাশশীল মহানগৰীয় অঞ্চল।

কুৱালালামপুৰ হৈছে মালয়েছিয়া সংসদৰ এক আসন। এসময়ত নগৰখন ফেডাৰেল চৰকাৰৰ কাৰ্যকৰী আৰু ন্যায়িক শাখা আছিল, কিন্তু ১৯৯৯ চনৰ আদিতে শাখাসমূহ পুত্ৰজয়লৈ স্থানান্তৰ কৰা হয়।[7] ৰাজধানী চহৰ কুৱালা লামপুৰত এতিয়াও কিছু উপবিভাগ আছে। মালয়েছিয়াৰ ৰজাৰ চৰকাৰী আৱাস, ইষ্টানা নেগাৰাও কুআলা লামপুৰতেই আছে। আলফা ৱৰ্ল্ড চিটি হিচাপে বিবেচিত কুৱালা লামপুৰ হৈছে মালয়েছিয়াৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু বিত্তীয় কেন্দ্ৰস্বৰূপ।

কুৱালা লামপুৰ হৈছে মালয়েছিয়াৰ তিনিখন ফেডাৰেল টেৰিটৰীৰ ভিতৰত এখন,[8] ইয়াৰ পৰিক্ষেত্ৰ মালয়েছিয়া উপদ্বীপৰ মধ্য পশ্চিম সমুদ্ৰতীৰত থকা ছেলাংগৰ ৰাষ্ট্ৰৰ ভিতৰত।[9] ১৯৯০ চনৰে পৰা নগৰখনত বহুতো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া, ৰাজনৈতিক আৰু সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত হৈ আহিছে। ১৯৯৮ চনত কমনৱেলথ গেইমছ আৰু ফৰ্মূলা ৱান গ্ৰাণ্ড প্ৰিক্স ইয়াতেই অনুষ্ঠিত হৈছিল। ইয়াৰোপৰি মালয়েছিয়াৰ গৌৰৱ তথা উন্নয়নৰ প্ৰতীক, বিশ্বৰ আটাইতকৈ ওখ যমজ অট্টালিকা, দ্য পেট্ৰ'নাছ টুইন টাৱাৰছ ইয়াতেই আছে।

ইতিহাস[সম্পাদনা কৰক]

গোম্বাক (বাঁও) আৰু ক্লাং (সোঁ) নদীৰ সংগমস্থলত অৱস্থিত জামেক মঠ। নদী তীৰৰ পূৱ দিশে কুয়ালা লামপুৰত আদিতে নিৰ্মিত এক স্থাপত্য (ছবিত সোঁ ফালে দেখা গৈছে)।

নাম[সম্পাদনা কৰক]

কুআলা লামপুৰ মানে "পংকিল সংগম"; কুআলা মানে সেই বিন্দু য'ত দুখন নদী লগ লাগে বা তিনিসোঁতী, আৰু লামপুৰ মানে "বোকা"।[10]

কলা-সংস্কৃতি[সম্পাদনা কৰক]

নেচনেল মিউজিয়ামত প্ৰদৰ্শিত মালয়েছিয়াৰ ইতিহাস

কোআলা লামপুৰ মালয়েছিয়াৰ বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপ আৰু অনুষ্ঠানৰ কেন্দ্ৰ স্বৰূপ। এনে কেন্দ্ৰসমূহৰ ভিতৰত মাহামেৰু ঘাইপথৰ কাষত অৱস্থিত নেচনেল মিউজিয়াম প্ৰধান। ইয়াত সংগ্ৰহিত বিভিন্ন কলাকৃতি আৰু পেইণ্টিংসমূহ জগত বিখ্যাত।[11] কোআলা লামপুৰৰ অন্য এটা প্ৰধান আকৰ্ষণ হৈছে ইছলামিক আৰ্ট মিউজিয়াম, ইয়াত প্ৰায় সাত সহস্ৰাধিক ইছলামিক কলাকৃতি তথা ইছলামিক সাংস্কৃতিক সমলৰ এটা পুথিভঁৰাল আছে।[12] এই সংগ্ৰহালয়ত কেৱল মধ্য পূৱৰ সমলেই সংগ্ৰহিত হৈ থকা নাই, ইয়াত চীন আৰু দক্ষিণ এছিয়াৰ দৰে এছিয়াৰ বিভিন্ন অঞ্চলৰ সমল সংগ্ৰহ কৰি ৰখা হৈছে। কোআলা লামপুৰত সংগ্ৰহালয়ৰ সৈতে সংলগ্ন এটা ক্ৰাফ্ট কমপ্লেক্স আছে, ইয়াত বিভিন্ন বয়ন শিল্প, ধাতৱ শিল্প আৰু থলুৱা উৎপাদ প্ৰদৰ্শিত কৰা হয়। সামগ্ৰীসমূহ উৎপাদনৰ সকলো তথ্য, পক্ৰিয়া ডায়োৰামা আৰ্হিত ঐতিহাসিক বিৱৰণ তথা কৌশল আৰু পৰম্পৰাগত নিৰ্মান সৰঞ্জামৰ সৈতে পুতলাৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। এনে পক্ৰিয়াসমূহৰ ভিতৰত কাঠৰ আচবাব নিৰ্মান, ৰূপৰ শাল, কাপোৰৰ কলা আৰু নাও নিৰ্মান আদি উল্লেখযোগ্য।[13]

পেট্ৰ'নাছ ফিলহাৰমনিক হল হৈছে কোআলা লামপুৰত অৱস্থিত প্ৰদৰ্শন কলাৰ এক মঞ্চ। ইয়াৰ স্থায়ী অৰ্কেষ্ট্ৰা হৈছে মালয়েছিয়ান ফিলহাৰমনিক অৰ্কেষ্ট্ৰা। এই অৰ্কেষ্ট্ৰাত সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংগীত শিল্পীয়ে নিয়মীয়া কনচাৰ্ট, চেম্বাৰ কনচাৰ্ট আৰু পকম্পৰাগত সংগীত পৰিৱেশন কৰে।[14]

কোআলা লামপুৰত নেচনেল আৰ্ট গেলাৰী অৱ মালয়েছিয়া, দ্য নেচনেল থিয়েটাৰ (ইষ্টানা বুদায়া) আৰু নেচনেল লাইব্ৰেৰী আছে।

কোআলা লামপুৰত প্ৰত্যেক বছৰে ইণ্টাৰনেচনেল গৌৰমেণ্ট ফেষ্টিৱেল অনুষ্ঠিত কৰা হয়।[15] কোআলা লামপুৰত অনুষ্ঠিত অন্য এটা বাৰ্ষিক অনুষ্ঠান হৈছে কোআলা লামপুৰ ফেশ্বন ৱিক,[16] ইয়াত বহু স্থানীয় আৰু অন্তঃৰাষ্ট্ৰীয় ডিজাইনাৰ ব্ৰেণ্ডে অংশগ্ৰহণ কৰে।

কোআলা লামপুৰ বৰ্তমান এই অঞ্চলৰ এক আধুনিক কলা-সংস্কৃতি, উন্মোচন আৰু সৃষ্টিশীল উদ্যোগ বিকাশৰ কেন্দ্ৰলৈ পৰিণত হৈছে। ইয়াত আন্তঃৰাষ্ট্ৰীয় সৃষ্টিশীল উদ্যোগ অনুষ্ঠান, ক্ৰিয়েটিভ.এছিয়া (Kreative.Asia) অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত পৰিৱেশন কলা, সংস্কৃতি, সমল আদিৰ সৃষ্টি, বিকাশ আৰু যোগানধৰোতা স্থানীয়, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পাৰদৰ্শী লোক সমবেত হয়। সংগীত, কলা, সংস্কৃতি আৰু যোগাযোগৰ বিনিময়ত কোআলা লামপুৰ বিশেষভাবে আগবঢ়া।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "মালয় চেলিব্ৰেটছ, ১৯৫৯". ব্ৰিটিছ পাথে. http://www.britishpathe.com/video/malaya-celebrates। আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৬. 
  2. "কেএল অন দি ৱে টু মেগাচিটি ষ্টেটাছ". ফ'কাছ মালয়েছিয়া. Archived from the original on 2014-12-19. https://web.archive.org/web/20141219134216/http://focusmalaysia.my/Assets/KL%20on%20track%20to%20megacity%20status। আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৬. 
  3. "মালয়েছিয়া ইলেভেশ্বন মেপ (ইলেভেশ্বন অৱ কুআলা লামপুৰ)". ফ্লাড মেপ : ৱাটাৰ লেভেল ইলেভেশ্বন মেপ. Archived from the original on ২২ আগষ্ট ২০১৫. http://www.floodmap.net/elevation/ElevationMap/?gi=1735161। আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৬. 
  4. "পপুলেশ্বন বাউ ষ্টেট এণ্ড এথনিক গ্ৰুপ". ডিপাৰ্টমেণ্ট অৱ ইনফৰমেশ্বন, মিনিষ্ট্ৰী অৱ কমিউনিকেশ্বন এণ্ড মাল্টিমিডিয়া, মালয়েছিয়া. ২০১৫. Archived from the original on ১২ ফেব্ৰুৱাৰী ২০১৬. https://web.archive.org/web/20160212125740/http://pmr.penerangan.gov.my/index.php/info-terkini/19463-unjuran-populasi-penduduk-2015.html। আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৬. 
  5. কেএল এট্ৰেকশ্বন, এক্টিভিটিছ এণ্ড হোৱাটছ অন ইন কেএল – টাউম আউত কুৱালা লামপুৰটাইমআউটকেএল.কমৰ পৰা ১৬ নৱেম্বৰ ২০১৬ত আহৰণ কৰা হৈছে।
  6. "ফেডাৰেল টেৰিটৰী অৱ কুৱালা লামপুৰ". ডিপাৰ্টমেণ্ট অৱ ষ্টেটিছটিক্স, মালয়েছিয়া. Archived from the original on 2016-06-23. https://web.archive.org/web/20160623213303/https://www.statistics.gov.my/index.php?r=column%2Fcone&menu_id=bjRlZXVGdnBueDJKY1BPWEFPRlhIdz09। আহৰণ কৰা হৈছে: 2016-11-16. 
  7. "পুত্ৰজায়া – এডমিনিষ্ট্ৰেটিভ কেপিটেল অৱ মালয়েছিয়া". গভৰ্ণমেণ্ট অৱ মালয়েছিয়া. Archived from the original on ২১ অক্টোবৰ ২০০৭. https://web.archive.org/web/20071021194523/http://www.gov.my/MyGov/BI/Directory/Government/AboutMsianGov/PutrajayaFederalAdminCapital/। আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৬. 
  8. জিয়ং চুন হাই @ইব্ৰাহিম, এণ্ড নোৰ ফাৎজলিনা নাৱি। (২০০৭)। প্ৰিঞ্চিপলছ অৱ পাবলিক এডমিনিষ্ট্ৰেশ্বৱ: এন ইণ্ট্ৰ’ডাক্সন কুৱালা লামপুৰ পাব্লিকেশ্বন। ISBN 978-983-195-253-5
  9. "টেৰিটৰিয়েন এক্সটেণ্ট". ষ্টেট অৱ মালয়েছিয়া. statoids.com. http://www.statoids.com/umy.html। আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৬. 
  10. "কুয়ালা ইন ইংলিছ". গ্ল'ছবি. https://glosbe.com/ms/en/kuala. 
  11. "Main Page". Muzium Negara Malaysia. Archived from the original on 1 January 2008. https://web.archive.org/web/20080101125611/http://www.museum.gov.my/?lang=en। আহৰণ কৰা হৈছে: 11 December 2007. 
  12. "Main". Islamic Arts Museum Malaysia. Archived from the original on 18 December 2007. https://web.archive.org/web/20071218060811/http://www.iamm.org.my/main.php। আহৰণ কৰা হৈছে: 11 December 2007. 
  13. "Craft Cultural Complex Kuala Lumpur – Kompleks Budaya Kraf". Archived from the original on 24 February 2011. https://web.archive.org/web/20110224212511/http://kualalumpurcityguide.com/366/craft-cultural-complex-kuala-lumpur-kompleks-budaya-kraf/। আহৰণ কৰা হৈছে: 19 November 2010. 
  14. "Meet the MPO". Malaysian Philharmonic Orchestra. Archived from the original on 28 August 2007. https://web.archive.org/web/20070828210827/http://www.malaysianphilharmonic.com/orc_members.php। আহৰণ কৰা হৈছে: 11 December 2007. 
  15. "Main". Malaysia International Gourmet Festival. Archived from the original on 12 October 2007. https://web.archive.org/web/20071012015752/http://www.migf.com/home.html। আহৰণ কৰা হৈছে: 13 December 2007. 
  16. "Kuala Lumpur Fashion Week 2005". People's Daily Online. http://english.peopledaily.com.cn/200505/04/eng20050504_183700.html। আহৰণ কৰা হৈছে: 13 December 2007.