কৃষ্ণবস্তু বিকিৰণ

পদাৰ্থত বিজ্ঞানত কৃষ্ণবস্তু বিকিৰণ (ইংৰাজী: Black-body radiation) মানে হৈছে পদাৰ্থৰ অভ্যন্তৰীণ তথা পাৰ্শ্বৱৰ্তী পৰিবেশত সংঘটিত এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ,য'ত চৌপাশৰ লগত ইয়াৰ উষ্মাগতিক সাম্যতা বৰ্তি থাকে। কৃষ্ণবস্তুৰ ইংৰাজী প্ৰতিশব্দ 'ব্লেক ব'ডি' পোনপ্ৰথমে ১৮৬০ চনত গুস্তাভ কাশৰ্ফে ব্যৱহাৰ কৰি এই পৰিঘটনাক ব্লেক ব'ডি ৰেডিয়েচন বুলিছিল। কোয়াণ্টাম বলবিজ্ঞানত এই পৰিঘটনাৰ এক বিশেষ গুৰুত্ব আছে। কৃষ্ণবস্তুত কোনো প্ৰতিফলন নঘটে,ইয়াত কেৱল শক্তিৰ শোষণ হয়। ৭০০ কেলভিন বা তাতকৈ কম তাপমাত্ৰাৰ কৃষ্ণবস্তুৰ দৃশ্যমান তৰংগদৈৰ্ঘ্যই অতি কমকৈ শক্তি বিকিৰণ কৰে,যাৰ কাৰণে ইয়াৰ ৰঙ ক'লা বা কৃষ্ণবৰ্ণৰ। তাপমাত্ৰাৰ বৃদ্ধি পালে হালধীয়া,কমলা,বগা,নীলা,নীলা-বগা আদিলৈ ৰঙৰ পৰিৱৰ্তন হয়। এটা অন্ধকাৰ কোঠাত,তাৰ উষ্ণতাত কৃষ্ণবস্তৱে অৱলোহিত বিকিৰণ কৰে,ইয়াক অৱশ্যে খালী চকুৰে দেখা নাযায়।
কৃষ্ণ-বস্তু বিকিৰণ গ্ৰহ-নক্ষত্ৰৰ পৰা নিৰ্গমন হোৱা শক্তিৰ আসন্ন মান নিৰ্ধাৰণ কৰাত সহায়ক হয়।