কোটোহা বাঁহ
অৱয়ব
কোটোহা বাঁহ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
গণ: | Bambusa |
প্ৰজাতি: | arundinacea |
কোটোহা বাঁহ (বৈজ্ঞানিক নাম:Bambusa arundinacea) গ্ৰেমিনি (Grsmineae) পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বাঁহ।[1] এই বাঁহ ঘন ঘনকৈ জোপোহা আকাৰে উৎপন্ন হয়।
বিৱৰণ
[সম্পাদনা কৰক]কোটোহা বাঁহৰ গাইগুটীয়া গাঁঠিবোৰ ঘন ঘন হয় আৰু দুটা গাঁঠিৰ মধ্যভাগত বিকশিত হোৱা পাব (internode) বিলাকত থকা চুঙাৰ ফোঁপোলা সামান্য হয়। গাঁঠিবিলাকৰ পৰা ওলাই অহা চেকনিবোৰে বাঁহজোপাক মেৰিয়াই ধৰে।[1]
বাঁহৰ মুঢ়াৰ পৰা পোখা ওলাই গাঁজৰ উৎপত্তি হয়। অন্যন্য বাঁহৰ প্ৰজাতিৰ দৰেই এই বাঁহ গাজৰ গাঁঠিবোৰত বৌখাৰ উৎপত্তি হয়। বৌখাৰ উপৰিভাগত চুটি চুটি শুঙৰ আৱিৰ্ভাৱ হয়।