দোৰোলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(খোল (পাত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
এটা দোৰোলা

দোৰোলা বা দোনা হৈছে কলগছৰ পটুৱাৰে নিৰ্মিত এবিধ দ-পাত্ৰ।[1] কলগছ কাটি গা-গছৰ তৰপবোৰ এৰুৱাই তাৰেই দোৰোলা তৈয়াৰ কৰা হয়। ইয়াত কেৱল কলগছৰ বাহিৰে কোনো ধৰণৰ আন পৰ্দাথৰ প্ৰয়োজন নহয়। সাধাৰণতে অসমীয়া সমাজত সেৱা-সকামত কোমল চাউল দৈ জাতীয় জলপান আৰু ভোজত আঞ্জা খাবলৈ দোৰোলা পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি ধাৰ্মিক কাম-কাজত বিভিন্ন ধৰণে দোৰোলা ব্যৱহাৰ হয়। দান দিয়া কাৰ্যত পাত্ৰ হিচাপে দোৰোলা ব্যৱহাৰ কৰা হয়, পূজাৰ নৈবেদ্য, ফুল-তুলসী, পদজল আদি ৰাখিবলৈ সৰুকৈ দোৰোলা সাজি লোৱা হয়। অসমীয়া সমাজত যিকোনো অনুষ্ঠান যেনে মৃতকৰ শ্ৰাদ্ধ, বিয়া আদিৰ পূৰ্বে গাঁৱৰ পুৰুষসকলে হজ হিচাপে দোৰোলা চিলোৱা কাম কৰা দেখা যায়।[2] কলগছৰ পৰা নিৰ্মাণ হোৱা বাবে ব্যৱহাৰৰ পিছত এই আৱৰ্জনাই পৰিৱেশৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে। ই সহজে পচন যোগ্য।[3]

অন্যান্য নাম[সম্পাদনা কৰক]

দোৰোলাক বিভিন্ন নামেৰে জনা যায়-[1][4]

  • খোল
  • খালি
  • দোং বা ডোং
  • দোনা
  • ডোঙা
  • পটুৱা আদি

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]