সমললৈ যাওক

গুণ্টুৰ সান্নাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গুন্টুৰ সান্নামৰ পৰা পুনঃনিৰ্দেশিত)
গুন্টুৰ সান্নাম জলকীয়া
প্ৰজাতি Capsicum annuum
উৎস India
জলা জলা
স্কোভিল স্কেল 35,000–40,000 SHU

গুণ্টুৰ সান্নাম (Guntur Sannam) বা Capsicum annuum var. Longhum এবিধ সুপৰিচিত জলকীয়া সমূহৰ ভিতৰত অন্যতম। গোটেই পৃথিৱীতে এই জলকীয়াৰ ব্যাপক চাহিদা।[1][2] ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলা আৰু তেলঙ্গানা ৰাজ্যৰ ৱাৰেংগেল আৰু খাম্মাম জিলাৰ বিস্তৃত অঞ্চলত গুণ্টুৰ জলকীয়াৰ খেতি কৰা হয়।

উৎপত্তি

[সম্পাদনা কৰক]

গুণ্টুৰ সান্নাম জলকীয়া Capsicum annuum প্ৰজাতিৰ জলকীয়া। মচলা আৰু পাচলি হিচাপে ব্যৱহাৰৰ বাবে বাণিজ্যিক ভাবে গুণ্টুৰ সান্নাম জলকীয়া খেতি কৰা হয়। ভাৰতীয়সকলৰ জনমুৰি ব্যৱহৃত মচলাৰ এক বুজন অংশ জলকীয়াই আৱৰি আছে।

প্ৰায় ৪০০ বছৰ ধৰি ভাৰতত জলকীয়াৰ খেতি কৰি থকা হৈছে। জলকীয়া উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰিছে। ভাৰতত উৎপাদিত মুঠ জলকীয়াৰ ৪৬% অন্ধ্ৰ প্ৰদেশ ৰাজ্যত উৎপাদিত হয় আৰু জলকীয়া উৎপাদনত অন্ধ্ৰ প্ৰদেশ ভাৰতৰ শীৰ্ষস্থান অধিকাৰী ৰাজ্য। এই জলকীয়াৰ নামেই প্ৰমাণ কৰে যে ই অন্ধ্ৰ প্ৰদেশৰ মৌলিক জলকীয়া। জলকীয়াৰ ওপৰত গৱেষণাৰ বাবে তিনি দশক পূৰ্বে অন্ধ্ৰ প্ৰদেশ চৰকাৰে গুণ্টুৰত এটি আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে।[3] বৰ্তমান সময়ত জলকীয়া সেই অঞ্চলৰ প্ৰধান অৰ্থকাৰী ফচল আৰু এই জাতৰ জলকীয়া খেতিয়কৰ সকলৰ জীৱিকাৰ উৎস হিচাপে পৰিণত হৈছে।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

তেলেগু শব্দ সান্নামৰ অৰ্থ মিহি। নামৰ দ্বাৰাই ফলৰ বৈশিষ্ট্য প্ৰকাশ পায়। গুণ্টুৰ সাম্মামৰ অৰ্থ হৈছে গুটুৰ অঞ্চলত উৎপাদিত মিহি জলকীয়া

গুণ্টুৰ জলকীয়া প্ৰধানকৈ ডিচেম্বৰৰ পৰা ফল লাগিব আৰম্ভ হয়। বছৰি প্ৰায় ২৮০,০০০ টন গুণ্টুৰ সান্নাম জলকীয়া উৎপন্ন হয়। সৰ্বোচ্চ ফল পাবলৈ এটি নিৰ্দিষ্ট ব্যৱস্থা অৱলম্বন কৰি গুণ্টুৰ সান্নামৰ খেতি সম্পন্ন কৰা হয়। এই ফচল অতি সহজে ৰোগাক্ৰান্ত হয়। সেয়ে ভাল ফল পাবলৈ বিশেষ যত্ন আৰু লক্ষ্য প্ৰয়োজন।

গুণ্টুৰ সান্নামৰ বিভিন্ন তথ্য Factsheet
কৃষি অঞ্চল অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান, অসম
কৃষিৰ সময় জানুৱাৰীৰ পৰা এপ্ৰিল অথবা ডিচেম্বৰৰ পৰা মে'
ASTA Colour Value ৩২.১১
জলাৰ মাত্ৰা ০.২২৬%
বাৰ্ষিক উৎপাদন ২৮০,০০০ টন

অঞ্চল ভেদে উৎপাদন

[সম্পাদনা কৰক]

ভৌগোলিক অঞ্চল হিচাপে গুটুৰ সান্নাম জলকীয়া প্ৰধানত অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাতে কৃষি, প্ৰক্ৰিয়াকৰণ আৰু বজাৰিকৰণ কৰা হয়। গুন্টুৰ সাম্মাম জলকীয়াৰ বৃদ্ধিৰ বাবে উষ্ণ আৰু আদ্ৰ জলবায়ু উপযোগী আৰু পকাৰ সময়ত শুষ্ক জলবায়ু প্ৰয়োজন।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]