ছাৰ জৰ্জ আব্ৰাহাম গ্ৰীয়াৰ্ছন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছাৰ জৰ্জ আব্ৰাহাম গ্ৰীয়াৰ্ছন এজন ভাষাবিজ্ঞানী, আইৰিছ ভাষাৰ পণ্ডিত আৰু এজন লোকসেৱাৰ চাকৰিয়াল।

জন্ম আৰু পৰিচয়[সম্পাদনা কৰক]

জন্ম ঃ ৭ জানুৱাৰী, ১৮৫১ খ্ৰীষ্টাব্দ, গ্লিনাগেৰি (Glenageary), ডলিন, আয়াৰলেণ্ড। মৃত্যু : ৯ মাৰ্চ, ১৯৪১ খ্ৰীষ্টাব্দ, কেম্বাৰ্লি (Camberly), ছুৰে (Sur-rey), ইংলেণ্ড।

কৰ্মৰাজি আৰু অৱদান[সম্পাদনা কৰক]

৩৬৪টা ভাষাৰ আৰু উপভাষাৰ বিভিন্ন তথ্য সংগ্ৰহ কৰি প্ৰণয়ন কৰা Linguistic Survey of India (১৮৯৮ খ্ৰীঃৰ – ১৯২৮ খ্ৰীষ্টাব্দ) গ্ৰন্থৰ বাবে বিশেষভাৱে বিখ্যাত। - ডাব্‌লিন Trinity College-ত গণিত শাস্ত্ৰৰ ছাত্ৰ হৈ থাকোঁতেই গ্ৰীয়াৰ্ছনে সংস্কৃত আৰু হিন্দীত পুৰস্কাৰ লাভ কৰিছিল। ১৮৭৩ খ্ৰীষ্টাব্দত গ্ৰীয়াৰ্ছন বেংগললৈ যায় আৰু তাতেই চৰকাৰী চাকৰি কৰি থকা অৱস্থাতেই ১৮৯৮ খ্ৰীষ্টাব্দলৈকে তেওঁ ভাষা বিষয়ক গৱেষণা কৰ্মত মনোযোগ দিয়ে। এই গৱেষণাৰ ফল হিচাপে গৱেষণা পত্ৰ, পুনৰীক্ষণ লেখা (Review) আৰু গ্ৰন্থবিলাক ১৮৭৭ খ্ৰীষ্টাব্দত প্ৰথম প্ৰকাশ হয়। গ্ৰীয়াৰ্ছনৰ গৱেষণা গ্ৰন্থসমূহৰ ভিতৰত দুখন গ্ৰন্থ হ’ল 'Seven Gram- mars of Dialects and Subdialects of the Bihari Language' (১৮৮৩ – ১৮৮৭ খ্ৰীষ্টাব্দ) আৰু 'Bihar Peasant Life' (১৮৮৫) উল্লেখযোগ্য। ‘Bihar Peasant Life' গ্ৰন্থত বিহাৰৰ কৃষকসকলৰ জীৱন ধাৰণৰ বৰ্ণনা, পাম নিৰ্মাণ আৰু জনবিশ্বাস এইবোৰ থকাৰ উপৰি ভালেমান ভাষাতাত্ত্বিক তথ্যৰ সম্ভেদ পোৱা যায়। তেওঁৰ গৱেষণাৰ হিন্দী ভাষা, উত্তৰ-পশ্চিমৰ দৰ্দীয় ভাষা আৰু কাশ্মিৰী ভাষালৈকে সম্প্ৰসাৰিত হৈছিল। ১৮৯৮ খ্ৰীষ্টাব্দত গ্ৰীয়াৰ্ছনে Linguistic Survey-ৰ কাম আৰম্ভ কৰে আৰু তাৰ পৰৱৰ্তী একুৰি দহোটা বছৰ ভাষাবিষয়ক বিভিন্ন তথ্য সংগ্ৰহ কৰি প্ৰায় আঠ হাজাৰ পৃষ্ঠাৰ ঊনৈশটা খণ্ডৰ বৃহৎ আকাৰৰ ভাষাতাত্ত্বিক অধ্যয়নৰ গ্ৰন্থ Linguistic Survey of India প্ৰণয়ন কৰে। এই গ্ৰন্থখনৰ পাঁচোটা খণ্ড ইন্দো-ইউৰোপীয় ভিন্ন ভাষা সম্পৰ্কীয় আৰু এইকেইটা ন’ৰৱে ভাষাবিদ Sten Konow-এ প্ৰস্তুত কৰিছিল আৰু বাকীখিনি গ্ৰীয়াৰ্ছনে প্ৰস্তুত কৰে। Linguistic Survey of India গ্ৰন্থখন ভাৰতবৰ্ষত প্ৰাপ্ত ইন্দো-ইউৰোপীয়, চীনীয়, অষ্ট্ৰ’-এছীয় আৰু দ্ৰাবিড় পৰিয়ালৰ ভাষা সম্পৰ্কে একত্ৰে আলোচনা কৰা হৈছে। শব্দমালাৰ উপৰি ভাষাসমূহৰ থুলমূল ব্যাকৰণ, চমু পাঠৰ নমুনা সংযোজিত হৈছে। ১৯০৩ খ্ৰীষ্টাব্দৰপৰা কেম্বাৰ্লিত থকা তেওঁৰ ঘৰৰপৰাই কাম কৰি তেওঁ ‘A Dictionary of the Kashmiri Language' (১৯১৬ ৰপৰা ১৯৩২ খ্ৰীষ্টাব্দ) প্ৰকাশ কৰিছিল। ১৯১২ খ্ৰীষ্টাব্দত তেওঁক নাইট (Knight) উপাধি প্ৰদান কৰা হৈছিল।