তোটয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

তোটয় হৈছে হিন্দু ধৰ্মৰ বৈষ্ণৱ পন্থাৰ অনুগামীসকলে ভগৱান বিষ্ণুৰ উপাসনাৰ উদ্দেশ্যে ৰচনা আৰু পৰিৱেশন কৰা একধৰণৰ স্তুতিগীত।

তোটয় শব্দটো সংস্কৃত ভাষাৰ তোটক শব্দৰ পৰা আহিছে। [1] চন্দ্ৰকান্ত অভিধানৰ মতে মূল সংস্কৃত শব্দ তোটকৰ অৰ্থ হৈছে, বাৰটা আখৰ থকা এবিধ ছন্দযুক্ত নাম। ইয়াৰ প্ৰত্যেক চৰণৰ আখৰবিলাক ভাগ কৰিলে তাৰ প্ৰতি ভাগৰ আখৰ দুটাৰ উচ্চাৰণ লঘু আৰু তৱতীয়টোৰ উচ্চাৰণ গুৰু হয়। [2] হেমকোষ অভিধানতো টোতক অভিধাৰে বাৰটা আখৰযুক্ত স্বৰৰ এবিধ ছন্দক বুজোৱা হৈছে। এই অভিধান অনুসৰি শংকৰদেৱ, মাধৱদেৱ আদি ধৰ্ম প্ৰচাৰকসকলে তোটয় ভগৱান বিষ্ণুৰ স্তৱ বা স্তুতি হিচাপে ৰচনা কৰিছিল।

তোটয় গাওঁতে সুৰ সংযোগ কৰা হয় যদিও ভটিমাৰ দৰে তাল বিহীন ভাৱে গোৱা হয়। শংকৰদেৱে ৰচনা কৰা কেৱল এটা তোটয়হে বৰ্তমানলৈকে প্ৰাপ্ত হৈছে। সেয়া তলত উল্লেখ কৰা হৈছে। [1][2]

মধু-দানৱ-দাৰণ-দেৱ-বৰম্
বৰ-বাৰিজ-লোচন-চক্ৰ-ধৰম্।
ধৰণী-ধৰ-ধাৰণ-ধ্যেয়-পৰম্
পৰমাৰ্থ-বিদ্যাশুভ-নাশ-কৰম।।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 পূৰ্ণানন্দ ভূঞা (২০২১). শংকৰী সংস্কৃতিৰ আভাস. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৪৬. 
  2. 2.0 2.1 "চন্দ্ৰকান্ত অভিধান". গুৱাহাটী বিশ্ববিদ্যালয়, চিকাগো বিশ্ববিদ্যালয়ৰ অনলাইন ৰেপ'জিটৰী. https://dsal.uchicago.edu/dictionaries/candrakanta/। আহৰণ কৰা হৈছে: October 11, 2021.