থাইৰয়ড ৰোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(থাইৰয়ড গ্ৰন্থিৰ বিকাৰৰ পৰা পুনঃনিৰ্দেশিত)
থাইৰয়ড গ্ৰন্থিৰ বিকাৰ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
আই.চি.ডি.-10 E00-E07, Q89.1-Q89.2
আই.চি.ডি.-9 240-246, 759.1-759.2
মেডলাইন প্লাছ 001159
MeSH D013959

থাইৰয়ড ৰোগ বুলিলে থাইৰয়ড গ্ৰন্থিসমূহৰ বিভিন্ন প্ৰকাৰৰ বিকাৰকে বুজোৱা হয়।

ৰোগ[সম্পাদনা কৰক]

মানুহৰ শৰীৰত সংঘটিত ৰাসায়নিক লাগতিয়াল ক্ৰিয়াসমূহক মেটাবলিজম বোলে। মেটাবলিজম হ'ল দুই প্ৰকাৰৰ ক্ৰীড়াৰ সমষ্টি। কেটাবলিজম - অৰ্থাৎ শক্তি উৎপাদনৰ বাবে কোষৰ বিঘটন ঘটোৱা। এনাবলিজম - কোষৰ বাবে লাগতিয়াল তত্ত্বসমূহ উৎপন্ন কৰা। এই মেটাবলিজমক নিয়ন্ত্ৰণ কৰে থাইৰয়ড হৰমোনে। থাইৰয়ড গ্ৰন্থিয়ে কেলচিটচিন নামৰ আৰু এবিধ হৰমোন উৎপাদন কৰাৰ উপৰিও প্ৰটিন সৃষ্টি কৰে। থাইৰয়ড নামৰ উৎপত্তি গ্ৰীক শব্দৰ পৰা হৈছে,যাৰ অৰ্থ হ'ল ঢাল আৰু থাইৰয়ড গ্ৰন্থিৰ আকৃতি দৰাচলতে এখন ঢালৰ দৰেই। মস্তিষ্কৰ পিটিউটেৰি গ্ৰন্থিৰ পৰা ওলোৱা থাইৰয়ড ষ্টিমুলেটিং হৰমোনে (টি এচ এইচ) থাইৰয়ডৰ হৰমোনৰ উৎপাদনক নিয়ন্ত্ৰণ কৰে। আকৌ হাইপোথেলামাচৰ পৰা নিৰ্গত হোৱা থাইৰোট্ৰপিন ৰিলিজিং হৰমোনে (টি আৰ এইচ) পিটিউটেৰিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে। থাইৰয়ডৰ পৰা নিৰ্গত হোৱা থাইৰয়ড হৰমোন দুবিধৰ নাম হ'ল- ট্ৰাইআয়োডোথাইৰোনিন (টি-৩) আৰু টেট্ৰাআয়োডোথাইৰোনিন (টি-৪ বা থাইৰস্কিন)। আয়োডিন আৰু টাইৰোচিন নামৰ এমাইনো এচিডৰ দ্বাৰা টি-৩ আৰু টি-৪ সৃষ্টি হয়। ইয়াৰে টি-৩ হ'ল সক্ৰিয় ৰূপ, আৰু টি-৪ৰে টি-৩লৈ ৰূপান্তৰিত হৈহে ক্ৰিয়া কৰে। থাইৰয়ড হৰমোন কমি গলে পিটিউটেৰীৰ পৰা থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) বেচিকৈ উৎপন্ন হয় আৰু ইয়াৰ বিপৰীতে থাইৰয়ড হৰমোন বাঢ়ি গলে থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) কমকৈ উৎপন্ন হয়। গতিকে থাইৰয়ডৰ ৰোগ চিনাক্ত কৰিবলৈ তেজত টি এচ এইচৰ পৰিমাণ পৰীক্ষা কৰাটো অপৰিহাৰ্য্য।

হায়পোথাইৰয়ডিজম[সম্পাদনা কৰক]

ৰোগৰ কাৰণ[সম্পাদনা কৰক]

শৰীৰত থাইৰয়ড হৰমোনৰ কম উৎপাদন হলে আৰু টি এচ এইচ বেচি হলে হায়পোথাইৰয়ডিজম ৰোগৰ লক্ষণে দেখা দিয়ে। সাধাৰণতে তলৰ কাৰণসমূহৰ বাবে হাইপোথাইৰয়ডিজম হয়:-

  • থাইৰয়ডৰ জন্মগত বিকৃতি
  • অট' ইমিউন বিজুতি যেনে হাচিমট'চ থাইৰয়ডাইটিচ, প'ষ্টপাৰ্টাম থাইৰয়ডাইটিচ
  • থাইৰয়ডৰ কেঞ্চাৰ বা আন অসুখত অপাৰেচন কৰি থাইৰয়ডৰ অংশ কাটিলে
  • বিভিন্ন ঔষধ - মানসিক ৰোগৰ বাবে ব্যৱহৃত লিথিয়াম, হৃদৰোগত ব্যৱহৃত এমিঅ'ডাৰন, হায়পাৰথাইৰয়ডিজমৰ বাবে ব্যৱহৃত মেথিমাজল আৰু প্ৰপাইলথায়োইউৰাচিল, হাঁপানি-ব্ৰংকাইটিচ আৰু থাইৰয়ডৰ বিভিন্ন চিকিৎসাত ব্যৱহৃত পটেচিয়াম আয়োডায়েড
  • মস্তিষ্ক,ডিঙি আৰু থাইৰয়ডৰ কেঞ্চাৰত ৰেডিঅ'থিৰাপি ললে
  • খাদ্যত আয়ডিনৰ অতিমাত্ৰা অভাৱ হলে (উদাহৰণ -হিমালয়ৰ পাদদেশ, জাইৰে, দক্ষিণ আমেৰিকাৰ চাইল, এণ্ডিচ আদি অঞ্চল)
  • শ্বিহান চিণ্ড্ৰমত গৰ্ভৱতী মহিলাৰ ৰক্তস্ৰাৱ হয় আৰু পিটুইটেৰিৰ বিজুতি ঘটে
  • পিটুইটেৰিৰ টিউমাৰ
  • কাচিৎ হাইপোথেলামাচৰ বিজুতি হলে
  • অতিমাত্ৰা ষ্ট্ৰেচ (Stress)

চিহ্ন আৰু লক্ষণ[সম্পাদনা কৰক]

হাইপোথাইৰয়ডিজমৰ লক্ষণসমূহ হ'ল : -

  • শীত সহ্য কৰিব নোৱৰা
  • শৌচ কচা হোৱা
  • অলপতে ভাগৰুৱা হোৱা,শাৰীৰিক দুৰ্বলতা
  • ওজন বঢ়া
  • ঘাম কমকৈ ওলোৱা
  • হৃদগতি কমি যোৱা
  • হাঁডৰ আৰু মাংসপেশিৰ বিষ হোৱা,
  • ডিপ্ৰেচন,মানসিক অৱসাদগ্ৰস্ততা, অমনোযোগিতা, স্মৃতিহ্ৰাস
  • শেঁতা শুকান ডাঠ ছাল, ভংগুৰ নখ আৰু চুলি, পাতল চেলাৱৰি(হাৰ্টোঘি চাইন)
  • ভৰি ফুলা
  • অনিয়মীয়া মাহেকীয়া বা অতিস্ৰাব
  • বেচি টোপনি অহা
  • কোনো কাৰণ নোহোৱাকৈ হঠাতে গাতো বেয়া লগা
  • মাত ভঙা
  • পুৰুষৰ যৌনশক্তি কমি যোৱা, গায়ন'কোমেষ্টিয়া
  • যি কোনো কামৰ গতি লেহেমীয়া হোৱা
  • খোৱাৰ ৰুচি আৰু ঘ্ৰাণ শক্তি হ্ৰাস পোৱা
  • তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পোৱা
  • লো ভল্টেজ ইচিজি
  • তেজৰ চুগাৰৰ পৰিমাণ কমি যোৱা
  • শ্ৰবণশক্তি কমি যোৱা
  • জিভাখন ডাঠ শকত হোৱা ইত্যাদি।

হায়পাৰথাইৰয়ডিজম (থাইৰোট'স্কিকোচিচ)[সম্পাদনা কৰক]

ৰোগৰ কাৰণ[সম্পাদনা কৰক]

থাইৰয়ড হৰমোন বেচি হোৱা অৱস্থাৰ কাৰণসমূহ হ'ল -

  • অটোইমিউন গ্ৰেভচ ডিজিজ
  • টস্কিক এডিনমা
  • টস্কিক মাল্টি-নডিউলাৰ গয়টাৰ বা বিষাক্ত গৰল
  • থাইৰয়ডাইটিচ -হাচিমটচ,পষ্টপাৰ্টাম আৰু চাব-একিউট
  • বেচিকৈ থাইৰয়ড হৰমোন সেৱন কৰা
  • হৃদৰোগত ব্যৱহৃত দৰব যেনে এমিডাৰন

চিহ্ন আৰু লক্ষণ[সম্পাদনা কৰক]

হায়পাৰথাইৰয়ডিজমৰ লক্ষণসমূহ :

  • ভোক বেচি কিন্তু ওজন হ্ৰাস হোৱা
  • অস্থিৰতা
  • গৰম সহ্য কৰিব নোৱৰা
  • কঁপনি
  • বুকুৰ ধপধপনি
  • চুলি সৰা
  • ভাগৰ,দুৰ্বলতা
  • গাৰ বিষ
  • প্ৰসাৱ বেচি হোৱা আৰু পিয়াহ বেচি লগা
  • অনিয়মীয়া মাহেকীয়া
  • পুৰুষৰ স্তন ডাঙৰ হোৱা (গায়ন'কমেষ্টিয়া)
  • তেজৰ চুগাৰ আৰু কলেষ্টৰলৰ পৰিমাণ কমি যোৱা
  • চকু দুটা টেলেকাহৈ বাহিৰলৈ ওলাই অহা ইত্যাদি

চিকিৎসা[সম্পাদনা কৰক]

মেডিকেল চিকিৎসা[সম্পাদনা কৰক]

ৰোগ চিনাক্ত হলে চিকিৎসাৰ বাবে এণ্টিথাইৰয়ড দৰব (যেনে কাৰবিমাজল, মেথিমাজল, প্ৰপাইলথায়োইউৰাচিল) লগত বিটা ব্লকাৰ ঔষধেৰে ৰোগীক চিকিৎসা কৰা হয়।

ৰোগ চিনাক্ত হোৱাৰ পিছত থাইৰয়ড হৰমোনৰ পিল (যেনে থাইৰোনৰ্ম,এলট্ৰস্কিন) চিকিৎসকে নিৰ্ধাৰিত কৰি দিয়া পৰিমাণত নিয়মীয়াকৈ খাই থাকিব লাগিব।

থাইৰয়ড হৰমোনৰ ঔষধ পুৱা খালি পেটত খোৱা ভাল। অন্য ঔষধ কমেও এঘণ্টাৰ পিছতহে খাব।

চিকিৎসকে সাধাৰণতে নিম্নতম পৰিমাণৰ থাইৰয়ড হৰমোন ব্যৱহাৰ কৰাটো বিচাৰে,কিন্তু তাৰ ড'জ নিৰ্ধাৰণ কৰিবলৈ পোনতে ২। ৩মাহৰ মূৰে মূৰে তেজৰ হৰমোনৰ পৰিমাণ পৰীক্ষা কৰিবলগীয়া হয়। পিছলৈ বেচি সময়ৰ ব্যৱধানত পৰীক্ষা কৰিলেও চলিব। কিন্তু আপুনি আপোনাৰ চিকিৎসকৰ নজৰত পৰাপক্ষত সকলো সময়তে থাকিব।

কিছুমান ঔষধে (যেনে এণ্টাচিড,কলচিয়ম,আইৰন) থাইৰয়ড হৰমোন পিলৰ ক্ৰিয়াত ব্যাঘাট জন্মায় -গতিকে চিকিৎসকৰ অজ্ঞাতে একো দৰব নাখাব।

হাইপোথাইৰয়ডিজমৰ চিকিৎসা কৰি থাকোঁতে বুকুৰ ধপধপনি হলে,বৰ্দ্ধিত ওজন অতিদ্ৰুতভাবে হ্ৰাস হলে,বেচিকৈ ঘামিলে,কঁপনি বা অস্থিৰতা অনুভৱ কৰিলে লগে লগে চিকিৎসকক জনাওক - আপুনি জোখতকৈ বেচিকৈ দৰব সেৱন কৰাৰ ফলত এনে হৈছে।

হাইপোথাইৰয়ডিজমৰ চিকিৎসা নকৰিলে তেজত কলেষ্টৰল আৰু এল ডি এল নামৰ অপকাৰী চৰ্বি বাঢ়ি গৈ থাকিলে হৃদৰোগ উৎপন্ন হব। গৰ্ভৱতী মহিলাৰ বিকলাংগ শিশু জন্ম হব। ৰোগ একেবাৰে গৰুতৰ হলে মিস্কিডিমা ক'মা হৈ প্ৰাণৰ সংশয় হব।

ভয় নাখাব বিশ্বৰ তিনিৰ পৰা পাঁচ শতাংশ লোক হাইপোথাইৰয়ডিজমত ভুগি আছে। ৰোগৰ সঠিক চিকিৎসাত সহজতেই সুফল লাভ কৰিব পাৰি। কিছুমান ৰোগী আকৌ লক্ষণবিহীনো থাকিব পাৰে। কিবা কাৰণত যেনে কোনো অস্ত্ৰোপচাৰৰ বাবে ফিটনেচ চাওঁতে হাইপোথাইৰয়ডিজম ধৰা পৰে।

অস্ত্ৰোপচাৰ[সম্পাদনা কৰক]

কিছুমানৰ অপাৰেচন কৰি থায়ৰয়ডৰ অংশ কাটি পেলোৱা হয়।

ৰেডিঅ'-আয়ডিন চিকিত্সা[সম্পাদনা কৰক]

আকৌ কিছুমানক ৰেডিঅ'আয়ডিনেৰে চিকিৎসা দিয়া হয়।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

টোপনি বেচি হোবাৰ ফলত 16 বছৰ বয়সৰ কাৰণে ঔষধ।

অধিক জানিবলৈ পঢ়ক[সম্পাদনা কৰক]

  • Brent, Gregory A. (Ed.), Thyroid Function Testing, New York : Springer, Series: Endocrine Updates, Vol. 28, 1st Edition., 2010. ISBN 978-1-4419-1484-2

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বৰ্গীকৰণ