বিষ্ণু নাৰায়ণ ভাতখাণ্ডে
পণ্ডিত বিষ্ণু নাৰায়ণ ভাতখাণ্ডে | |
---|---|
জন্ম | ১০ আগষ্ট, ১৮৬০ চন মুম্বাই, বালকেশ্বৰ |
মৃত্যু | ১৯ চেপ্তেম্বৰ, ১৯৩৬ চনত |
পেচা | সংগীত শিক্ষাবিদ, সংগীতবিদ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰণ | হিন্দুস্তানী ধ্ৰুপদী |
পণ্ডিত বিষ্ণু নাৰায়ণ ভাতখাণ্ডে (ইংৰাজী: Pandit Vishnu Narayan Bhatkhande) এজন ভাৰতীয় সংগীতবিদ আছিল যিয়ে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ওপৰত প্ৰথম আধুনিক গ্ৰন্থ লিখিছিল, যিটো এক কলা যিটো বহু শতাব্দী ধৰি মৌখিক পৰম্পৰাৰ জৰিয়তে প্ৰচাৰিত হৈছিল। সেই আগৰ সময়বোৰত, কলাটোত কেইবাটাও পৰিৱৰ্তন হৈছিল, যাৰ ফলত ৰাগ ব্যাকৰণক কম পুৰণি গ্ৰন্থত নথিভুক্ত কৰা হৈছিল। ৰাগবোৰক ৰাগ (পুৰুষ), ৰাগিণী (মহিলা), আৰু পুত্ৰ (শিশু)ত শ্ৰেণীবদ্ধ কৰা হৈছিল। ভাটখাণ্ডে তেওঁলোকক বৰ্তমানব্যৱহৃত থাট প্ৰণালীত পুনৰ শ্ৰেণীবদ্ধ কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে প্ৰাচীন সংস্কৃত গ্ৰন্থত কেইবাটাও ৰাগ তেওঁলোকৰ বৰ্ণনাৰ সৈতে খাপ খোৱা নাছিল। তেওঁ সহজে বুজিব পৰা ভাষাত ৰাগবোৰ ব্যাখ্যা কৰিছিল আৰু কেইবাটাও বন্দী ৰচনা কৰিছিল যিয়ে ৰাগবোৰৰ ব্যাকৰণ ব্যাখ্যা কৰিছিল। তেওঁ কৰ্ণাটিক সংগীত পণ্ডিত ভেংকটমাখিনৰ পৰা লক্ষণ গীতৰ ধাৰণাটো ধাৰ লৈছিল।
জন্ম
[সম্পাদনা কৰক]পণ্ডিত বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ জন্ম ১৮৬০ চনৰ ১০ আগষ্টত বোম্বাইৰ ৱালকেশ্বৰত এটা চিত্ৰপৱন ব্ৰাহ্মণ পৰিয়ালত হৈছিল। যদিও নিজে এজন পেছাদাৰী সংগীতজ্ঞ নাছিল, তেওঁৰ দেউতাকে, যি এজন ধনী ব্যৱসায়ীৰ বাবে কাম কৰিছিল, নিশ্চিত কৰিছিল যে ভাটখাণ্ডে আৰু তেওঁৰ ভাই-ভনীসকলে শাস্ত্ৰীয় সংগীতত শিক্ষা লাভ কৰিব।
সংগীত শিক্ষা
[সম্পাদনা কৰক]ভাতখাণ্ডে চেতাৰ শিক্ষা বম্বেৰ শেঠ বল্লভধান আৰু জয়পুৰৰ মহম্মদ হুচেইন আলিখাঁৰ ওচৰত গ্ৰহণ কৰে। এইদৰে গায়নৰ শিক্ষা নিজৰ পিতা মাতাৰ উপৰিও গুৰু ৰাওজী বুৱা বেলেৱাখকৰ পণ্ডিত একনাথ কলৱে আলিখাঁ বিলায়ত হুচেইন খাঁ আদিৰ পৰা পায়। | পণ্ডিত ভাটখাণ্ডেজীয়ে দেশৰ খ্যাতিমান আৰু ঘৰাণা থকা সঙ্গীতজ্ঞ সকলৰ ৰচনা সমূহ শ্ৰবণ কৰিছিল আৰু ইয়াৰ শৈলী সুগম পৰ্যাবেক্ষন কৰিছিল। নিজৰ অদ্ভুত স্মৰণ আৰু স্মৃতি শক্তি থকাৰ কাৰণে তেওঁ যিকোনো সঙ্গীত ৰচনা এবাৰ শুনিলে পাছত তাৰ পুনৰাবৃত্তি কৰাত সক্ষম হৈছিল। প্ৰচাৰ কাৰ্য্যৰ কাৰণে তেওঁ সমগ্ৰ দেশ যাত্ৰা (ভ্ৰমণ) আৰু প্ৰসিদ্ধ গায়ক বাদকৰ গ্ৰামোফন ৰেকৰ্ড তৈয়াৰ কাৰ প্ৰভৃতি কাৰ্য্যৰ নিজেই টকা পইছা খৰচ কৰিছিল। এইদৰে তেওঁ যি সঙ্গীত ঘৰণাৰ লগত ওতপ্ৰোত ভাৱে জিড়ত অথবা নিমজ্জিত হৈ আছিল তাক সৰ্বসাধাৰণ লোকৰ কাৰণেও সুলভ কৰি তুলিলে। ৰাগ ৰাগিনী পদ্ধতিৰ ঠাইত তেওঁ ঠাট ৰাগ প্ৰণালী আৱিষ্কাৰ কৰিলে। তেওঁৰ ৰচিত দহ ঠাটত সমস্ত ৰাগ উৎপন্ন কৰাৰ ক্ষমতা আছে। তেওঁ নিজৰ বৈজ্ঞানিক আৰু সৰল স্বৰলিপি (Notation system) আৱিষ্কাৰ কৰিলে। এই পদ্ধতিৰ বহল প্ৰচাৰৰ কাৰণে তেওঁ সঙ্গীত বিদ্যালয় স্থাপন কৰে। ইয়াৰ লগতে সৰ্বপ্ৰথম কাশী মহাবিদ্যলায়ত মহামান্য মদনমোহন মালব্যক কৈ সঙ্গীতক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিলে। ইয়াৰ উপৰিও নিজে অখিল ভাৰতীয় সঙ্গীত শন্মিলনৰ আয়োজন আৰু সঙ্গীতৰ ওপৰত শাস্ত্ৰীয় চৰ্চা ইত্যাদিৰ সূত্ৰপাত কৰিলে। আজি সমগ্ৰ ভাৰততে ভাতখাণ্ডেৰ পদ্ধতিতহে শিক্ষা দিয়া হয়। [1]
কৰ্ম জীৱন আৰু কৃতিত্ব
[সম্পাদনা কৰক]পোন্ধৰ বছৰ বয়স হোৱাৰ পিছত, ভাটখাণ্ডে চিতাৰৰ ছাত্ৰ হয় আৰু পৰৱৰ্তী সময়ত সংগীত তত্ত্বৰ সৈতে সম্পৰ্কিত সংস্কৃত গ্ৰন্থঅধ্যয়ন আৰম্ভ কৰে। তেওঁ ১৮৮৫ চনত বোম্বাইৰ এলফিনষ্টোন মহাবিদ্যালয়ত বিএ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ১৮৮৭ চনত ভাটখাণ্ডে বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে আৰু চমুকৈ ফৌজদাৰী আইনত কেৰিয়াৰ গঢ়ি তোলে। ভাটখাণ্ডে কেৱল সঙ্গীতজ্ঞ নহয় এজন খ্যাতিপ্ৰাপ্ত অধিবক্তাও আছিল। ১৮৯০ খৃঃ ত তেওঁ এল এল বি পৰীক্ষাত উত্তীৰ্ণ হৈ কৰাচিত আইন ব্যবসায় আৰম্ভ কৰে। পাছত তেওঁ বম্বেলৈ আহি একে ব্যবসায়কে কৰে। কুৰি শতিকাৰ প্ৰথম ভাগতে বৰ্তমানৰ শাস্ত্ৰীয় সঙ্গীতৰ প্ৰতি তেওঁৰ মনোযোগ বিশেষৰূপে আকৰ্ষিত হৈছিল আৰু সঙ্গীত জগতত ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ অৱস্থিতি সম্পৰ্কত বিশেষ অধ্যয়ন আৰম্ভ কৰিছিল। সঙ্গীতজ্ঞৰ মাজত মত ঐক্য নথকাৰ কাৰণে তেওঁ ৰাগ ৰাগিনীৰ সম্বন্ধে অন্বেষণ কৰিবলৈ উৎসুক হৈ উঠে। পৰম্পৰাগত সঙ্গীতক শাস্ত্ৰীয় নিকষৰ ওপৰত পৰীক্ষা কৰা কাৰ্য্য তেওঁ আৰম্ভ কৰিলে। উপলব্ধ আৰু দুৰ্লভ সঙ্গীত গ্ৰন্থক তেওঁ অনুশীলন কৰিলে আৰু ৰাগ ৰাগিনীৰ বাস্তৱিক স্বৰূপ আৰু প্ৰভাৱৰ সম্বন্ধে ধাৰণা নিশ্চিত কৰিলে। সংস্কৃত ভাষাৰ পণ্ডিত হোৱাৰ লগে লগে তেওঁ ইংৰাজী, পাৰ্চী, আৰু উৰ্দু ভাষাতো দক্ষ আছিল। তেওঁ সম্পূৰ্ণ ভাৰত ভ্ৰমণ কৰি উত্তৰ ভাৰতীয় সঙ্গীত পদ্ধতি আৰু দক্ষিণ ভাৰতীয় সঙ্গীত পদ্ধতিৰ সুক্ষম পৰ্যবেক্ষণ কৰিছিল। [2]
সংগীত জগতলৈ অৱদান
[সম্পাদনা কৰক]“সঙ্গীত গ্ৰন্থমালা,” “প্ৰশ্নোত্তৰ ৰূপত,” অভিনৱ ৰাগ মঞ্জৰী’ হিন্দুঃস্থান সঙ্গীত পদ্ধতি’ ক্ৰমিক পুস্তকমালিকা” (Sispart) ইত্যাদি গ্ৰন্থ ভাতখেণ্ডেই ৰচনা কৰি ভাৰতীয় সংগীত জগতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। [3]
মৃত্যু
[সম্পাদনা কৰক]সঙ্গীতৰ উদ্ধাৰৰ কাৰণে ভগীৰথ প্ৰবাস কৰি ১৯৩৯ খৃঃৰ ১৯ চেপ্তেম্বৰৰ গণেশ চতুৰ্থীৰ দিনা ভাতখণ্ডেৰ দেহাৱসান ঘটে। তেওঁৰ প্ৰধান শিষ্য আছিল আহমদাবাদৰ পণ্ডিত বাদিলাল শৰ্মা, গোৱালিয়ৰ ৰাজা ভাইয়া পুচবোলে আৰু লক্ষৌৰ শ্ৰীকৃষ্ণ নাৰায়ণ ৰতনঝঙ্গাৰ। এইদৰে সঙ্গীতৰ মহান মনিষীৰূপে পণ্ডিত বিষ্ণু নাৰায়ণ ভাতখাণ্ডে যুগ যুগ ধৰি আমাৰ মাজত অমৰ হৈ থাকিব।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ পণ্ডিত নন্দ কিশোৰ চৌধুৰী (দ্বিতীয় প্ৰকাশ,৫ চেপ্তেম্বৰ, ২০১৪), সৰল সংগীত শাস্ত্ৰ, ওৱেচিচ অৱছেট প্ৰিণ্টাৰ্ছ, পৃষ্ঠা.১১৬.
- ↑ ড° কাশী কুমাৰ কৰণ (তৃতীয় প্ৰকাশ, নবেম্বৰ, ২০০৪), সংগীত গুঞ্জন, মাতৃ প্ৰিণ্টাৰ্ছ, পৃষ্ঠা. ১৯৬.
- ↑ Powers, Harold S. (2001). "Bhatkhande, Vishnu Narayan". Grove Music Online. Oxford University Press. doi:https://doi.org/10.1093%2Fgmo%2F9781561592630.article.03008
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- চৌধুৰী, পণ্ডিত নন্দ কিশোৰ [প্ৰকাশিত], সৰল সংগীত শাস্ত্ৰ (অসমীয়া), ওৱেচিচ অৱছেট প্ৰিণ্টাৰ্ছ প্ৰকাশন, চপাগুৰি-১নং বেংতল গেট, চিৰাং, অসম।
- কৰণ, কাশী কুমাৰ, [প্ৰকাশিত], সংগীত গুঞ্জন (অসমীয়া), মাতৃ প্ৰিণ্টাৰ্ছ প্ৰকাশন, উত্তৰ লক্ষ্মীমপুৰ-১, অসম।