পৰাশ্ৰয়ী উদ্ভিদ
অৱয়ব
(পৰাশ্ৰয়ীৰ পৰা পুনঃনিৰ্দেশিত)
পৰাশ্ৰয়ী উদ্ভিদ হল এনেবোৰ উদ্ভিদ যিয়ে আন উদ্ভিদ(গছ আদি)ৰ ওপৰত গজে। পৰজীৱি উদ্ভিদৰ নিচিনাকৈ পৰাশ্ৰয়ী উদ্ভিদে আশ্ৰয়দাতা গছজোপাৰ ক্ষতিসাধন নকৰে। এনে উদ্ভিদে নিজৰ পুষ্টিৰ বাবে বতাহ, বৰষুণ, জলীয় বাষ্প আৰু আশ্ৰয়দাতা গছজোপাৰ ওপৰত জমা হোৱা আৱৰ্জনাৰ ওপৰত নিৰ্ভৰ কৰে। পৰাশ্ৰয়ী উদ্ভিদসমূহ পৃথিবীৰ নাতিশীতোষ্ণ অঞ্চলবোৰত সততে দেখা পোৱা যায়।