বাৰ্তা:কাকৈঢোৰা
" পাকৈঢোঁৰা নহয় - ১২ মে' 'আমাৰ অসম'ৰ 'সপ্তাহান্তিক' শিতানত প্রকাশিত শান্তা শৰ্মাৰ 'লুইতৰ পাৰৰ বিননি' লেখাটোত প্রকাশিত ৰঙচুৱা বৰণৰ দীঘল ঠেঙৰ বৰটোকোলা নাইবা আন সাৰেংজাতীয় চৰাইটো পাকৈঢোঁৰা (পাকৈঢোৰা নহয়) নহয় । উক্ত চৰাইটোৰ ফটো, বিৱৰণ আৰু বিচৰণ ক্ষেত্রৰ বৰ্ণনাও ভুল হৈছে ৷ গতিকে পঢ়োৱৈ সমাজৰ জ্ঞাতাৰ্থে সন্মান সহকাৰে জনাওঁ যে পাকৈঢোঁৰা প্রকৃততে ধনেশ সদৃশ চৰাইহে, যাৰ ঠেং চিলনীৰ নিচিনাহে ।" -লেখক নিকুঞ্জ মোহন ফুকন ৷
- উক্ত লেখনীটো ২৬ মে' 'আমাৰ অসম'ৰ 'সপ্তাহান্তিক' শিতানত প্রকাশিত হৈছে । তাৰোপৰি সৌম্যদ্বীপ দওদেৱৰ 'অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি' খনটো পাকৈঢোঁৰা চৰাইটো-Oriental Pied Hornbill (Anthracoceros albirostris) বুলি দিয়া আছে ৷ গতিকে ইয়াত সন্নিবিষ্ট কৰা এই 'পাকৈঢোৰা' প্রবন্ধটিৰ তথ্যত সন্দেহৰ অৱকাশ আছে ৷মৌচুমী (talk)
কাকৈঢোৰাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন কাকৈঢোৰাক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।