মাওলাইনং গাঁও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাওঁ। যিখন ভা...
 
5 নং শাৰী: 5 নং শাৰী:
==ভৌগোলিক স্থিতি ==
==ভৌগোলিক স্থিতি ==
ভৌগোলিক স্থিতি ২৫°১১'৫৯"উ আৰু ৯১°৫৫'৫৪"পূ
ভৌগোলিক স্থিতি ২৫°১১'৫৯"উ আৰু ৯১°৫৫'৫৪"পূ
মাওলাইনং শ্বিলংৰ পৰা ভাৰত বাংলাদেশ সীমান্তৰ দিশত ৯০ কি.মি দূৰত্বত অৱস্থিত ।
মাওলাইনং [[শ্বিলং]]ৰ পৰা [[ভাৰত বাংলাদেশ সীমান্ত]]ৰ দিশত ৯০ কি.মি দূৰত্বত অৱস্থিত ।


==জনসংখ্যা==
==জনসংখ্যা==

10:36, 15 August 2015ৰ সংস্কৰণ

মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাওঁ। যিখন ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত । এই গাৱঁৰ বৈশিষ্ট্য এয়ে যে, এইখন এচিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাওঁ। খাচীয়া সম্প্ৰদায়ৰ এইখন সমাজ মাতৃপ্ৰধান। ই পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু  পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।

ভৌগোলিক স্থিতি

ভৌগোলিক স্থিতি ২৫°১১'৫৯"উ আৰু ৯১°৫৫'৫৪"পূ মাওলাইনং শ্বিলংৰ পৰা ভাৰত বাংলাদেশ সীমান্তৰ দিশত ৯০ কি.মি দূৰত্বত অৱস্থিত ।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি গাওঁখনৰ মুঠ জনসংখ্যা ৫০০জন , আৰু ইয়াত মুঠ ৯৫ টা পৰিয়াল আছে । স্বাক্ষৰতাৰ হাৰ ১০০% ।

বৃত্তি

গাওঁখনিৰ উৰ্পাজনৰ প্ৰধান উৎস হৈছে কৃষি ।অসমৰ দৰেই ইয়াত তামোল গছৰ পৰিমাণ বেছি সেয়ে 'চুপাৰী'ৰ ব্যৱসায় দেখা যায়। পৰ্যটন ৰ দিশৰ পৰাও কম পৰিমাণে হ'লেও লাভাৱান্বিত হয়।

মাতৃপ্ৰধান সমাজ

খাচী সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি এই সমাজৰ সন্তানে মাতৃৰ উপাধি লাভ কৰে জন্মসূত্ৰে।উত্তৰাধিকাৰী সূত্ৰেও পৰিয়ালৰ জেষ্ঠা কন্যাই হে সা-সম্পত্তি লাভ কৰে।

পৰিস্কাৰ পৰিচন্নতা

পৰিস্কাৰ পৰিচন্নতাৰ বাবেই মাওলাইনং আজি পৃথিৱী বিখ্যাত। চাফ চিকুণতা বজাই ৰখাত শিশুৰ পৰা বৃদ্ধলৈ কোনোৱেই কৃপণালী নকৰে। এক নিৰ্দ্দিষ্ট দূৰত্বৰ আৰেঁ আৰেঁ থকা  বাহঁৰ ডাষ্টবিনত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে।ই ২০০৩ চনত এচিয়াৰ আৰু ২০০৫ চনত ভাৰতৰ সবাতোকৈ পৰিস্কাৰ গাওঁ হিচপে বিবেচিত হৈছে।

পৰ্যতন কেন্দ্ৰ

প্ৰকৃতিয়ে গাওঁ খনক পৰ্যতনৰো সুবিধা কৰি দিছে।ইয়াৰে দাতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰিডজ(living root bridge)আছে ,যি, প্ৰাকৃতিক শৈলীৰ গছৰ শিপাৰ দলং। ইয়াত ৮৫ ফুট ওখ বাহৰ চাং আছে য'ৰ পৰা বাংলাদেশৰ সমভূমি দৃষ্টিগোছৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটন স্থলীবোৰে ক্ৰমশঃ গাওঁখনৰ গুৰুত্বতা বৃদ্ধি কৰিছে ।