ভাষা-বিজ্ঞানৰ ভূমিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাষা বিজ্ঞানৰ ভূমিকাৰ পৰা পুনঃনিৰ্দেশিত)

ভাষা-বিজ্ঞানৰ ভূমিকা ভাষা বিষয়ক মৌলিক গ্ৰন্থখনৰ ৰচক হ'ল ড॰ ৰমেশ পাঠক। কিতাপখন প্ৰথম প্ৰকাশ পায় ১৯৮০ চনৰ ডিচেম্বৰ মাহত। গুৱাহাটীৰ পৰা প্ৰকাশিত কিতাপখনৰ প্ৰকাশক আছিল মণিকূট প্ৰকাশ। প্ৰথম সংখ্যা প্ৰকাশ পোৱাৰ পিছত পৰৱৰ্তী সময়ত বহু কেইটা সংস্কৰণ প্ৰকাশ হৈছে। শেহতীয়া সংস্কৰণ প্ৰকাশ হৈছে ২০১৫ চনত। প্ৰকাশক হ'ল গুৱাহাটীৰ অশোক বুক ষ্টল[1]

গ্ৰন্থখনৰ ভাষা সহজ-সৰল আৰু পোনপোটীয়া, প্ৰকাশভংগীও সাৱলীল। গ্ৰন্থৰ বিষয়বস্তু যিহেতু অসমীয়া ভাষা সাহিত্যত নতুন আছিল, সেয়ে লিখকে ইতিমধ্যে ওলোৱা ইংৰাজী, হিন্দী, বঙালী আৰু অসমীয়া ভাষাৰ গ্ৰন্থৰ পৰা সহায় লৈছিল। এই কথা তেওঁ প্ৰথম সংস্কৰণৰ গ্ৰন্থখনৰ পাতনিত নিজে উল্লেখ কৰিছে। "[2] অৱশ্যে পিছৰ প্ৰায়কেইটা সংস্কৰণতে নিজাকৈ নতুন নতুন তথ্য যোগ দি কিতাপখন ন-ৰূপত সজাই তুলিছে।

অধ্যায়[সম্পাদনা কৰক]

ভাষা বিজ্ঞানৰ ভূমিকা গ্ৰন্থখনত প্ৰথম অধ্যায়ৰ পৰা পৰিশিষ্টলৈ ৬টা অধ্যায় আছে।

প্ৰথম অধ্যায়[সম্পাদনা কৰক]

এই অধ্যায়টি নামকৰণ কৰা হৈছে "ভাষা কাক বোলে। " এই অধ্যায়ত ভাষাৰ সংজ্ঞা, ভাষা উৎপত্তিৰ বিভিন্ন সূত্ৰৰ পৰা আৰম্ভ কৰি ভাষাৰ বিভিন্ন ৰূপ যেনে-- ব্যক্তিভাষা, ৰাজ্য ভাষা, উপভাষা ইত্যাদিৰ লগতে ভাষাবিজ্ঞানৰ স্বৰূপ আৰু প্ৰকৃতি তথা ভাষাৰে সৈতে সমাজ আৰু সংস্কৃতিৰ সম্পৰ্ক বিষয়ক তাত্ত্বিক কথাবোৰৰ বিশ্লেষণ কৰা হৈছে।

দ্বিতীয় অধ্যায়[সম্পাদনা কৰক]

দ্বিতীয় অধ্যায়ত আছে "ধ্বনিবিজ্ঞান"ৰ এক সামগ্ৰিক বিশ্লেষণ। ধ্বনি বা বৰ্ণ, উপধ্বনি, ধ্বনিৰ প্ৰকাৰ, উচ্চাৰণ কৌশল, অসমীয়া ভাষাৰ স্বৰ আৰু ব্যঞ্জন ধ্বনিৰ শ্ৰেণীবিভাজন, ধ্বনি নিয়ম, ধ্বনি পৰিবৰ্তনৰ কাৰণ আদিৰ আলোচনা এই অধ্যায়ত বিতং ভাৱে আছে।

তৃতীয় অধ্যায়[সম্পাদনা কৰক]

এই অধ্যায়ত আছে "ভাষাৰ পৰিবৰ্তন"। ভাষাত স্বাভাৱিকভাৱে ঘটা পৰিবৰ্তন আৰু পৰিবৰ্তন প্ৰক্ৰিয়াৰ বিষয়ে ইয়াত শৃংখলিত ৰূপত আলোচনা কৰা হৈছে।

চতুৰ্থ অধ্যায়[সম্পাদনা কৰক]

এই অধ্যায়টি "শব্দাৰ্থতত্ত্ব" বিশ্লেষণেৰে সমাদৃত। 'শব্দাৰ্থতত্ত্ব'ৰ আধুনিক ব্যাখ্যাৰ কথাখিনি নিতান্তই চিত্তাকৰ্ষকভাৱে আলোচনা কৰিছে।

পঞ্চম অধ্যায়[সম্পাদনা কৰক]

এই অধ্যায়টিত "ভাষাৰ শ্ৰেণীবিভাগ" নামেৰে নামকৰণ কৰা হৈছে। ভাষা পৰিয়ালসমূহৰ বিৱৰণ চুটিকৈ বৰ্ণনা কৰিছে যদিও সেয়া পঢ়ুৱৈৰ বাবে পৰ্যাপ্ত।

পৰিশিষ্ট[সম্পাদনা কৰক]

এই অধ্যায়ত অসমীয়া ভাষাৰ জন্ম কাহিনীৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ উপভাষাসমূহৰ বৈশিষ্ট্যসহ পৰিচয়, অসমীয়া ভাষাৰ উপভাষাসমূহৰ আলোচনা, অসমীয়া শব্দভাণ্ডাৰ, অনাৰ্য উপাদান আদিৰ বিষয়ো অন্তৰ্ভুক্ত কৰিছে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. পাঠক, ড॰ ৰমেশ (২০১৫). ভাষা বিজ্ঞানৰ ভূমিকা. প্ৰকাশক গুৱাহাটী-১: অশোক বুক ষ্টল. 
  2. পাঠক, ড॰ ৰমেশ (১৯৮০). ভাষা বিজ্ঞানৰ ভূমিকা. প্ৰকাশক গুৱাহাটী: মণিকূট প্ৰকাশ. 
  3. বৰুৱা, ড॰ কনেশ্বৰ (২০১৬). "শিক্ষক-ছাত্ৰৰ এখন উচ্চমানৰ হাতপুথি ড॰ ৰমেশ পাঠক ছাৰৰ 'ভাষা বিজ্ঞানৰ ভূমিকা'". ড॰ ৰমেশ পাঠক : জীৱন আৰু কৃতি. প্ৰকাশক গুৱাহাটী-১: অশোক বুক ষ্টল. পৃষ্ঠা. ৩১৮-৩২২.