সমললৈ যাওক

মাটিমাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মাটিডাইলৰ পৰা পুনঃনিৰ্দেশিত)

আমি মাটিমাহৰ পৰা মাটিদাইল পাওঁ। এক অসমীয়া খাদ্যবিশেষ। মাটিমাহ এবিধ মাহজাতীয় শস্য। দেখাত মগুমাহৰ দৰে। ইয়াৰ ৰং ক'লা কিন্তু বৰ পিছল। প্ৰবাদ অনুসৰি, পুৰণি দিনত বিভিন্ন ঘৰ, দেৱাল আদি সাজিবলৈ মাটিমাহ, হাঁহকণী আৰু বৰাচাউলৰ মিশ্ৰণ আঠা হিচাপে ব্যৱহাৰ কৰিছিল। মাটিমাহ অসমীয়া সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ ব্যঞ্জন। বিশেষকৈ, খাৰ দিয়া মাটিদাইলৰ জোল অসমীয়া খাদ্যৰ অন্যতম উপাদান। ইয়াৰ উপৰিও, অসমীয়া বিবাহ আদি অনুষ্ঠানত বৰ-কন্যাক নোৱাবলৈ মাটিমাহ আৰু হালধিৰ মিশ্ৰণ তৈয়াৰ কৰি লোৱা হয়। গৰুবিহুৰ দিনা গৰুক আৰু মানুহৰ বিহুৰ দিনা মানুহে মাহ-হালধি নোৱাবলৈ ব্যৱহাৰ কৰে।