মেকং নৈ
মেকং নৈ বা মেকং নদী পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ এখন আন্তঃসীমান্ত নদী।[1] ই বিশ্বৰ দ্বাদশতম সৰ্বাধিক দীঘল নদী আৰু এছিয়াৰ তৃতীয় সৰ্বাধিক দীঘল নদী। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৪,৯০৯ কিলোমিটাৰ (৩,০৫০ মাইল) আৰু ইয়াৰ জলপ্ৰবাহৰ এলেকা ৭৯৫,০০০ বৰ্গ কিলোমিটাৰ (৩০৭,০০০ বৰ্গ মাইল), বছৰি ৪৭৫ কিউবিক কিলোমিটাৰ (১১৪ কিউবিক মাইল) পানী নিস্কাশন কৰে।[2] তিব্বতৰ মালভূমিৰ পৰা আৰম্ভ হৈ, এই নদী দক্ষিণ-পশ্চিম চীন (য'ত ইয়াক আনুষ্ঠানিকভাৱে লানচাং নদী বুলি কোৱা হয়), ম্যানমাৰ, লাওছ, থাইলেণ্ড, কম্বোডিয়া আৰু দক্ষিণ ভিয়েটনামৰ মাজেৰে বৈ যায়। এই নদী তিব্বত আৰু দক্ষিণ-পূব এছিয়াৰ মাজত এটা গুৰুত্বপূৰ্ণ বাণিজ্য পথ। ২০০০ৰ পৰা ২০২০ৰ দশকলৈ মেকং নদীৰ সৈতে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ ফলত নদীৰ পৰিৱেশত খৰাংৰ সৃষ্টি হৈছিল।[3]
বৈশিষ্ট্য
[সম্পাদনা কৰক]মেকং অৱবাহিকা বিশ্বৰ জৈৱ বৈচিত্ৰ্যৰ অন্যতম চহকী অঞ্চল। [2] বৃহত্তৰ মেকং উপ-অঞ্চলৰ জৈৱ সম্পদত ২০,০০০ উদ্ভিদ প্ৰজাতি, ৪৩০টা স্তন্যপায়ী প্ৰাণী, ১২০০টা চৰাই, ৮০০টা সৰীসৃপ আৰু উভচৰ প্ৰাণী,[4] আৰু আনুমানিক ৮৫০টা উভচৰ প্ৰাণী অন্তৰ্ভুক্ত আছে বুলি অনুমান কৰা হৈছে। মেকঙৰ পৰা নিয়মিতভাৱে নতুন প্ৰজাতিৰ আৱিষ্কাৰ হৈ থাকে। ২০০৯ চনত এই অঞ্চলৰ পৰা পূৰ্বতে অজ্ঞাত ১৪৫টা প্ৰজাতিৰ আৱিষ্কাৰ কৰা হয়, য'ত ২৯টা মাছৰ প্ৰজাতি, দুটা চৰাই প্ৰজাতি, ১০টা সৰীসৃপ, পাঁচটা স্তন্যপায়ী প্ৰাণী, ৯৬টা উদ্ভিদ আৰু ছটা উভচৰ প্ৰাণী অন্তৰ্ভুক্ত। আন কোনো নদীত ইমান বিবিধ মাছৰ প্ৰজাতি পোৱা নাযায়।[5] আটাইতকৈ ডাঙৰ প্ৰজাতি ভিতৰত আছে তিনিটা প্ৰজাতিৰ প্ৰ’বাৰবাছ বাৰ্ব, যি ১.৫ মিটাৰ (৫ ফুট) পৰ্যন্ত হব পাৰে আৰু ওজন ৭০ কিলোগ্ৰাম (১৫০ পাউণ্ড) পৰ্যন্ত হব পাৰে,[6] Himantura polypis, H. chaophraya যাৰ দৈৰ্ঘ্য কমেও ৫ মিটাৰ (১৬ ফুট) আৰু প্ৰস্থ ১.৯ মিটাৰ (৬ ফুট ৩ ইঞ্চি) হ'ব পাৰে, বিশাল পেংগাচিয়াছ (Pangasius sanitwongsei), বিশাল বাৰ্ব ( Catalocarpio siamensis) আৰু স্থানীয় মেকংৰ বিশাল কেটফিছ (Pangasianodon gigas)।[7] ইয়াৰে উপৰোক্ত শেষৰ তিনিটা মাছৰ দৈৰ্ঘ্য প্ৰায় ৩ মিটাৰ আৰু ওজন ৩০০ কিলোগ্ৰাম (৬৬০ পাউণ্ড) পৰ্যন্ত হ'ব পাৰে।[5] এই সকলোবোৰ মাছৰ পৰিমাণ বান্ধ, বান নিয়ন্ত্ৰণ আৰু অতিৰিক্ত চিকাৰৰ বাবে হ্ৰাস পাইছে।
মিঠা পানীৰ ডলফিনৰ এটা প্ৰজাতি ইৰাৱাডী ডলফিন (Orcaela brevirostris) এসময়ত নিম্ন মেকঙত সুলভ আছিল যদিও এতিয়া ই অতি বিৰল, মাত্ৰ ৮৫টা ডলফিন বাকী আছে।[8]
নদীখনৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে বাস কৰা আন জলাশয়ৰ স্তন্যপায়ী প্ৰাণীসমূহৰ ভিতৰত মসৃণ আৱৰণযুক্ত উট (Lutra perspicillata) আৰু মাছ ধৰা মেকুৰী (Prionailurus viverrinus) আদি উল্লেখযোগ্য।
বিলুপ্তপ্ৰায় চিয়াম কুমিৰ (Crocodylus siamensis) মেকং নদীৰ উত্তৰ কম্বোডিয়া আৰু লাওচীয়া অংশৰ সৰু সৰু বিচ্ছিন্ন অঞ্চলত পোৱা যায়। নিমখীয়া পানীৰ কুমিৰ (Crocodylus porosus) এসময়ত মেকং বদ্বীপৰ পৰা টনলে চেপ আৰু ইয়াৰ বাহিৰলৈকে বিস্তৃত আছিল যদিও এতিয়া নদীখনৰ লগতে সমগ্ৰ ভিয়েটনাম আৰু সম্ভৱতঃ কম্বোডিয়াতো বিলুপ্ত হৈ পৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ S. Liu; P. Lu; D. Liu; P. Jin; W. Wang (2009). "Pinpointing source and measuring the lengths of the principal rivers of the world". International Journal of Digital Earth.
- ↑ 2.0 2.1 "State of the Basin Report, 2010" (PDF). Mekong River Commission. Vientiane. 2010.
- ↑ Sasipornkarn, Emmy (16 August 2019). "A dam-building race threatens the Mekong River". Deutsche Welle.
- ↑ C. Thompson (2008). "First Contact in the Greater Mekong" (PDF). WWF Greater Mekong Program.
- ↑ 5.0 5.1 "River of Giants: Giant Fish of the Mekong" (PDF). WWF Greater Mekong Program. 2012
- ↑ Froese, Rainer and Pauly, Daniel, eds. (2017). "Species of Probarbus" in FishBase. February 2017 version
- ↑ Last, P.R.; Compagno, L.J.V. (1999). "Myliobatiformes: Dasyatidae". In Carpenter, K.E.; Niem, V.H. (eds.). FAO identification guide for fishery purposes. The living marine resources of the Western Central Pacific. Food and Agriculture Organization of the United Nations. pp. 1479–1505. ISBN 92-5-104302-7.
- ↑ Ryan, Gerard Edward; Dove, Verne; Trujillo, Fernando; Doherty, Paul F. (2011). "Irrawaddy dolphin demography in the Mekong River: an application of mark–resight models".
বহিঃ সংযোগ
[সম্পাদনা কৰক]- The WISDOM Project, a Water related Information System for the Mekong Delta
- Mekong River Commission
- Mekong Watch
- CGIAR Challenge Program on Water and Food-Mekong
- Mekong Program on Water, Environment and Resilience
- Countries of the Mekong River: The Greater Mekong Subregion Asian Development Bank
- Rivers Network : Mekong river blog Archived 2018-11-05 at the Wayback Machine