সত্যপ্ৰসাদ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সত্যপ্ৰসাদ বৰুৱা
জন্ম ২৯ অক্টোবৰ, ১৯১৭
আইজল, মিজোৰাম
মৃত্যু ২৬ জুন, ২০০১
পেচা নাট্যকাৰ, মঞ্চ অভিনেতা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখযোগ্য বঁটা সংগীত নাটক অকাডেমী বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা

সত্যপ্ৰসাদ বৰুৱা (ইংৰাজী: Satyaprasad Barua) (জন্ম: ২৯ অক্টোৱৰ, ১৯১৭, মৃত্যু:২৬ জুন, ২০০১) অসমৰ এগৰাকী বিশিষ্ট নাট্যকাৰ আৰু মঞ্চ অভিনেতা আছিল। তেখেতৰ জন্ম মিজোৰামআইজল চহৰত হৈছিল। তেখেতে চফ’ক্লিছ, শ্বেকছপীয়েৰ, ইবচছেন, ৰবীন্দ্ৰনাথ ঠাকুৰ, গ’গল, চেকভ আৰু ব্ৰেখটৰ নাটকৰ অসমীয়া ৰূপান্তৰৰ উপৰি ৩৪ খন সৰু-বৰ নাটক ৰচনা কৰি থৈ গৈছে। নাট ৰচনাৰ উপৰি তেখেতে উপন্যাস, গল্প, কবিতা, শিশু-সাহিত্য ৰচনাৰেও অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈ গৈছে। মঞ্চ আৰু অনাতাঁৰ যোগে তেখেতে দুইশতাধিক নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেখেত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথম কাৰ্যবাহী বিষয়া আছিল। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক আৰু অসম সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিস্থাপক সঞ্চালক আছিল। তেখেতে গুৱাহাটীত ‘সুন্দৰ সেৱী সংঘ’ নামেৰে এটি নাট্যনুষ্ঠানৰ জন্ম দিছিল আৰু প্ৰগতিশীল নাট্যগোষ্ঠী ‘শৌভিক’ৰ প্ৰতিস্থাপক সভাপতি আছিল।

নাটক ৰচনা[সম্পাদনা কৰক]

  • জবলা
  • মৃণাল মাহী
  • দেবাঃন জানন্তি
  • ধৰালৈ যিদিনা নামিব সৰগ (অনাতাঁৰ নাট)

লাভ কৰা সন্মান[সম্পাদনা কৰক]

  • কলকাতাৰ অল ইণ্ডিয়া ক্ৰিটিকচ এছোছিয়েচনে ১৯৭৮ চনত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান প্ৰদান কৰে।
  • ১৯৭৮ চনত ‘নাট্য প্ৰভাকৰ’ উপাধিৰে বিভূষিত হয়।
  • ১৯৮৬ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
  • ১৯৯০-১৯৯১ চনত ‘Monograph on Assamese Threatre as a Performing Art’ শীৰ্ষক নাট্যকৰ্মৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰা জ্যেষ্ঠ গৱেষণা বৃত্তি লাভ কৰিছিল।
  • ১৯৯৩ চনত অসম চৰকাৰশ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে।

তথ্য সংগ্ৰ্হ[সম্পাদনা কৰক]

  1. শ্ৰীমন্ত শংকৰদেৱ বঁটা, হিৰণ্য কুমাৰ ভূঞা, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪