ৱিকিপিডিয়া:মাধৱদেৱৰ অনুপ্ৰেৰণাত ৰচিত নৃত্যসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য:জয়শ্ৰী ভূঞাৰ পৰা পুনঃনিৰ্দেশিত)

মাধৱদেৱৰ অনুপ্ৰেৰণাত ৰচিত নৃত্যসমূহ[সম্পাদনা কৰক]

অসমৰ সংস্কৃতি জগতত গীতে-মাতে খলক লগোৱা নৱ-বৈষ্ণৱ যুগটো আছিল সংস্কৃতিৰ সোণালী যুগ। অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ অন্যতম হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ অসমীয়া জাতীয় জীৱন, সমাজ-সংস্কৃতি আৰু আধ্যাত্মিক জগতৰ বাবে চমকপ্রদ।তেওঁৰ প্ৰতিভাৰ লগত কলা-সুলভ আৱেগ-অনুভূতিৰ সু-মিশ্রণে ধর্মাচার্য মাধৱদেৱৰ মাজত অন্য এজন ব্যক্তিক জিলিকাই তোলে।গুৰুৰ চৰণত নিজৰ সমস্ত চিন্তা-চেতনাক সমৰ্পণ কৰি মহাপুৰুষ মাধৱদেৱে বিশ্বত বিৰল গুৰুভক্তিৰ নিদৰ্শন দেখুৱাই গ'ল। উল্লেখযোগ্য যে, বৈষ্ণৱ ধৰ্ম-সংস্কৃতিয়ে পূৰ্ণাংগ ৰূপ পাব নোৱাৰিলে হেঁতেন তথা অসমৰ সুকুমাৰ পৰিশীলিত জীৱনবোধ প্রগাঢ় স্থিতি নাপালেহেঁতেন; যদিহে শ্ৰীশ্ৰীমাধৱদেৱৰ কাষ্ঠা, ঐকান্তিক ভক্তি, মানৱপ্ৰেম, ত্যাগ আৰু সৃজনীশীলতা তাত সংযোগ নহ'লহেঁতেন। সেইবাবেই মহাপুৰুষ মাধৱদেৱ অনন্য; তেৰাৰ অপৰিসীম বৰঙণিও অনন্য সাধাৰণ। :শংকৰদেৱ-মাধৱদেৱৰ নাট আৰু ঝুমুৰাসমূহৰ অন্তৰালত যি বিধ নৃত্যকলাৰ সৃষ্টি হৈছিল তাকে সত্ৰীয়া নৃত্য বুলি কোৱা হয়। নৃত্য-গীতেৰে ভৰপূৰ অংকীয়ানাটসমূহৰ প্ৰতিটো চৰিত্ৰই পদাৰ্পণ কৰে নৃত্যৰ ছন্দত। চৰিত্ৰ ভেদে অৱশ্যে খোজৰ চেও বেলেগ বেলেগ হয়। সেইবাবে ঘাইকৈ তিনিটি বিশিষ্ট নৃত্যৰ ধাৰা এই নাটসমূহৰ পৰা নিগৰি ওলাইছে। সেইকেইটি হ'ল:- সূত্র-ভংগি, কৃষ্ণ-ভংগি আৰু গোপীভংগি। কেইটিমান বিশেষ নৃত্যৰ উৎপত্তিত মাধৱদেৱৰ প্রত্যক্ষ বা পৰোক্ষ প্রভাৱ থকা বুলি ভবা হয়। সেই কেইটিৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা হ'ল।

ঝুমুৰা নাচ[সম্পাদনা কৰক]

ঝুমুৰা নৃত্য টি মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত ৰাস ঝুমুৰা নাট খনিৰ কাহিনীৰ অন্তৰ্গত গোপী সকলৰ মাজৰ পৰা কৃষ্ণ অন্তধ্যান হোৱাৰ পাছত গোপী সকলে "মই কৃষ্ণ বুলি কৰে ভাৱনা" শীর্ষক অংশৰ পৰাই সৃষ্টি বুলি অনুমান কৰা হয়। এই নৃত্য টিৰ তিনিটা ভাগত সম্পূৰ্ণ ভাৱে পৰিবেশন কৰা হয়। নৰ্তক সকলৰ পৰিধানত থাকে বহল ঘূৰি, ফুলতোলা চোলা আৰু মূৰত বগা পাগুৰি । দেখাত এওঁলোকক পুৰুষৰ দৰেও নালাগে, নাৰীৰ দৰেও নালাগে। ৰাস-মণ্ডলৰ পৰা কৃষ্ণৰ আকস্মিক অন্তৰ্ধানত বিৰহ-কাতৰা গোপীসকলে যি দৰে বাহ্যজ্ঞান শূন্য হৈ কৃষ্ণ লীলাৰ অভিনয় পাতিছিল, তাকে এই নৃত্যত প্ৰকাশ কৰা হয় বুলি ভবা হয়। এই নৃত্যৰ আৰম্ভণি ভাগক কোৱা হয় ৰামদানি অংশ।ৰামদানি অংশৰ শেষ হোৱাৰ লগে লগেই গায়নে গীত গায় আৰু বায়নৰ বাজনাৰ চেৱে চেৱে নৃত্য কাৰী সকলে নৃত্য কৰে। এই গীতৰ লগত নৃত্য কৰা অংশক কোৱা হয় গীতৰ অংশ৷ গীতৰ অংশ শেষ হোৱাৰ পাছত পুনৰ কেৱল বাজনা আৰু তালৰ সহায়ত যি নৃত্য নচা হয়, সেই সমূহক মেলা নাচ বা মেলা অংশ বুলি কোৱা হয়। ইয়াত অভিনয় নাই, কেৱল নৃত্ত হস্তৰ প্ৰয়োগ আছে। লগতে যতি তালৰ ব্যৱহাৰ ইয়াত দেখা যায়।

বেহাৰ নাচ[সম্পাদনা কৰক]

মাধৱদেৱৰ ‘ভোজন-বেহাৰ’ ঝুমুৰাখনিৰ পৰা এই নাচৰ উৎপত্তি হোৱা বুলি ভবা হয়। ৰামদানী আৰু গীতৰ-নাচ, এই দুই অংশত এই নৃত্যটি বিভক্ত। চুতৰ তালত বামদানী অংশ পৰিবেশন কৰা হয় আৰু গীতৰ নাচত ব্যৱহৃত হয় ৰক্ত তাল নাইবা পৰিতাল। কেতিয়াবা অৱশ্যে ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয়। পঁচিশৰ পৰা ত্ৰিশজনলৈকে ল'ৰাই কৃষ্ণৰ দৰে সাজ-পাৰ কৰি একেলগে নৃত্য কৰে। লগত থাকে কৃষ্ণৰ বৃন্দাবনত গো-চাৰণ বিষয়ক গীত। ৰামচৰণ ঠাকুৰৰ চৰিত পুথিত ভোজন-বেহাৰ ঝুমুৰাত কৃষ্ণই হাতত বাঁহী লৈ কৰা নৃত্যৰ বিৱৰণ আছে। ইয়াত কৃষ্ণই পৰিধান কৰিছিল পীত বসন আৰু বলোৰামে পিন্ধিছিল নীল বসন। বেহাৰ নাচটি বিশেষ বিশেষ উপলক্ষতহে প্ৰদৰ্শন কৰা হয়।

চালি নাচ[সম্পাদনা কৰক]

চালি নৃত্য মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা সৃষ্ট অন্যতম এক লাস্য প্রধান স্ত্রী-সূলভ নৃত্য। এই নৃত্য টিৰ উৎপত্তি সম্পৰ্কত বহু জনে ভাগৱতৰ হৰ-মোহনৰ মোহিনীৰ নৃত্য ৰ কথা কোৱা দেখা যায়। অর্থাৎ তাৰ উৎস লৈয়েই চালি নৃত্যৰ সৃষ্টি।ইয়াৰ উপৰিও ময়ূৰ চৰায়ে চালি ধৰাৰ লগত এই নৃত্যৰ অন্তর্নিহিত তাৎপর্য আছে বুলি ভবা হয়। বাৰিষা আহিলে ময়ূৰে মনৰ আনন্দত চালি নৃত্য কৰে। সেই দৰে ভগৱানৰ আধ্যাত্মিক সান্নিধ্যতো ভক্তৰ মন আনন্দানুভুতিৰে ভৰি উঠে। মেঘ আৰু আৰু ময়ূৰৰ সম্পৰ্কই যেন ভক্ত আৰু ভগৱানৰো সম্পর্ক। ‘হৰিবংশ'ৰ মতে নাৰদে বৈকুণ্ঠত চালি নৃত্য প্ৰদৰ্শন কৰিছিল। স্বয়ং কৃষ্ণই বৃন্দাবনত এই নৃত্য প্রদর্শন কৰিছিল বুলিও এটা বিশ্বাস প্রচলিত আছে।চালি নৃত্য তিনিটা ভাগত বিভক্ত। প্রথম ভাগক ৰামদানি, দ্বিতীয় ভাগক গীতৰ অংশ আৰু তৃতীয় ভাগক মেলা নৃত্য বুলি কোৱা হয়।এই চালি নাচ মূঠ ১২ খন। ইয়াৰে ৮ খন শুদ্ধ চালি আৰু ৪ খন ৰজাঘৰীয়া চালি নামেৰে পৰিচিত। সত্ৰ সমূহত চালি নাচৰ আঠোটি প্ৰকাৰ আছে বুলি কোৱা হয়। এই প্ৰকাৰভেদ হয় ঘাইকৈ ৰামদানী অংশৰ তালৰ প্ৰয়োগৰ ভিন্নতাৰ বাবে। গা-নাচত কেৱল একতালি আৰু পৰিতালৰ ব্যৱহাৰ হয়। নাৰীৰ মনোভাবসূচক বৰগীত আৰু অংকৰ গীত এই নৃত্যৰ লগত পৰিবেশন কৰা হয়। ইয়াৰ ৰামদানী অংশ চাৰিভাগত বিভক্ত–বৰ, সৰু, কলাকটীয়া আৰু হাজোৱলীয়া। উল্লেখযোগ্য যে, চালি নাচকে কেতিয়াবা নটুৱা নাচো বোলা হয়। ড° মহেশ্বৰ নেওগে মত প্ৰকাশ কৰিছে যে- ভৰতৰ নাট্যশাস্ত্ৰত থকা চৰণ, পদ, উৰু আৰু নিতম্বৰ বিশেষ সঞ্চালন বুজোৱা পদ-চাৰিকা, চাৰি বা চাৰী শব্দৰ পৰাই ‘চালি’ শব্দটিৰ উৎপত্তি হৈছে। সাজ-পোছাক ৰ ক্ষেত্ৰত চালি নাচৰ নৃত্য শিল্পী সকলে সাধাৰণতে শিৰত ওৰণা,ককালত লহঙা, গাত হাত কটা মহমল চোলা,ৰিহা আদি ব্যৱহাৰ কৰাৰ লগতে অলংকাৰ হিচাপে ডিঙিত মতা-মণি, কাণত উন্টি,হাতত বাজু বা গামখাৰু ইত্যাদি সমূহ পৰিধান কৰে৷

নাডু ভংগি[সম্পাদনা কৰক]

বৃন্দাবনত তিনি যোৰা গোপ-গোপীৰ নৃত্যৰ দ্বাৰা নাডু ভংগি প্ৰদৰ্শন কৰা হয় ৷ কোনো কোনো সত্ৰীয়া সাধকৰ মতে আকৌ কৃষ্ণই কালি হৃদত কালিক দমন কৰিবলৈ নাদুৰি নাদুৰি নচা কাৰণেই এই নৃত্য টি নাদুভংগি নৃত্য।‘ৰাস ঝুমুৰা’ৰ গীতৰ লগতে দুই এটি বৰগীতেৰে নৃত্যটি সংগত কৰা হয়। যেনে “সখী হে চলে কানু বৃন্দাবনে” আৰু ‘আৱে সখী পেথু মদন গোপালা"।এই নৃত্যটি দুটা ভাগত বিভক্ত। প্রথম অংশটি ৰামদানি বোলাৰ বিপৰীতে দ্বিতীয় অংশক গীতৰ নাচ বুলি কোৱা হয়। এই দুই অংশত বিভক্ত নৃত্যটিৰ অভিনয় নাই, কেৱল নৃত্ত হস্তহে আছে ৷তালৰ ক্ষেত্ৰত ৰামদানি অংশত থুকনি,চুতা তাল আৰু গীতৰ অংশত পৰি,জার্মান,চুতা,যতি আদি ভিন্ন প্ৰকাৰৰ তাল ব্যৱহাৰ কৰা হয়। ঝুমুৰা নাচৰ লগত ইয়াৰ পাৰ্থক্য এয়ে যে, এই নৃত্যত বিভিন্ন তালৰ প্ৰয়োগ কৰিব পাৰি। এই নৃত্যৰ সাজ-পোছাকৰ ক্ষেত্ৰত নটুৱাই শিৰত ওৰণা,টুপি,গাত মহমলৰ চোলা,ককালৰ পৰা ভৰিলৈকে হালধীয়া ৰঙৰ ধূতি,হাতত বাজু, ডিঙিত মতা-মণি, কাণত উন্টি ইত্যাদি পৰিধান কৰে।

বৰ-প্ৰৱেশৰ নাচ[সম্পাদনা কৰক]

এই নৃত্য টি সম্পূর্ণ আধ্যাত্মিক ভাৱত সত্ৰত এক বিশেষ দিনত গুৰু কীৰ্তন মহোৎসৱত পৰিবেশন কৰা হয়।কৃষ্ণই বৃন্দাবনত গৰু চাৰি আহি গধূলি ৰং-ধেমালি কৰি বৃন্দাবনলৈ ঘূৰি অহা ছবি এখন ইয়াত পোৱা যায়।নৃত্য টিৰ সাজ সজ্জা নাদুভংগি আৰু ভোজন বাহাৰ নৃত্যৰ লগত একে। পঁছিশ-ত্রিশজন নটুৱাই কৃষ্ণৰ সাজ পৰিধান কৰি ইয়াত অংশ গ্রহণ কৰে৷এই নৃত্য টিৰ এক বিশেষ বৈশিষ্ট্য হ'ল যে আন আন সত্ৰীয়া নৃত্য সমূহত ব্যৱহাৰ নকৰা কিছুমান ভঙ্গিমা এই নৃত্যত ব্যৱহৃত হয়। যি সমূহে নৃত্য টিক মনোৰম কৰি তুলে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

১lড° কৰবী ডেকা হাজৰিকাৰ- মাধৱদেৱ:সাহিত্য,কলা আৰু দৰ্শন ২l সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল।