সমললৈ যাওক

কুৰিমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য:Ghazilenin/কুৰিমাৰৰ পৰা পুনঃনিৰ্দেশিত)

কুৰিমাৰ[1] এটা পাঞ্জাবী প্ৰবচন যাৰ আক্ষৰিক অৰ্থ হৈছে কন্যা সন্তান হত্যাকাৰী৷ [2] [3] [4] “শিখ ৰিহাট মৰ্যাদা”কে ধৰি বিভিন্ন ৰিহাত-নামা বা নীতি-আদেশে এই প্ৰথা নিষিদ্ধ কৰা হৈছে৷ [5] [6] যদিও এই প্ৰথা বৰ্তমান বিলুপ্ত হৈছে, এই শব্দটোক বৰ্তমানৰ নাৰী শিশু বা ভ্ৰুণহত্যাৰ প্ৰথাৰ উল্লেখ হিচাপে চাব পাৰি, যাৰ ফলত ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলত নাৰী-পুৰুষৰ অনুপাত এক জটিল অবস্থা হৈছে৷ [2]

পুনৰীক্ষণ

[সম্পাদনা কৰক]

মধ্যযুগীয় অতীতত পঞ্জাৱকে ধৰি উত্তৰ-পশ্চিম ভাৰতৰ কিছুমান সম্প্ৰদায়ত নাৰী শিশু হত্যা এক গ্ৰহণযোগ্য প্ৰথা আছিল৷ কন্যা সন্তানক আগুৰি থকা বিভিন্ন আৰ্থ-সামাজিক সমস্যাই এই বৰ্বৰ প্ৰথাৰ উত্থানৰ কাৰণ৷ কুৰিমাৰ প্ৰথা কোনো ধৰ্মীয় মতবাদ, দৰ্শন বা দৰ্শনৰ দ্বাৰা সমৰ্থিত নহয়৷ [7] [8] [9] নানকে প্ৰচাৰ কৰা শিখ ধৰ্মৰ প্ৰধানতা পুৰোহিত বা পিতৃতন্ত্ৰত নাছিল [10] ৷ তথাপিও শিখ সম্প্ৰদায়ে এই ঘৃণনীয় প্ৰথা বহুদিন আঁতৰাব পৰা নাছিল৷

১৬৯৯ খ্ৰীষ্টাব্দত [11] গুৰু গোবিন্দ সিঙে শিষ্যসকলক অন্তৰ্ভুক্ত কৰাৰ সময়ত সমাজৰ পাঁচটা বিশেষ গোটৰ সৈতে উপবাস, একেলগে খাদ্য গ্ৰহণ আৰু বিবাহৰ পৰা বিৰত থাকিবলৈ স্পষ্ট নিৰ্দেশনা দিছিল৷ পাঁচটা বংশ হ’ল: মিনা ধীৰমাল,—গুৰু অৰ্জুন সিঙৰ জ্যেষ্ঠ ভাতৃ আৰু শত্ৰু পৃথবিমল, মুছান্দীয়াৰ বংশধৰ,—যিসকলে নিজকে গুৰু বুলি গণ্য কৰি ঘৃণাৰ প্ৰচাৰ কৰে, ৰাম ৰায়,—গুৰু টেগবাহাদুৰৰ হত্যাকাৰী ৰাম ৰায়ৰ বংশধৰ, ভাণ্ডানি,—যিসকলে মূৰ আৰু মূৰৰ খুলি কটায়, আৰু কুৰিমাৰ,—যিসকলে নিজৰ কন্যাক হত্যা কৰে৷ [11] অষ্টাদশ আৰু ঊনবিংশ শতিকাৰ ৰিহতনামাতো নাৰী শিশু হত্যা নিষিদ্ধ কৰা হৈছিল৷ পন্থা সমাজৰ সকলো ঠাইতে সেই প্ৰথা সম্পূৰ্ণৰূপে নিৰ্মূল সম্ভৱ নাছিল বুলি ধাৰণা কৰা হয়৷ [12] [13] [14] ১৯৫০ চনত প্ৰকাশিত শিখ ৰিহাট বিধিত ইয়াক কঠোৰভাৱে নিষিদ্ধ কৰা হৈছিল৷ [15]

সন্দৰ্ভ

[সম্পাদনা কৰক]
  1. Horace Hayman Wilson (1862) (English ভাষাত). Essays and Lectures Chiefly on the Religion of the Hindus by the Late H. H. Wilson Miscellanuous essays and lectures. 2. National Central Library of Florence. Trubner. পৃষ্ঠা. ১৪৮-১৪৯. http://archive.org/details/bub_gb_CJN5gsuvMoQC. 
  2. 2.0 2.1 Patel, Tulsi (2007) (en ভাষাত). Sex-Selective Abortion in India: Gender, Society and New Reproductive Technologies. SAGE Publications. পৃষ্ঠা. ২৪২. ISBN 978-0-7619-3539-1. https://books.google.com/books?id=UegqZBISwBYC&pg=PA242. 
  3. Oldenburg, Veena Talwar; Talwar, Veena (2010) (en ভাষাত). Dowry Murder: Reinvestigating A Cultural. Penguin Books India. পৃষ্ঠা. ২৩. ISBN 978-0-14-306399-5. https://books.google.com/books?id=FbJLqd9flhAC&pg=PA23. 
  4. McLeod, W. H. (2009-07-24) (en ভাষাত). The A to Z of Sikhism. Scarecrow Press. পৃষ্ঠা. ১১৯. ISBN 978-0-8108-6344-6. https://books.google.com/books?id=vgixwfeCyDAC&pg=PA119. 
  5. Craufurd, Q. (Quintin) (1817). Researches concerning the laws, theology, learning, commerce, etc. of ancient and modern India. New York Public Library. London, T. Cadell and W. Davies. পৃষ্ঠা. ৩৪৪. http://archive.org/details/researchesconce00craugoog. 
  6. Dahiya, Amardeep S. (2014-04-14) (en ভাষাত). Founder of the Khalsa: The Life and Times of Guru Gobind Singh. Hay House, Inc. পৃষ্ঠা. ১৪৬. ISBN 978-93-81398-61-6. https://books.google.com/books?id=UA09BAAAQBAJ&pg=PT146. 
  7. McLeod, W. H. (2009-07-24) (en ভাষাত). The A to Z of Sikhism. Scarecrow Press. পৃষ্ঠা. ১১৯. ISBN 978-0-8108-6344-6. https://books.google.com/books?id=vgixwfeCyDAC&pg=PA119. 
  8. Oldenburg, Veena Talwar; Talwar, Veena (2010) (en ভাষাত). Dowry Murder: Reinvestigating A Cultural. Penguin Books India. পৃষ্ঠা. ২৩. ISBN 978-0-14-306399-5. https://books.google.com/books?id=FbJLqd9flhAC&pg=PA23. 
  9. Mohan, Kamlesh (2006) (en ভাষাত). Towards Gender History: Images, Identities, and Roles of North Indian Women with Special Reference to Panjab. Aakar. পৃষ্ঠা. ৫২. ISBN 978-81-87879-65-7. https://books.google.com/books?id=aO5zXUD6chgC&pg=PA52. 
  10. Pashaura Singh; Louis E. Fenech (27 March 2014). The Oxford Handbook of Sikh Studies. OUP Oxford. p. 620. ISBN 978-0-19-100411-7. Retrieved 14 November 2015.
  11. 11.0 11.1 Dahiya, Amardeep S. (2014-04-14) (en ভাষাত). Founder of the Khalsa: The Life and Times of Guru Gobind Singh. Hay House, Inc. পৃষ্ঠা. ১৪৬. ISBN 978-93-81398-61-6. https://books.google.com/books?id=UA09BAAAQBAJ&pg=PT146. 
  12. Craufurd, Q. (Quintin) (1817). Researches concerning the laws, theology, learning, commerce, etc. of ancient and modern India. New York Public Library. London, T. Cadell and W. Davies. পৃষ্ঠা. ৩৪৪. http://archive.org/details/researchesconce00craugoog. 
  13. Irvine, William (1971) (en ভাষাত). Later Mughal. Atlantic Publishers & Distri. পৃষ্ঠা. ৮১. https://books.google.com/books?id=ak5oFjTys8MC&pg=PA81. 
  14. Horace Hayman Wilson (1862) (English ভাষাত). Essays and Lectures Chiefly on the Religion of the Hindus by the Late H. H. Wilson Miscellanuous essays and lectures. 2. National Central Library of Florence. Trubner. পৃষ্ঠা. ১৪৮-১৪৯. http://archive.org/details/bub_gb_CJN5gsuvMoQC. 
  15. Singh, Pashaura; Fenech, Louis E. (2014-03-27) (en ভাষাত). The Oxford Handbook of Sikh Studies. OUP Oxford. পৃষ্ঠা. ৬২০. ISBN 978-0-19-100411-7. https://books.google.com/books?id=7YwNAwAAQBAJ&pg=PA620.