সমললৈ যাওক

হৰিপুৰ গাঁও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(হৰিপুৰ গাওঁৰ পৰা পুনঃনিৰ্দেশিত)

হৰিপুৰ গাঁওখন শদিয়া মহকুমা তথা শদিয়া মৌজাৰ অন্তৰ্গত। শদিয়া মহকুমাৰ সদৰ ঠাই চপাখোৱৰ পশ্চিম দিশত হৰিপুৰ গাঁও অৱস্থিত। এই গাঁওখন চপাখোৱাৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত। হৰিপুৰলৈ যাবলৈ ইচলামপুৰ তিনিআলিৰ পৰা ফালৰি কাতি যোৱা পথটোৰে যাব লাগে। তিনিচুকীয়া চহৰৰ পৰা আহিলে শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুৰ পৰা প্ৰায় ১০ কিলোমিটাৰ অতিক্ৰম কৰি কুণ্ডিল নদীৰ ওপৰৰ দলংখন পাৰ হৈ ৩৭ নং ঘাই পথৰ পৰা বাঁওফালৰ পথটোৰেও হৰিপুৰ গাঁৱলৈ যোৱা হয়।

গাঁওখনৰ বাসিন্দাসকল কৈৱৰ্ত সম্প্ৰদায়ৰ। জনসংখ্যা প্ৰায় ছশ। গাঁওখনত দুখন প্ৰাথমিক বিদ্যালয় আছে। এখনৰ নাম হৰিপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু আনখনৰ নাম ২ নং হৰিপুৰ প্ৰাথমিক বিদ্যালয়। গাঁওখনত এটা নামঘৰ আছে। এই গাঁওখনৰ বাসিন্দাসকল মূলতঃ গোলাঘাটৰ নগোৰা সত্ৰৰ শিষ্য।

জীৱিকা হিচাবে অতিততে প্ৰায় সকলো লোকেই মাছমৰীয়া আছিল যদিও বৰ্তমান এতিয়া এই বৃত্তি সকলোৱে ত্যাগ কৰি অন্যান্য কৰ্মত নিয়োজিত হৈছে। বহু সংখ্যকে চৰকাৰী চাকৰি কৰাৰ উপৰিও অন্যান্য ব্যৱসায়ৰ লগতো জড়িত হৈ পৰিছে।

বৰ্তমান হৰিপুৰৰ গাঁও-বুঢ়াজন হ’ল শ্ৰী যুত জীৱন চন্দ্ৰ হাজৰিকা আৰু গাঁও পঞ্চায়তৰ সদস্য জনৰ নাম হ'ল শ্ৰীমতী পূৰ্ণিমা দাস। গাঁও পঞ্চায়তৰ নাম - ৰাজগড় গাঁও পঞ্চায়ত৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]