সমললৈ যাওক

ৱিকিপিডিয়া:জ্যামিতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জ্যামিতি বিষয়ৰ আলোচনাৰ কাৰণে এই পৃষ্ঠা ব্যবহাৰ কৰিব

[সম্পাদনা কৰক]

বিষ্ণু শইকীয়া আৰু অম্লান: জ্যামিতি বিষয়ক প্ৰবন্ধবোৰ আমি লিখি আছোঁ যদিও তাৰ ফলত বহুত সৰু সৰু প্ৰবন্ধ যেনে ৰেখা, জ্যা, বৃত্ত ... আদি হৈ গৈছে। সেয়ে মই এটা পৰামৰ্শ আগবঢ়াব খুজিছোঁ।

বিষয়টোত মাজত ধৰি ধৰি লিখাতকৈ আমি এটা মুখ্য প্ৰবন্ধ "জ্যামিতি"ৰ আঁত ধৰি আগবাঢ়োঁ। ইয়াতে আমি এতিয়া দুটা বস্তু ঠিক কৰি ল'ব লাগিব:

  1. জ্যামিতিৰ পৰা কি কি প্ৰবন্ধ ওলাব: যেনে বৃত্ত, ত্ৰিভুজ আদি - আৰু সিহঁতৰ পৰা কি কি প্ৰবন্ধ ওলাব: যেনে জ্যামিতি ->( (বৃত্ত -> ব্যাস, জ্যা, পৰিধি), (ত্ৰিভুজ-> বাহু, কোণ, ...) .....) আদি। তাকে কৰোঁতে লক্ষ্য ৰাখিব লাগিব যাতে আমি প্ৰবন্ধবোৰ অযথা চুটি বা দীঘল কৰি নেপেলাওঁ (দীঘল হ'লে মানুহৰ ম'বাইলত চোৱা অসুবিধা হয়, আৰু বৰ চুটি হ'লেও আপচু হয়।) দেখাতেই আমি যিহেতু অসমীয়া ৱিকিত উচ্চগণিতৰ কথাবোৰ লিখি লাভ নাই (কাৰণ যি সেই বিষয়ে জানিবলৈ বিচাৰিব, তেওঁ নিশ্চয় উচ্চ পৰ্যায়ৰ পঢ়ুৱৈ হ'ব - তেওঁ ইংৰাজীখনো পঢ়িব পাৰিব।
  2. গতিকে আমি "টপ ডাউন" মানে ওপৰৰ পৰা আৰম্ভ কৰি "শ্ৰেণীবৃক্ষ" এডাল বনাই লওঁ আৰু প্ৰথমতেই ঠিক কৰি লওঁ: কি কি বিষয়ৰ বাবে জ্যামিতিৰ প্ৰবন্ধ লিখিম। মোৰ মতে গণিত, বিজ্ঞান আদি প্ৰবন্ধবোৰ হায়াৰ চেকেণ্ডাৰী পৰ্য্যায়ৰ হ'লেই হ'ব। গতিকে প্ৰচলিত এখন পাঠ্যপুঠি চাই আমি শ্ৰেণীবিভাজন কৰি, য'ত য'ত প্ৰবন্ধ লিখিব লাগে তাত "stub" লগাই গ'লেই হ'ল।

মই ভাবোঁ, বিষ্ণুৱে ইয়াত আগভাগ লওক। লগত সহায় কৰিবলৈ মই, গীতাৰ্থ আৰু অম্লান আছোঁৱেই।

প্ৰভাকৰ শৰ্মা নেওগ 17:20, 14 ডিচেম্বৰ 2011 (UTC)


কথাটো ময়ো ভাৱিছো জ্যামিতি পৃষ্ঠাটো বনাই থাকোতে এয়া মনলৈ আহিছিল| কিন্তু বৃত্ত বিষয়লৈ যদি লক্ষ্য কৰে তেন্তে ইংৰাজী ৱিকিত এটা ডাঙৰ প্ৰবন্ধ দেখিবলৈ পোৱা যাব, তাত প্ৰায় প্ৰতিটো শাৰীয়েই এখন ৱিকিৰ বাবে অত্যন্ত প্ৰয়োজনীয়| আজিৰ তাৰিখত অসমীয়া ৱিকিত সক্ৰিয় কৰ্মীৰ সংখ্যা নগন্য কিন্ত ১০ বছৰ বা ২০ বছৰ পাছত সেয়া চাগে আৰু বহু ওপৰলৈ আগবাঢ়িব| আমি এতিয়াৰ পৰাই যদি এই সম্পৰ্কে সজাগ হওঁ আৰু পৃষ্ঠাবোৰ অনুৰূপ ধৰণে সজাই ৰাখো তেতিয়া হ’লে ভৱিষ্যত প্ৰজন্মৰ সহায়ক হ’ব| বাকী সিদ্ধান্ত প্ৰভাকৰ শৰ্মা নেওগ দাদালৈ আগবঢ়ালো|

(Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 17:40, 14 ডিচেম্বৰ 2011 (UTC)

তেন্তে আমি "future work" বুলি এটা template তৈয়াৰ কৰি লওঁ? অম্লানেই পাৰিব চাগৈ। প্ৰভাকৰ শৰ্মা নেওগ 17:45, 14 ডিচেম্বৰ 2011 (UTC)
অ’ সেয়া কৰিলে ভালেই হ’ব চাগে| অম্লান দা আৰু গীতাৰ্থঅ‍ই কি কয় বা? (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 17:48, 14 ডিচেম্বৰ 2011 (UTC)
মই একো ক'ব খোজা নাই কাৰণ মোৰ টেকনিকেল বেকগ্ৰাউণ্ড আছে। গতিকে এই বিষয়ে নন-টেকনিকেল মানুহে ডিচিশ্যন লোৱাটো ভাল। প্ৰভাকৰ শৰ্মা নেওগ 17:57, 14 ডিচেম্বৰ 2011 (UTC)
মোৰ বোধেৰেও প্ৰবন্ধবোৰত সদ্যহতে basic কথাবোৰ ৰাখিলেই হ'ল। উচ্চ খাপৰ তথ্য ৰাখি লাভ নাই। আপোনালোকে বিচাৰে যদি মই "future work" template এটা বনাই দিব পাৰোঁ। পিছে বিষ্ণু দা আপুনি মোক দাদা বুলি নক'ব। মই আপোনাতকৈ সৰু। --অম্লান জ্যো ব 02:26, 15 ডিচেম্বৰ 2011 (UTC)
অম্লান ম‍ই তোমাক বয়সত ডাঙৰ বুলি ভাবি আছিলো, আগলৈ বাৰু তুমি বুলি ক’ম| এতিয়া টেম্প্লেখন বনাই বনাই চোৱাচোন| যদি ঠিক হয় তেন্তে ৰাখি থ’লেই হ’ল| বেয়া হ’লে দিলিট, নে কি কোৱা? (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:02, 15 ডিচেম্বৰ 2011 (UTC)
আপোনালোকে এইমতেই কৰকচোন। মই অলপদিন পিছতহে চাব পাৰিম। Gitartha.bordoloi 13:40, 15 ডিচেম্বৰ 2011 (UTC)


সদ্যহতে এই বিষয় ইমানতে থাকক, আমি পাচত সকলোৱে আজৰি সময়ত আলোচনা কৰিম। অম্লান, তুমি টেমপ্লেট তাৰ পাচত বনালেও হ'ব প্ৰভাকৰ শৰ্মা নেওগ 13:01, 31 ডিচেম্বৰ 2011 (UTC)