ৱিকিপিডিয়া:Sandbox

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:TESTৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

দণ্ডীধৰ ফাটোৱালীৰ জীৱন আৰু সাহিত্য- কৃতিৰ ঐতিহাসিক তাৎপৰ্য

- বীৰ্কে বি. থাপা

অম্বিকাগিৰী যুগৰ জাতীয় পুনৰোত্থানৰ এগৰাকী সৰৱ কৰ্মী তথা অবিভক্ত লক্ষ্মীমপুৰ জিলাৰ প্ৰথমগৰাকী জনজাতীয় সাহিত্যিক প্ৰয়াত দণ্ডীধৰ ফাটোৱালীদেৱৰ সৃষ্টিৰাজিৰ সবিশেষ আলোচনা প্ৰকৃততে যেনেদৰে হ'ব লাগিছিল তেনেদৰে আজিও হোৱা নাই। আশ্চৰ্যজনকভাৱে বহুতৰ বাবে তেখেত আজিও তেনেই অখ্যাত। অথচ প্ৰয়াত ফাটোৱালীদেৱ এনে এগৰাকী লেখক আছিল যি গৰাকী লেখকে বিংশ শতিকাৰ দ্বিতীয় দশকত গা-কৰি উঠা জনজাতীয় জাগৰণৰ অন্যতম এগৰাকী প্ৰধান হোতা স্বৰূপে জনজাতীয়-স্বকীয়তা ৰক্ষাৰ বাবে অহৰ্নিশে কাম কৰি যোৱা সত্ত্বেও এক উদাৰ মানসিকতাৰে বৃহত্তৰ অসমীয়া জাতিসত্তাতো আকুণ্ঠ বিশ্বাস ৰাখিছিল আৰু অসমীয়া সমাজ-জীৱনৰ নানা সমস্যা আৰু কেৰোণসমূহক নিজৰ সৃষ্টিৰাজিৰ মাজেৰে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰি গৈছিল। প্ৰয়াত দণ্ডীধৰ ফাটোৱালীদেৱে যি সময়ত লিখিবৰ বাবে হাতত কলম তুলি লৈছিল সেই সময়ত ডাঙৰীৰ দৰে তেনেই আওহতীয়া অঞ্চলৰ কথা বাদেই, সমগ্ৰ অসমতে সাহিত্য সৃষ্টিৰ অনুকূল পৰিৱেশ নাছিল। কুৰি শতিকাৰ দ্বিতীয় দশকৰ সময়ছোৱাতে তেখেতে শত্ৰুদমন, নীলাম্বৰ,গেলাত টেঙা,সৰস্বতী আদি কেইবাখনো পূৰ্ণাংগ নাট আৰু প্ৰহসন,কবিতা তথা উপন্যাস ৰচনা কৰি সাহিত্য-চিন্তা আৰু চৰ্চাৰ বাট মুকলি কৰিছিল। তেখেতৰ প্ৰচেষ্টাতে বৃহত্তৰ ডাঙৰী আৰু ছৈখোৱা অঞ্চলত নাট্যচৰ্চাৰো এক পৰিৱেশ গঢ় লৈ উঠিছিল। প্ৰয়াত দণ্ডীধৰ ফাটোৱালীদেৱৰ জন্ম হৈছিল 1896 চনত বৰ্তমানৰ তিনিচুকীয়া জিলাৰ বদলাভেটা চাহ বাগিচাত। এটি সাক্ষাৎকাৰত তেখেতে কোৱা মতে,সপ্তাহৰ তেল-নিমখৰ বাবে ছয় অনাৰ খোৰাকীৰে তেখেতে প্ৰথমে শদিয়াৰ মাইনৰ স্কুলত পঢ়া আৰম্ভ কৰিছিল আৰু পঢ়া-শুনাত মেধাৱী ছাত্ৰ হিচাপে সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম হৈ মাইনৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে তেখেতে সিমানতে পঢ়া-শুনা সমাপ্ত কৰি মাহে তিনি টকা দৰমহাত বদলাভেটা চাহ-বাগিচাতে কৰ্মজীৱন আৰম্ভ কৰিবলগীয়া হৈছিল। কিন্তু তেখেতৰ ওপৰত জাপি দিয়া এটা মিছা অপবাদৰ বাবে প্ৰবল আত্মসন্মানবোধসম্পন্ন ফাটোৱালীদেৱে হাতৰ চাবিকোচা বগা চাহাবৰ টেবুললৈ দলিয়াই দি চাহ বাগিচাৰ চাকৰি এৰি গাঁৱৰ ঘৰলৈ গুচি আহিছিল আৰু ডাঙৰী গাঁৱৰ পৈতৃক ভূমিত স্বাধীনভাৱে খেতি-খোলাৰ কামত নিজক নিমগ্ন কৰিছিল। কৃষিকৰ্মৰ লগে লগে তেখেতে সাহিত্যচৰ্চাও কৰি গৈছিল। উল্লেখযোগ্য যে ফাটোৱালীদেৱৰ সাহিত্য সৃষ্টিৰ অন্তৰালত নিশ্চিতভাৱে সেই সময়ত ডাঙৰীত গঢ় লৈ উঠা জনজাতীয় জাগৰণৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আছিল। বিশিষ্ট শিক্ষাবিদ প্ৰয়াত গকুল সোণোৱাল দেৱে লিখা 'অসমৰ জনজাতি জাগৰণ আৰু জনজাতি জাগৰণত সোণোৱাল কছাৰীৰ ভূমিকা' শীৰ্ষক লেখাৰ পৰা জানিব পৰা যায় যে 1921চনত গঠিত ডাঙৰী কছাৰী যুৱক সন্মিলনী'খনেই আছিল প্ৰকৃততে সমগ্ৰ অসমৰে জনজাতীয় জাগৰণৰ প্ৰথম সূত্ৰপাত। অনুষ্ঠানটিৰ জন্ম লগ্নৰ সৈতে জড়িত ব্যক্তিসকলৰ ভিতৰত আছিল প্ৰয়াত ভৰত চন্দ্ৰ খাখলাৰী,যাদৱ চন্দ্ৰ খাখলাৰী, সোণাৰাম বাগলাৰী,কীৰ্তিনাথ খাখলাৰী আৰু দণ্ডীধৰ ফাটোৱালী। সন্মিলনীৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আছিল-সোণোৱালসকলৰ স্বকীয় অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰি যোৱা। সোণোৱাল কছাৰীসকলৰ মাজত জাতীয় চেতনা গঢ়ি তোলাৰ উদ্দেশ্যে এই 'ডাঙৰী কছাৰী সন্মিলনী'ৰ উদ্যোগতে ১৯২৫ চনত 'প্ৰভাতী' আৰু১৯৩৩ চনত 'ৰাইজ' নামৰ দুখনকৈ আলোচনীও প্ৰকাশ কৰা হৈছিল। দুৰ্ভাগ্যব:শত আৰ্থিক সমস্যাৰ বাবেই দুয়োখন আলোচনীৰে প্ৰকাশ কম দিনতে বন্ধ হৈ গৈছিল। সেয়ে হ'লেও কিছু সংখ্যক শিক্ষিত লোকৰ মাজত সাহিত্য-চিন্তা-চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আলোচনী দুখনৰ প্ৰভাৱ আছিল যথেষ্ট। জনজাতীয় আন্দোলনৰ এগৰাকী সৰব কৰ্মী হিচাপে স্বাভাৱিকতে দণ্ডীধৰ ফাটোৱালীদেৱৰো অন্তৰ্সত্তাত গঢ় লৈ উঠিছিল এক সবল আৰু সুদৃঢ় সংস্কাৰকামী মন। এই সংস্কাৰকামী মনটোৰে তেখেতে সাহিত্য সৃষ্টি কৰি গৈছিল। 'ডাঙৰী কছাৰী যুৱক সন্মিলনী'ৰ পৰা আৰম্ভ কৰি পৰৱৰ্তীকালত 'অসম ট্ৰাইবেল লীগ' গঠণ হোৱালৈকে এক সুদীৰ্ঘ জীৱন তেখেতে জনজাতীয় জাগৰণৰ আন্দোলনত অক্লান্ত ভাৱে কাম কৰি গৈছিল। এই সময়ছোৱাত সোণোৱালসকলৰ ঐতিহাসিক তথ্য উদ্ঘাটনৰ বাবে অধ্যয়ন কৰাৰ উপৰিও সোণোৱাল সকলৰ প্ৰচলিত মাত-কথা, হায়গাং গীত আদিও সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল। প্ৰয়াত দণ্ডীধৰ ফাটোৱালী আছিল গান্ধীজীৰ আদৰ্শৰ প্ৰতিও গভীৰ ভাৱে অনুৰক্ত। গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে সামাজিক উন্নয়নমূলক বিভিন্ন কৰ্মৰ সৈতে নিজক জড়িত কৰি ৰাখিছিল। সেইসূত্ৰে তেখেত লোকনায়ক অমিয় কুমাৰ দাস, প্ৰফুল্ল গোস্বামী, অম্বিকাগিৰী ৰায়চৌধুৰী,আনন্দ চন্দ্ৰ বৰুৱা, সীতানাথ ব্ৰহ্মচৌধুৰী, ভীমবৰ দেউৰী আদিৰ দৰে ব্যক্তিৰ সান্নিধ্যলৈয়ো আহিছিল। অমিয় কুমাৰ দাসৰ দৰে ব্যক্তি তেখেতৰ ডাঙৰীস্থ ঘৰলৈ আহি ডাঙৰী-ছৈখোৱা অঞ্চলৰ কানি-নিবাৰণী অভিযানৰ দায়িত্ব তেখেতৰ ওপৰত অৰ্পণ কৰিছিল। দণ্ডীধৰ ফাটোৱালীদেৱৰ সামাজিক কৰ্মৰাজীৰ ভিতৰত ট্ৰাইবেল সংঘৰ সংগঠন,পঞ্চাশৰ বৰভূইকঁপৰ সময়ত উচ্ছন্ন হোৱা চিৰিং গাওঁ কটকৰা জানৰ সিপাৰৰ ৰাইজক আনি ডাঙৰীৰ গ্ৰেজিঙত স্থাপন কৰা আদি উল্লেখনীয়। তেখেতৰ সামাজিক কৰ্মৰাজীক উদগনি যোগাইছিল অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে ব্যক্তিয়েও। ৰায়চৌধুৰীদেৱে বিভিন্ন সময়ত চিঠি-পত্ৰৰ যোগেদি সঘন যোগাযোগ ৰাখি তেখেতক সামাজিক দায়বদ্ধতাৰ কথা সোঁৱৰাই দিছিল। সেইদৰে আত্মগোপন কালত আহি বিষ্ণুপ্ৰসাদ ৰাভাইয়ো তেখেতৰ ঘৰত আশ্ৰয় লৈছিল। ডাঙৰীত থকা কালতে ৰাভাদেৱে 'সুৰৰ দেউল ' নামৰ নাটক এখন লিখিছিল আৰু সৰস্বতী পূজাৰ দিনা ডাঙৰী স্কুলত মঞ্চস্থও কৰাইছিল। নাটকখনত সন্নিবিষ্ট 'সুৰৰে দেউলৰে ৰূপৰে শিকলি 'গীতটি পৰৱৰ্তী কালত বিখ্যাত হৈ পৰিছিল।

ফাটোৱালীদেৱৰ সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে অবিভক্ত ডিব্ৰুগড় জিলা সাহিত্য পৰিষদে 1969 চনত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে। 1976 চনত অসম চৰকাৰেও তেখেতলৈ সাহিত্যিক পেঞ্চন আগবঢ়াইছিল। অৱশেষত 1979 চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ 86 বছৰ বয়সত তেখেতৰ মৃত্যু হয়। ফাটোৱালীদেৱৰ সাহিত্য কৃতিৰ সূক্ষ্ম অধ্যয়নৰ পৰা দেখা যায় যে এক উচ্চ পৰ্যায়ৰ শিল্পগুণ বা নন্দনতাত্বিক মূল্যতকৈ তেখেতৰ সৃষ্টিৰাজিৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়টোকহে আমি অধিক গুৰুত্ব দিয়া উচিত। এই কথা সত্য যে তেখেতৰ ৰচনাত আজিৰ যুগৰ পাঠকে নিশ্চয় কেতিয়াও এক উচ্চ মানবিশিষ্ট লেখনশৈলী বা সাহিত্যৰ ৰূপ-ৰস আৱিষ্কাৰ নকৰিব। ইয়াৰ বাবে অৱশ্যেই তৎকালীন সাহিত্য সৃষ্টিৰ প্ৰতিকুল পৰিৱেশৰ কথাই মূলতে দায়ী। দণ্ডীধৰ ফাটেৱালীদেৱৰ লেখক-সত্তাত সততে লুকাই থকা দেখা যায় এজন সমাজ সচেতন,সংস্কাৰকামী মানুহ। সেয়ে সাহিত্যৰ শিল্পগুণ বা সৌন্দৰ্যৰ পৰিৱৰ্তে তেখেতৰ ৰচনাত লক্ষ কৰা যায় সামাজিক সমস্যাৰাজীৰ পোনপটীয়া প্ৰকাশ। এই সমস্যাসমূহক পোনপটীয়াকৈ প্ৰকাশ কৰিবলৈ যোৱাৰ ফলস্বৰূপে তেখেতৰ বেছিভাগ ৰচনাই হৈ পৰিছে নাটকীয়ভাৱে বক্তৃতাধৰ্মী আৰু উপদেশ, নীতিকথাৰে পূৰ্ণ। স্বাভাৱিকতে সাহিত্যৰ নন্দনতাত্বিক দৃষ্টিত তেখেতৰ ৰচনাসমূহৰ সৰসতা,আনুভূতিক অন্তধৰ্মিতা আৰু শিল্পগুণ বিনষ্ট হৈছে। ফাটোৱালীদেৱৰ ৰচনাত শিল্পগুণ বিনষ্ট হোৱা সত্ত্বেও সিবিলাকৰ এক সুকীয়া ঐতিহাসিক তাৎপৰ্য আছে। তেখেতে সেই সময়ত অসমীয়া ভাষা আৰু লিপিত লিখিবলৈ আৰম্ভ কৰিছিল যি সময়ত অসমৰ ভূমিপুত্ৰস্বৰূপ জনজাতীয় লোকসকলে নিজৰ নিজৰ ধৰ্ম, সংস্কৃতি, দোৱান আদিক আকোঁৱালী আছিল আৰু বৃহত্তৰ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু লিপিক নিজৰ বুলি গ্ৰহণ কৰাৰ মানসিকতা গোটাব পৰা নাছিল। সেই সময়ত তেখেতৰ দৰে খুব কম সংখ্যক শিক্ষিত জনজাতীয় লোকেহে ইয়াৰ ভৱিষ্যৎ পৰিণাম সম্পৰ্কে সচকিত হৈ উঠিছিল। অসমীয়া ভাষা-সাহিত্যৰ উন্নয়নৰ বাবে চেষ্টা কৰা জনজাতীয় লেখকসকলৰ কথা উল্লেখ কৰোঁতে সেয়ে হোমেন বৰগোহাঞিদেৱেও তেখেতৰ 'অসমীয়া ভাষা আৰু জনজাতীয় জাগৰণ' শীৰ্ষক এটি প্ৰবন্ধত সোণাৰাম পায়েং, চাৰুচন্দ্ৰ দলে,মুহিচন্দ্ৰ মিৰি,চকভাল কাগয়ুং,তৰুণচন্দ্ৰ পামেগাম, সীতানাথ ব্ৰহ্মচৌধুৰী আদিৰ লগতে দণ্ডীধৰ ফাটোৱালীদেৱৰো নাম উল্লেখ কৰিছে। ফাটোৱালীদেৱে নিজৰ জনজাতীয় সমাজত প্ৰচলিত দোৱানসমূহৰ আভিধানিক সংকলন,হায়দাং গীতৰ সংগ্ৰহ আদিৰ লগে লগে গীত, কবিতা, নাটক,উপন্যাস আদি সৃষ্টিশীল ৰচনাৰ কামতো নিজক নিমগ্ন কৰিছিল। অসমীয়া সাহিত্যৰ ইতিহাসলৈ লক্ষ কৰিলে দেখা যায় যে দ্বিতীয় মহাসমৰৰ পূৰ্বৰ অসমীয়া সমাজ জীৱনৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায় ঘাইকৈ দণ্ডীনাথ কলিতা আৰু দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসসমূহত। এই দুগৰাকী লেখকৰ পাছত তৎকালীন সমাজৰ বিভিন্ন অৱস্থাৰ চিত্ৰণ কৰা লেখকৰ নাম বহুদিনলৈকে পোৱা নাযায়। 'অসমীয়া সাহিত্যত দৃষ্টিপাত' শীৰ্ষক গ্ৰন্থত এই সম্পৰ্কে আলোচনা কৰি ড: হেমন্ত কুমাৰ শৰ্মাই লিখিছে যে কলিতা আৰু তালুকদাৰৰ পাছত দ্বিতীয় মহাসমৰৰ আগলৈকে তেনে বিশেষ উল্লেখযোগ্য উপন্যাস লেখক পোৱা নাযায় যদিও এই সময়ছোৱাৰ মাজত কেইগৰাকীমান (অপ্ৰখ্যাত)লেখকে আত্মপ্ৰকাশ কৰিছিল। সেইসকলৰ ভিতৰত এগৰাকী হ'ল 'চপলা'ৰ লেখক দণ্ডীধৰ সোণোৱাল। (উল্লেখযোগ্য যে 'চপলা'ৰ প্ৰথম সংস্কৰণত লেখকৰ নাম দণ্ডীধৰ সোণোৱাল বুলিয়েই প্ৰকাশ পাইছিল)। 1922 চনত প্ৰকাশিত 'চপলা' এখনি সামাজিক উপন্যাস। মাহী আইৰ নিষ্ঠুৰতাৰ বলি হোৱা এটি শিশুৰ মানসিক যন্ত্ৰণা,অভিমান আদিক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ কাহিনীভাগ ৰচিত। উপন্যাসখনৰ কাহিনী,চৰিত্ৰ সৃষ্টি আদিত বৈচিত্ৰ্য নাই। তেনেদৰে চৰিত্ৰসমূহৰ মাজতো আধুনিক উপন্যাসৰ অন্যতম বৈশিষ্ট্যস্বৰূপ মনস্তাত্বিক দ্বন্দ্ব বা সংঘাতৰ চিত্ৰ নাই। আমাৰ সমাজত সততে দেখিবলৈ পোৱা মানুহৰ মনৰ সংকীৰ্ণতা,মাহী আইৰ নিষ্ঠুৰতা আদিক সৰলভাৱে লেখকে উপন্যাসখনত প্ৰকাশ কৰিছে। উপন্যাসখনৰ পাতে পাতে লেখকৰ সংস্কাৰকামী মনটোৱে অহৰহ ক্ৰিয়া কৰি থকাৰ ফলস্বৰূপে উপন্যাসখনত স্বাভাৱিক সৰলতা লুপ্ত হোৱা সততে পৰিলক্ষিত হয়। ফাটোৱালীদেৱৰ উপন্যাসসমূহৰ ক্ষেত্ৰত দেখা যায় যে কাহিনী উপস্থাপনৰ যি কৌশল বঙালী সাহিত্যৰ বিশিষ্ট লেখক বংকিমচন্দ্ৰ চট্টোপধ্যায়ৰ পৰা অসমীয়া সাহিত্যৰ ৰজনীকান্ত বৰদলৈলৈকে বাগৰি আহিছিল সেই একেই কৌশল তেখেতৰ উপন্যাসসমূহতো পৰিলক্ষিত হয়। তেখেতে নিজেও বিভিন্ন সাক্ষাৎকাৰ আৰু লেখাসমূহৰ যোগেদি এই কথা প্ৰকাশ কৰিছিল যে সাহিত্য হিচাপে তেখেতৰ প্ৰিয় বিষয় আছিল বংকিমচন্দ্ৰ চট্টোপধ্যায়, কমলাকান্ত ভট্টাচাৰ্য, অতুলচন্দ্ৰ হাজৰিকা আদিৰ লেখাসমূহ। সেয়ে হ'লেও কাহিনী উপস্থাপনৰ ক্ষেত্ৰত তেখেতে বহুসময়ত অযথা নাটকীয় আৰু বাস্তৱ জীৱনৰ সৈতে সংগতিহীন দীঘলীয়া কাব্যময় সংলাপ ব্যৱহাৰ কৰা দেখা যায় যিয়ে নেকি বহু সময়ত সাহিত্যৰ শিল্পগুণ যথেষ্ট লাঘৱ কৰে। কাহিনী সৃষ্টিত তেখেতৰ দক্ষতা সততে চকুত নপৰে যদিও কাহিনীৰ হৃদয়স্পৰ্শী আৱেদনে পাঠকক মুগ্ধ নকৰাকৈ থাকিব নোৱাৰে। উল্লেখযোগ্য যে এই হৃদয়স্পৰ্শী কাহিনীৰ মাজেৰে প্ৰতিফলিত হোৱা তেখেতৰ সংস্কাৰকামী আদৰ্শই হৈছে প্ৰকৃততে তেখেতৰ সাহিত্য-সৃষ্টিৰ প্ৰধান বিষয়বস্তু। 1924 চনত প্ৰকাশিত তেখেতৰ 'যুগল-মূৰ্তি' উপন্যাসৰ কেন্দ্ৰীয় বিষয়বস্তু এহাল যুৱক-যুৱতীৰ নিষ্পাপ প্ৰেম কাহিনী। 'চপলা'তকৈ 'যুগলমূৰ্তি'ৰ ৰচনাত তেখেতক বেছি সংযত হোৱা দেখা যায়। প্ৰথমখন উপন্যাস লিখাৰ দুবছৰৰ পাছত এইখন উপন্যাস লিখাৰ বাবেই হয়তো উপন্যাসখনত পৰিৱেশ চিত্ৰণ,চৰিত্ৰ অংকন আদিয়ে তুলনামূলকভাৱে এক উন্নত মানদণ্ড লাভ কৰিবলৈ সক্ষম হৈছে। নাটকৰ দৰে দীঘলীয়া সংলাপৰ ব্যৱহাৰ তেখেতে বাদ দিয়া নাই যদিও বিশেষ আমনিদায়ক হোৱা নাই। যুগল আৰু মূৰ্তি নামৰ এহাল কিশোৰ-কিশোৰীৰ কৈশোৰ কালৰ নিষ্পাপ মৰম -চেনেহ যৌৱনত গৈ প্ৰেমলৈ ৰূপান্তৰিত হোৱা কাহিনীৰ অনুপম বৰ্ণনা দিয়াত লেখক নি:সন্দেহে সফল হৈছে। 'যুগলমূৰ্তি' উপন্যাসত এটি সুন্দৰ প্ৰেম কাহিনী প্ৰকাশ কৰাৰ লগতে উপন্যাসিকে চাহ বাগিচাৰ সেউজ পৰিৱেশ,চাহাবৰ বঙলা আৰু তাৰ জীৱন-যাপন প্ৰণালীৰো সুন্দৰ চিত্ৰ অংকন কৰিছে। উপন্যাসখনৰ কাহিনী পৰিকল্পনাত যথেষ্ট শিথিলতা পৰিলক্ষিত হয় যদিও চাহ বাগিচাত চাকৰি কৰা অসমীয়া মধ্যবিত্ত লেকসকলৰ বাবুগিৰি,সাধাৰণ শ্ৰমিক-বনুৱাসকলৰ ওপৰত তেওঁলোকে চলোৱা অন্যায় অত্যাচাৰ, হিংসা-কপট আদিৰ বাস্তৱ চিত্ৰ অংকন কৰাত তেখেত যথেষ্ট সফল হৈছে। উল্লেখযোগ্য যে অসমীয়া সাহিত্যত চাহবাগিচাৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাস বুলি কওঁতে সাধাৰণতে ৰাস্না বৰুৱাৰ 'সেউজী পাতৰ কাহিনী' উপন্যাসখনৰ কথাই কোৱা হয়। কিন্তু লক্ষণীয় যে ৰাস্না বৰুৱাৰ এইখন উপন্যাস প্ৰকাশ পাইছিল 1958 চনত আৰু তাৰো প্ৰায় 34 বছৰ পূৰ্বে 1924 চনতে ফাটোৱালীদেৱে 'যুগলমূৰ্তি' উপন্যাসৰ জৰিয়তে চাহবাগিচাৰ কাহিনীক প্ৰথম প্ৰকাশ কৰিছিল। 'সেউজী পাতৰ কাহিনী' উপন্যাসৰ শিল্পগুণ, চৰিত্ৰ চিত্ৰণ, কাহিনী উপস্থাপন কৌশল আদি নি:সন্দেহে অনুপম আৰু অতি উচ্চ মানবিশিষ্ট। কিন্তু 'যুগলমূৰ্তি'ৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়টোকো অস্বীকাৰ কৰিব নোৱাৰি। বিষয়টোক অসমীয়া সাহিত্যৰ সমালোচকসকলে গুৰুত্ব দিয়া উচিত। দুখৰ বিষয় যে, ফাটোৱালীদেৱে নিজৰ গাঁঠিৰ ধন ভাঙি ছপা কৰা এই উপন্যাসখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ নোপোৱাৰ বাবে বৰ্তমানে তেনেই দুষ্প্ৰাপ্য হৈ পৰিছে। ফাটোৱালীদেৱৰ এইখন উপন্যাসৰ লগতে অন্যান্য সৃষ্টিৰাজিৰো পুনৰ্প্ৰকাশৰ ব্যৱস্থা কৰিব পাৰিলে অসমীয়া সাহিত্যৰ ইতিহাসত নি:সন্দেহে এক মহৎ কাৰ্য হ'ব। ++


অফুৰন্ত প্ৰাণশক্তিৰে জীৱনক অত্যন্ত সহজ আৰু ইতিবাচক ৰূপত গ্ৰহণ কৰিব পৰা ব্যক্তি পুণ্য শইকীয়া ছাৰ। সঁচা অৰ্থত ক'বলৈ গ'লে,বহু ঘাত-প্ৰতিঘাতৰ মাজতো জীৱনটোক বেচ উপভোগ কৰিব জনা মানুহ তেখেত। জীৱনৰ দুখ-যন্ত্ৰণাবোৰক তেখেতেও উপলদ্ধি কৰে আৰু মৰ্মাহত হয়,কিন্তু জীৱনটোক সহজ আৰু উপভোগ্য ৰূপত গ্ৰহণ কৰিব পৰাকৈ নিজস্ব এটা দৃষ্টিভংগী আছে বাবেই তেখেতক সদায়ে হাঁহি-ফুৰ্টিৰে থকা দেখা যায়। এই এটা প্ৰাণশক্তিৰেই তেখেতে আজিও সভা-সমিতিসমূহত  প্ৰাণখোলা হাঁহিৰে অনৰ্গল কথা কৈ যায়,কবিতা পাঠ কৰি যায়,জীৱন সম্পৰ্কীয় নিজস্ব দৃষ্টিভংগীবোৰ ব্যংগাত্মক আৰু নাটকীয় শৈলীৰে প্ৰকাশ কৰি যায়।             ৮০ৰ দশকত 'অগ্ৰদূত' কাকতৰ পাতত 'নেপথ্যৰ গুনগুননি' শীৰ্ষক এলানি ব্যংগাত্মক ৰচনাৰে বৃহৎ সংখ্যক পাঠকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা পুণ্য শইকীয়াছাৰ অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট লেখক। 'নেপথ্যৰ গুণগুণনি'ৰ উপৰিও 'শ্বেতপত্ৰ','আলাপন',শুনিয়োক সৰ্বজন','শব্দৰ কাৰ্টুন','নেপথ্যৰ পৰা' আদি সমসাময়িক বিভিন্ন কাকত-আলোচনীৰ ব্যংগাত্মক ৰচনাৰ স্তম্ভলেখসমূহৰ জৰিয়তে তেখেতে বিগত প্ৰায় তিনিটা দশক ধৰি আমাৰ সমাজ-জীৱনত সততে ঘটি থকা দোষ-ত্ৰুটি সমূহক কটাক্ষ আৰু ক্ষুৰধাৰ সমালোচনা কৰি আহিছে।           অকল ব্যংগ ৰচনাৰেই নহয়,গভীৰ মননশীল আৰু জীৱনবোধ সম্পন্ন গীত,কবিতা,নাটক আৰু অন্যান্য কিছুমান মৌলিক ৰচনাৰেও পুণ্য শইকীয়া ছাৰে অসমীয়া সাহিত্যক যথেষ্ট সমৃদ্ধ কৰিছে। বিষয়বস্তুৰ মৌলিকত্বৰে অলেখ নিৱন্ধ লিখাৰ উপৰিও তেখেতে কেইবাখনো মূল্যবান গ্ৰন্থ সম্পাদনাও কৰিছে। 'অৰণ্যৰ অধিকাৰ' শীৰ্ষক গ্ৰন্থখনৰ বাবে তেখেতে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰদত্ত শিশু সাহিত্যৰ পুৰস্কাৰো লাভ কৰিছে। সাহিত্য জগতলৈ আগবঢ়োৱা বিপুল অৱদানৰ বাবে সদৌ অসম কবি সন্মিলনে তেখেতক 'বকুল বনৰ বঁটা' প্ৰদান কৰাৰ উপৰিও অসম চৰকাৰে  ২০০৬ চনত সাহিত্যিক পেঞ্চন আগবঢ়াইছিল।       ছাৰৰ গদ্যৰো নিজস্ব শৈলী আছে। স্বভাৱসুলভ ৰসিকতাৰে তেখেতে যিকোনো বস্তু বা ঘটনা একোটাক দেখাৰ লগে লগে নিজৰ অনুভৱখিনিক নিজস্ব শৈলীৰে প্ৰকাশ কৰাৰ অপূৰ্ব দক্ষতা ছাৰৰ আছে। তেখেতে লিখিছে-'বিশ্ব বিশ্ৰুত চিত্ৰ শিল্পী সকলে নিজৰ ছবি (Self portrait)খনকে এটা কুন্ধচ চেহেৰা দি আঁকে। ইয়াৰ মাজেদি তেওঁলোকে আচলতে এটা প্ৰচণ্ড বিদ্ৰোহ ঘোষণা কৰে। ময়ো আচলতে ব্যংগৰ মাজেদি নিজৰ ছবিখনকে প্ৰতিবিম্বিত কৰোঁ। আনক নহয়,নিজকে মই পীড়ণ কৰোঁ,নিজকে সতৰ্ক কৰোঁ,নিজক ভাঙো আৰু গঢ়োঁ। মই মোৰ ভিতৰৰ পৰাই শক্তি আহৰণ কৰোঁ। কথা কোৱাৰ মুন্সিয়ানা এটা বোধহয় মোৰ মাজত সৰুৰে পৰাই আছিল। বুদ্ধিদীপ্ত কথা বতৰা কৈ মই ভাল পাওঁ। তাকে মই পাঠকলৈ সংক্ৰমিত কৰোঁ। ভাৱবস্তুক নাটকীয় ৰূপত সজাই পৰাই দিওঁ। মোৰ হাস্য-ব্যংগ মূলত: সংলাপধৰ্মী। নাটক নাটক স্পৰ্শ এটা প্ৰায়েই থাকে। মই প্ৰক্ৰিয়াটো উপভোগ কৰেোঁ...'।                                               পুণ্য শইকীয়া ছাৰে এনেদৰেই তিনিশৰো অধিক হাস্য-ব্যংগ ৰচনা কৰিছিল। এই ব্যংগ ৰচনাসমূহৰ মাজেৰে তেখেতে আমাৰ সমাজ আৰু জাতীয় জীৱনৰ বিভিন্ন সমস্যা আৰু কেৰোণসমূহ উদঙাই দিছে। উদাহৰণ স্বৰূপে তেখেতে এটি ব্যংগ কবিতাত লিখিছে-     

              আয়কৰ নিদিয়াকৈ পাৰ যদি আয় কৰ               ক'লা টকা আছে বুধি কৰি নাই কৰ               ঘোচ খোৱা নাই যদি পাৰমানে ট্ৰাই কৰ               ৰাতি ৰাতি মদ খাই দিনটোত ড্ৰাই কৰ               বুকুখন বয়ল কৰি মগজুটো ফ্ৰাই কৰ               কটাকটি মৰামৰি ভায়ে ভায়ে হাই কৰ               সকলোৱে মিলিজুলি দেশখন ছাঁই কৰ..                                                                                                                           (নাঙঠ)               নিজৰ ব্যংগ -ৰচনাৰ সন্দৰ্ভত ছাৰে এটা সাক্ষাৎকাৰত কৈছিল-'মোৰ ব্যংগাত্মক সাহিত্যবিলাকত মই এটা বৈচিত্ৰ্য আনিবলৈ যত্ন কৰোঁ। মই গাঁৱলীয়া পটভূমিত লিখোঁ, চহৰীয়া পটভূমিত লিখোঁ, খেলা-ধূলা, চিনেমা আৰু লগতে অসমীয়া সংস্কৃতিৰ বিষয়েও লিখোঁ। এই বৈচিত্ৰ্যটো লাগিবই। আৰু এই বৈচিত্ৰ্যটো ভাষাটোৱেহে তুলি ধৰিব লাগিব। গ্ৰাম্য ভাষাটো যদি ভালকৈ আয়ত্ত কৰিব নোৱাৰে, চহৰীয়া ভাষাটো যদি ভালকৈ আয়ত্ত কৰিব নোৱাৰে, আৰু আলংকাৰিক যিটো ভাষা সেইটো যদি ভালকৈ আয়ত্ত কৰিব নোৱাৰে তেনেহলে ব্যংগ লিখিব কেনেকৈ? গতিকে নতুন প্ৰজন্মক মোৰ ক’বলগীয়া কথা এইটোৱে যে তেওঁলোকে ভাষাটো ভালকৈ শিকক। লাগিলে অলপ দেৰিকৈয়ে সাহিত্যৰ ক্ষেত্ৰখনলৈ আহক। কিন্তু ভুলকৈ নহয়, শুদ্ধকৈ লিখক। '           অকল ব্যংগই নহয়,পুণ্য শইকীয়া ছাৰৰ কবিতাত তেখেতৰ নিজস্ব জীৱন-দৰ্শনো আছে। 'বন কেচেৰুৰ পাত' তেখেতৰ প্ৰথম কবিতা সংকলন-য'ত তেখেতে, বিশিষ্ট কবিতা সমালোচক সত্যকাম বৰঠাকুৰে কোৱাৰ দৰে, জীৱনৰ এক প্ৰত্যাহ্বানপূৰ্ণ প্ৰতিচ্ছবিক আত্মিক দৰ্শনৰ গভীৰতাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। তেখেতৰ পৰৱৰ্তী কালৰ কবিতাসমূহতো জীৱন আৰু জগত সম্পৰ্কীয় দৃষ্টিভংগী নাটকীয় কথন শৈলীৰে অনন্য ৰূপত প্ৰতিফলিত হৈ উঠা দেখা যায়- 1. মোৰ বাবে অত্যন্ত লাজৰ কথাটো হ'ল         মই আজিকালি একোতেই লাজ নাপাওঁ         দুখ পাব নজনাটোৱেই মোৰ দুখ         মোৰ অপ্ৰেমত প্ৰেমৰ চিৰন্তন হতাশা         মোৰ কেৱল বিৰুধ নাই          মৃত্যুৰ সতে....                              (ভাৱ বল্লৰী)

2.  ক্ৰমাগত সংকুচিত হয় মোৰ ছাঁটো         মোৰ অজ্ঞাতসাৰেই ই কেতিয়াবা বেলুনৰ         আকৃতি লয়         কেতিয়াবা মেকুৰী হৈ মোলৈ চিকাৰী  দৃষ্টিৰে       চায়       মই ভয় খাওঁ  কিজানিবা ছাঁটো       মোতকৈয়ো বেছি সঁচা হৈ পৰে...                                                                             ( মন মৰ্মৰ)

      পুণ্য শইকীয়া ছাৰে লিখা কবিতাসমূহৰ পৰা নিৰ্বাচন কৰি কেইটামান অত্যন্ত সুন্দৰ কবিতাৰ বংগানুবাদ কৰিছে অতুল চন্দ্ৰ শৰ্মাই। ছাৰৰ ভাৱ-ভাষা আৰু কথন শৈলী 'ঋতম্বৰা' নামৰএই অনুবাদ পুথিখনতো বৰ সুন্দৰ ৰূপত প্ৰতিফলিত হৈ উঠিছে,যেনে-

    এই ধৰো তোমাৰ পকেটে একটাও ফুটোকড়ি 

নেই বলে তুমি উদ্বিগ্ন ছিলে-কিন্তু পকেটে হাত দিতেই ৰুমালেৰ সংগে বেৰিয়ে এল একটা দশ টাকাৰ নোট

    এসব দেখতে একদম ছোট্ট কথা

    কিন্তু এৰও আছে এক একটি তাৎপৰ্য

    আৰ আছে একটা সমাসবদ্ধ আচৰণ

    স্থানাংক জ্যামিতিৰ মতন শিহৰণ..                                      (জ্যামিতিৰ মতন কথাগুলো)

    ছাৰৰ কবিতা পঢ়িলে এনে লাগে যেন তেখেতে কেতিয়াবা  কবি জীৱনানন্দ দাশৰ দৰে প্ৰকৃতিৰ  সৈতে একাত্ম হৈ যাব খোজে আৰু প্ৰকৃতিৰ ৰূপ-ৰস-গন্ধক শব্দেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। প্ৰেম-ভালপোৱা আদিৰ দৰে বিষয়বোৰতো তেনেদৰে  গালিবৰ শায়েৰী যেন অনুৰণিত হয়। গ্ৰাম্য জীৱনৰ বাস্তৱ চিত্ৰকো তেখেতে অত্যন্ত হৃদয়স্পৰ্শী ৰূপত  তুলি ধৰা দেখা যায়--যেনে: 'আহিনৰ পথাৰত মই পাওঁ বাৰুদৰ গোন্ধ/ মই হেৰা পাওঁ/ঘাম আৰু চকুলোৰে দেউতাই লিখি যোৱা/বন্ধকী দলিল/ম্যাদ তাৰ মৰিশালী জুৰি..(সেই শব্দবোৰ)।         চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত সাধাৰণতে বহুতে মানুহে নিজক অকামিলা বুলি ভাৱি  ঘৰৰ ভিতৰতে সোমাই থাকে,কিন্তু পুণ্য শইকীয়া ছাৰ আছিল ব্যতিক্ৰম। 2003 চনত তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে এবাৰ  ডিগবৈৰ মুলিয়াবাৰীস্থিত ঘৰলৈ কিবা কামত যাওঁতে  বাইদেউক ছাৰৰ লিখা-মেলাৰ বিষয়ে সুধিছিলোঁ। বাইদেউৰ পৰা জানিব পাৰিছিলোঁ,অৱসৰ গ্ৰহণ কৰাৰ পাছতে তেখেতে আগৰ কাঠৰ বাটাম দিয়া ঘৰটো ভাঙি নতুন পকী ঘৰ সাজিছিল,পুৰণি ভেস্পা স্কুটাৰখন এৰি হিৰ'হুণ্ডা বাইক কিনিছিল  আৰু পুত্ৰ সায়ন্তৰ সৈতে সৰু ল'ৰাৰ দৰে বহি কম্পিউটাৰত গেইম খেলিবলৈ আৰম্ভ কৰিছিল। এইবোৰত লাগি থাকোঁতে তেখেতৰ লিখা-মেলা সকলো বাদ পৰি গৈছিল। জীৱন ৰসিক পুণ্য শইকীয়া ছাৰৰ কাণ্ড-কাৰখানাবোৰ শুনি বেচ আমোদ পাইছিলোঁ। প্ৰকৃততে ছাৰে যেন জীৱনত সুখেৰে জীয়াই থকাৰ বিভিন্ন পথৰ সন্ধান কৰিছিল। ছাৰৰ সত্তৰ বছৰ পূৰ্ণ উপলক্ষে প্ৰকাশিত অভিনন্দন গ্ৰন্থ  'প্ৰত্যাশা আৰু প্ৰতিশ্ৰুতি'তে ছাৰে এই বিষয়ে লিখিছিল-'মই সহজে বুঢ়া হোৱাত নাই। অৱসৰ গ্ৰহণ কৰাৰ কেইদিনমান পাছতে এল এম এল ভেস্পাখন বিক্ৰী কৰি হিৰোহোণ্ডা ল'লোঁ। আগতকৈ অলপ বেছি জোৰেৰে যোৱাৰ উদ্দেশ্যে। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ভিতৰৰ কোনো ঠাইলৈ নিজা উদ্যোগত যাব লগা হ'লে মই বাইক চলাই যাওঁ। মানুহে ইস্ ইস্ আস্ আস্ কৰে,মই আৰামত উঃ উঃ কৰোঁ..'!         খুব সম্ভৱ,শেহতীয়াভাৱে গঢ় লৈ উঠা ছাৰৰ চখটো হৈছে ফেচবুক। আজিৰ দিনত চাৰি কুৰিৰ দেওনা অতিক্ৰম কৰা কোনজন মানুহে ফেচবুক চলায়?ছাৰক কিন্তু ফেচবুকতো সততে পোৱা যায়। ফেচবুকত নিজৰ ফটো আপলোড কৰি তেখেতে ভাল পায়। কোনোবা এখন সভাত তেখেতে কোৱা মনত আছে-'মই মানুহটো ক'লা,চেহেৰাটো কিবা এঙাৰ ক'লা, কুন্ধচ, আপচু। ৰিক্সাৰ পৰা নামিলে মানুহে ভুলেই কৰে প্ৰকৃততে ৰিক্সাচালকজন কোনজন?ছাৰে সভাই সমিতিয়ে নিজৰ সম্পৰ্কত এনেদৰে ক'লেও এই কথা কিন্তু সত্য যে কোনো ধৰণৰ নীচাত্মিকাবোধ তেখেতৰ নাই। কেৱল আনক হঁহুৱাবলৈকে যেন তেখেতে কথাবোৰ কয়। আনক হঁহুৱাই তেখেতে আমোদ পায় আৰু সেয়ে প্ৰাণখোলা হাঁহিৰে অনৰ্গল কথা পাতি যায়। জীৱনৰ বাস্তৱতাক সহজভাৱে গ্ৰহণ কৰি জীৱনক পৰিপূৰ্ণভাৱে উপভোগ কৰাৰ কৌশল ছাৰে জানে। তেখেতৰ এই দিলখোলা আৰু কৌতুকপ্ৰিয় স্বভাৱৰ বাবেই  'প্ৰত্যাশা আৰু প্ৰতিশ্ৰুতি' ত  বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখিছিল যে় তেখেতে মানুহৰ মাজত সদায় সন্ধান কৰি থকা এক বিৰল সাৰল্য আৱিষ্কাৰ কৰিছিল দিলখোলা হাঁহিৰে জীৱনক আশ্চৰ্যকৰ সহজভাৱে গ্ৰহণ কৰিব পৰা পুণ্য শইকীয়া ছাৰৰ মাজত।         আৰু এটা কথা যে ছাৰৰ কৌতুকপ্ৰিয় মনটোৰ মাজতে দেখিবলৈ পোৱা এটা ডাঙৰ বস্তু হৈছে -তেখেতৰ আধুনিক-যুক্তিবাদী মনটো। জীৱন আৰু জগতক তেখেতে ৰক্ষণশীলতাৰ বিপৰীতে সদায়ে একোটা যুক্তিবাদী মন আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে গভীৰ আৰু সূক্ষ্ম ভাৱে পৰ্যৱেক্ষণ কৰে। এটা সাক্ষাৎকাৰত তেখেতে ঈশ্বৰৰ প্ৰসংগতে নিজক দ্বিধাগ্ৰস্ত বুলিও উল্লেখ কৰিছে। তেখেতে এইষাৰ কথাকো ৰগৰ কৰিয়েই  কৈছে-'মই অকনো সৎ মানুহ নহয়..ঈশ্বৰৰ প্ৰসংগতেই মই দেখোন দ্বিধাগ্ৰস্ত। মোৰ বাবে স্বৰ্গত ক'ত ঠাই  হ'ব?' সেয়াও ৰগৰ। ব্যংগও আছে ইয়াত। ভাৰতবৰ্ষত আজি ইমান সাধু-সন্ত,মহাপুৰুষৰ ভীৰ যে সেই সকলোৱে মৃত্যুৰ পাছত স্বৰ্গত স্থান পাবলৈ ঠেলা-হেঁচা,হেঁতা-ওপৰা কৰিব লাগিলে ক'ৰবাত ছিটিকি পৰিব বুলিহে তেখেতৰ ভয়। এনেদৰেই আক্ৰমণাত্মক ক্ষুৰধাৰ ব্যংগৰ পৰিৱৰ্তে নাটকীয় শ্লেষাত্মক ব্যংগৰে তেখেতে ৰগৰ কৰি কৰিয়েই জীৱনটোক উপভোগ কৰি আহিছে। আনকো এই ধৰণৰ ব্যংগৰ মাজেৰে সকলোবোৰ কথাক নতুনকৈ চিন্তা কৰি চোৱাৰ বাট কাটি দিয়ে।                                       (সমাপ্ত)



   




______________________________

ৰুবী ফুকন,ডিব্ৰুগড়

ভাৰ্ছুৱেল পৃথিৱীৰ কথাই সুকীয়া। এইখন জগতত আছে ভাৱ প্ৰকাশৰ অনন্য মাধ্যম। মৰম-চেনেহ, ভালপোৱা, খং -অভিমান আদি মানৱীয় অনুভূতি প্ৰকাশ কৰিবলৈ কত যে চিহ্ন আছে! প্ৰকাশভংগী যদিও ভাৰ্ছুৱেল,আপোনজনৰ পৰা প্ৰেৰিত প্ৰেমৰ চিহ্ন এটাই কৰি তুলিব পাৰে আপোনাৰ মন- প্ৰাণ আলোড়িত। শব্দবিহীনভাবে মনৰ আৱেগ-অনুভূতি প্ৰকাশ কৰিব পৰা এইবিধ চিহ্নই হৈছে ইম'জি। ইলেক্ট্ৰনিক মেছেজ আৰু ৱেবপেজসমূহত উপলব্ধ, ভাৰ্ছুৱেল পৃথিৱীখনৰ অতি জনপ্ৰিয় এই ইম'জি (emoji) শব্দটো আহিছে জাপানী শব্দ emodzi-ৰ পৰা। জাপানী ভাষাত 'ই' মানে ছবি আৰু 'মজি' মানে হৈছে আখৰ। ইংৰাজী emotion শব্দটো ইয়াৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হয়, আৰু অসমীয়াত ইয়াৰ আক্ষৰিক অৰ্থ হৈছে 'চিত্ৰলিপি'।

বৰ্তমান বিশ্বত দৈনিক কোটি কোটি ইম'জিৰ আদান-প্ৰদান হয়। আপোনজনৰ আগত শব্দৰে প্ৰকাশ কৰিব নোৱাৰা কিছুমান অভিব্যক্তি ইম'জিৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি। আপোনাৰ বিষণ্ণ মনকো আপোনজনৰ এটা মৰমৰ ইম'জিয়ে সলনি কৰি দিব পাৰে, হাঁহিৰ খোৰাক যোগাব পাৰে, নতুন চিন্তাৰ উদ্ৰেক ঘটাব পাৰে। বৰ্তমান ৩ হাজাৰৰো অধিক ইম'জি ইউনিক'ডত উপলব্ধ। তাৰে কিছুমান ইম'জি আমি সঘনাই ব্যৱহাৰ কৰোঁ। তাৰে এটা উল্লেখযোগ্য ইম'জি হৈছে স্মাইলি😊। স্মাইলিৰো আকৌ আছে বহুতো ভাগ। গাল ৰঙা পৰা, লাজকুৰীয়া, মৰমসনা,ৰগৰ, সন্তুষ্টি, হাঁহিৰ সৈতে চকুপানী, অতিশয় আনন্দিত, চিন্তিত, খং, অভিমান ইত্যাদি ইত্যাদি।

আমি প্ৰতিদিনে একাধিকবাৰ ব্যৱহাৰ কৰি থকা এই ইম'জিৰ প্ৰথমে আবিৰ্ভাৱ হৈছিল জাপানী ম'বাইল ফোনত। আপেল কোম্পানীৰ ম'বাইল ফোনত উপলব্ধ হোৱাৰ পিছতে ইম'জি অতি জনপ্ৰিয় হৈ পৰে আৰু লাহে লাহে আন আন মবাইল ফোনসমূহতো অন্তৰ্ভুক্ত হয়। বহুলভাৱে প্ৰচলিত জনপ্ৰিয় ইম'জিৰ সৃষ্টি কৰি মানুহৰ মাজত আনন্দ বিলোৱা ব্যক্তিজন হ'ল জাপানৰ চিগেটাকা কুৰিটা। তেখেতে বতৰৰ চিহ্ন, ৰাস্তাৰ চিহ্ন আৰু চীনা ভাষাৰ আখৰবোৰক ইম'জিলৈ ৰূপান্তৰ কৰিছিল। তেওঁ আছিল NTT DoCoMo-ৰ আই মোড ম'বাইল ইণ্টাৰনেট প্লেটফৰ্ম দলৰ সদস্য।

২০১৭ চনত ইম'জি বিষয়ক এক গৱেষণাত ১২০ কোটি মেছেজ অধ্যয়ন কৰি 'আনন্দৰ চকুপানীসহ মুখ'😂 ইম'জিটো আটাইতকৈ জনপ্ৰিয় বুলি মিশ্বিগান বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ সমীক্ষাত প্ৰকাশ কৰে। 'ৰেড হাৰ্ট'❤ ইম'জিটোও বহুলভাৱে প্ৰচলিত। বৰ্তমান সময়ৰ যান্ত্ৰিকতা আৰু ব্যস্ততাময় জীৱনৰ অৱসাদ গুছোৱাৰ কাৰক হৈ পৰিছে এই ইম'জি। দুখ-আনন্দৰ অভিব্যক্তি প্ৰকাশক ইম'জিৰ উপৰি দৈনন্দিন ব্যৱহৃত বস্তু, বতৰ বা ঋতু, জীৱ-জন্তু, খাদ্যবস্তু আদি বুজোৱা ইম'জিও আছে। ২০১৮ চনত মহ আৰু আন পতংগৰ পৰা বিয়পা ডেংগু আৰু মেলেৰিয়া ৰোগৰ সজাগতা সৃষ্টিৰ বাবে এটা মহৰ ইম'জিও সৃষ্টি কৰা হয়।

এই ইম'জিবোৰ হৈ পৰিছে মনৰ অভিব্যক্তি প্ৰকাশৰ অনন্য মাধ্যম, যাৰ অবিহনে আজিৰ ভাৰ্ছুৱেল পৃথিৱীখন সম্পূৰ্ণ নহয়।


অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন


পদুম ৰাজখোৱা বিদায়ী প্ৰধান সম্পাদক অসম সাহিত্য সভা অসম সাহিত্য সভাৰ ৰঙীণ প্ৰতীকচিহ্ন সংবিধানত যেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল, তেতিয়া তাত থকা বন্তিগছৰ শিখাৰ ৰং ৰঙা আছিল। তাত থকা তৰাটোৰ ৰং সোণালী আছিল। মাজতে প্ৰতীকটো ভুলকৈ ব্যৱহাৰ হ'বলৈ ধৰিলে। শিখাৰ ৰং বগা হৈ পৰিল। বিশেষকৈ গুগলত বগা শিখাৰ প্ৰতীকটো থকাত মানুহে তাকেই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। আচলতে বগা শিখাৰ প্ৰতীকটো অসম সাহিত্য সভাৰ সংবিধান অনুসৰি শুদ্ধ প্ৰতীক নহয়। □





আখৈ


মৃগেন শৰ্মা ধানৰ পৰা আখৈ প্ৰস্তুত কৰা হয়। আকাৰত কিছু ডাঙৰ বৰাধান চালি-জাৰি পৰিষ্কাৰ কৰি ৰ'দত শুকুৱাই লোৱা হয়। নদী বা পুখুৰীৰ পৰা বালি আনি সেয়া ৰ'দত শুকুৱাই। ৰ'দত শুকুৱাব দিয়া ধানবোৰ ফুলি উঠিলে মাটিৰ পাটচৰুত বালিৰে সতে ভাজিলে আখৈ প্ৰস্তুত হয়। সেই আখৈবোৰ কুলাৰে জাৰিলে তাত থকা ধানৰ খোলাবোৰ আঁতৰি আখৈবোৰ পৰিষ্কাৰ হয়। আখৈ মানুহে পুৱাৰ জলপানৰ লগত খায়। কিছুমানে এনেয়ে খায়। লাৰু তৈয়াৰ কৰোঁতেও আখৈ ব্যবহাৰ হয়। পূজা-পাতালত আখৈৰ প্ৰয়োজন অপৰিহাৰ্য। বিবাহত আখৈ অতি প্ৰয়োজন। কইনাৰ ভায়েকে বিয়াৰ দিনা নিশা আখৈ তোলা এটা পৰম্পৰা। আখৈক লৈ গীত-মাতো আছে। বিয়াগীতত আখৈ তোলা পৰম্পৰাৰ কথা পোৱা যায়। আখৈক লৈ অসমীয়া জনসমাজক লোক বিশ্বাস প্ৰচলিত আছে। সৰু ল'ৰা-ছোৱালীৰ মাত নোলালে গাখীৰেৰে আখৈ খুৱালে মাত ওলায় বুলি বিশ্বাস। আখৈক লৈ সাঁথৰ,প্ৰবচন আদিও আছে। এনেদৰে আখৈ অসমীয়া সমাজ-সংস্কৃতি,সাহিত্যত গুৰুত্বপূৰ্ণ ঠাই অধিকাৰ কৰি আছে।

হাজোৰ পুষ্প শিল্প- মৃগেন শৰ্মা

হাজোৰ দেৱালয় কেইখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে পুষ্প শিল্প। হাজো ফুলৰ বাবে বিখ্যাত ঠাই। ইয়াত বিশেষকৈ খেতি কৰি লাভ কৰা নাৰ্জী ফুল অসমৰ বিভিন্ন ঠাইলৈ বিক্ৰীৰ বাবে সৰবৰাহ হয়। হজোৰ দেৱালয়বোৰৰ মালা যোগান ধৰে মালাকৰসকলে। এই মলা কেইবাপ্ৰকাৰৰো। যেনে-জপমালা, কণ্ঠমলা,মূৰমালা,টুকটুকী মালা,ফুলৰ কাটা মালা, সূতাহীন মালা,বেলপাতৰ মালা,টোপমালা,দোলামালা,চাউলৰ মালা আৰু ধানৰ মালা হ'ল প্ৰধান। এই মালাবোৰ বিভিন্ন নিত্য পূজা-উপাসনাত দেৱ-দেৱীক,বিভিন্ন পৰ্বত পিন্ধাই ভক্তি অঞ্জলি যাঁচে।