এবাকাছ
এবাকাছ (ইংৰাজী: Abacus) বা গাণনিক বাকচ হ'ল পাটিগাণিতিক গণনা সম্পাদনৰ এটা প্ৰাচীন যন্ত্ৰ। ইয়াত এটি কাঠৰ ফ্ৰেমত কিছুমান তাৰ লগোৱা থাকে। তাৰত লগাই ৰখা গুটি উপৰলৈ তললৈ দি গণনা কৰা হয়। ফ্ৰেমত গুটি সমূহ শৃংখলাৰে লগোৱা থাকে গুটি সমূহৰ মাজত এডাল দণ্ড থাকে যি গুটিসমূহক দুইভাগত ভাগ কৰে।
প্ৰতিডাল তাৰে দশমিক ব্যৱস্থাৰ এটা ঘৰক নিৰ্দেশ কৰে। সোঁহাতৰ প্ৰথম তাৰ ডাল হ'ল এককৰ ঘৰ। তাৰ কাষৰডাল হ'ল দশকৰ ঘৰ, ইত্যাদি। প্ৰতিডাল তাৰ তল ফালে পাঁচটা গুটি থাকে, যি এক একক নিৰ্দেশ কৰে। মধ্য দণ্ডৰ ওপৰ ফালে দুটাকৈ গুটি থাকে, যিসমূহৰ প্ৰতিটোৱে পাঁচ একক নিৰ্দেশ কৰে। উদাহৰণস্বৰূপে, দহঁতৰ ঘৰৰ তলৰ পাঁচটি গুটিৰ প্ৰতিটোৱে ১০ নিৰ্দেশ কৰে আৰু ওপৰৰ দুটা গুটিৰ প্ৰতিটোৱে ৫০ নিৰ্দেশ কৰে। সংখ্যাৰ মান অনুসৰি এই গুটি সমূহক ওপৰ তল কৰি সাংকেতিক ভাৱে সংখ্যা নিৰ্দেশ কৰিব পাৰি।
উৎপত্তি
[সম্পাদনা কৰক]এবাকাছক আধুনিক কম্পিউটাৰৰ প্ৰাথমিক স্তৰ বুলি কোৱা হয়। ইয়াৰ পৰাই পিছলৈ 'কেলকুলেটৰ' আৰু ক্ৰমে উন্নতি সাধন কৰি কম্পিউটাৰৰ আৱিষ্কাৰ হয়। এবাকাছ শব্দটোৰ ব্যৱহাৰ ১৩৮৭ খ্ৰিষ্টাব্দৰ পূৰ্বৱৰ্তী। এই শব্দটো লেটিন ভাষাৰ পৰা অহা। লেটিন শব্দটি গ্ৰীক শব্দ ἄβαξ (abax)ৰ পৰা অহা।[1][2][3] যাৰ অৰ্থ আয়তক্ষেত্ৰাকাৰ বৰ্ড বা তক্তাৰ টুকুৰা। বিকল্পভাবে, ব্যুৎপত্তি গত অৰ্থ হৈছে "ধূলিকণাৰে আবৃত এটি বৰ্গক্ষেত্ৰৰ টেবুল"[4] বা "ধূলিকণাৰে আবৃত অঙ্কন বৰ্ড"।[5]
ইতিহাস
[সম্পাদনা কৰক]অনেক প্ৰাচীন সভ্যতাত এবাকাছ ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়। ৰোমান সকলৰ এবাকাছ আছিল ব্ৰ'ঞ্জ নিৰ্মিত লিপিফলক। লিপিফলক খনত খাঁজকটা আছিল আৰু গুটি সমূহ গোলাকৃতিৰ।[6] ঊনবিংশ শতাব্দীত ৰোমান সকলে এবাকাছ ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়।[7] ৰোমান সকলৰ এবাকাছ পৰৱৰ্তীকালত মধ্যপ্ৰাচ্য আৰু দূৰপ্ৰাচ্যত ব্যৱহৃত হয়। মধ্যযুগীয়া ইংলেণ্ডৰ এবাকাছত এটি সৰলীকৃত ৰূপ ব্যৱহাৰ কৰা হয়। দ্বিতীয় শতকত চীনদেশৰ সাহিত্যত এবাকাছ ব্যৱহাৰৰ উল্লেখ পোৱা যায়।[8] কিন্তু ত্ৰয়োদশ শতাব্দীৰ আগত চীনদেশত এবাকাছৰ বিশেষ ৰূপ ব্যাপক ভাৱে ব্যৱহাৰ হোৱা নাছিল। ৰোমান এবাকাছ আৰু চৈনিক এবাকাছৰ মাজত কিছুমান পাৰ্থক্য আছিল। চৈনিক এবাকাছৰ প্ৰতিটো পৰ্যায়ত এটাকৈ গুটি বেচি থাকে আৰু গুটিসমূহ তাৰৰ ওপৰত লগোৱা থাকে। পঞ্চদশ শতাব্দীত জাপানত এবাকাছৰ ব্যৱহাৰ আৰম্ভ হয়। ঊনবিংশ শতাব্দীত ইয়াৰ এটি উন্নত সংস্কৰণ প্ৰচলন হয়। চীন জাপানৰ কিছু কিছু অঞ্চলত এতিয়াও এবাকাছৰ প্ৰচলন আছে। চীনত এবাকাছক 'সুৱান পান' (Suan-pan) আৰু জাপানত সৰবান ( Soroban) বুলি কয়।
ফটো গেলেৰী
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ de Stefani 1909, পৃষ্ঠা 2
- ↑ Gaisford 1962, পৃষ্ঠা 2
- ↑ Lasserre & Livadaras 1976, পৃষ্ঠা 4
- ↑ Klein 1966, পৃষ্ঠা 1
- ↑ Onions, Friedrichsen & Burchfield 1967, পৃষ্ঠা 2
- ↑ Huff 1993, পৃষ্ঠা 50
- ↑ Pullan 1968, পৃষ্ঠা 18
- ↑ Ifrah 2001, পৃষ্ঠা 17