সমললৈ যাওক

লেটিন আখৰ বি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bৰ পৰা পুনঃনিৰ্দেশিত)
বি

বি অৰ্থাৎ B বা b আই এছ অ' বেচিক লেটিন এলফাবেটৰ দ্বিতীয় আখৰ।[1][2]

বুৰঞ্জী

[সম্পাদনা কৰক]
ইজিপ্তীয়

Pr

ফিনিচীয় 

bēt

গ্ৰীক

beta

এট্ৰুস্কান 

B

ৰোমান

B

ৰুণিক

beorc

উংকিয়েল

B

ইঞ্চ্যুলাৰ

B

ব্লেক্লেটাৰ

B

এণ্টিকোৱা

B

আধুনিক ৰোমান

B

Egyptian hieroglyphic house Phoenician beth Greek beta Etruscan B Roman B Runic B Uncial B Insular b Blackletter b Antiqua B Roman B & b

ভাষা আৰু আই পি এ'ত ব্যৱহাৰ

[সম্পাদনা কৰক]

ভাষিক লিপিত

[সম্পাদনা কৰক]

বি আখৰ ইংৰাজী ভাষাত 'ব্‌' উচ্চাৰণৰ বাবে ব্যৱহৃত।  যেনে ball হ'ল বল।  কেতিয়াবা ই মৌন হয়, যেনে bomb হ'ল বম।  কিছু শব্দত যেনে debt, doubb, subtleত প্ৰকৃত লেটিন প্ৰতিশব্দ debitum, dubito, sutilis আদিৰ লগত মিলাবলৈ ষোড়শ শতিকাত যোগ কৰা হ'ল।  ব্‌ ধ্বনি গ্ৰিম নিয়মৰ অন্তৰ্গত বাবে ব্‌ উচ্চাৰিত b যুক্ত অনেক ইংৰাজী শব্দৰ লগত সম্বন্ধিত আন আন ভাৰতীয়-ইউৰোপীয় শব্দ কিছুমানত ভ্‌, প্‌ আদিহে উচ্চাৰিত হয়।  যেনে ইংৰাজী brother আদি।  আন কেইবাটাও ভাষাতো ব্‌ ধ্বনিৰ বাবে b ব্ব্যৱহাৰ কৰা হয়।

এষ্ট'নিয়ান, আইচলেণ্ডিক আৰু চীনা পিন্যিনত b ভইচলেচ /p/ ধ্বনিৰ বাবে ব্যৱহৃত হয়।  ফিজিয়ানত bয়ে প্ৰিনেচেলাইজড /mb/, হ'চাত ইম্প্ল'চিভ /ɓ/ আৰু আন আন ভাষাত ভিন ভিন ধৰণে ব্যৱহাৰ হয়।


আন্তৰ্জাতিক ধ্বনিতান্ত্ৰিক বৰ্ণমালাত ব্যৱহাৰ

[সম্পাদনা কৰক]

আই পি এ'ত [b]য়ে ভইচড বাইলেবিয়েল ষ্টপ ফ'ন বুজায়।  ভিন ভিন ভাষাৰ বাবে /b/য়ে লেনিচ ফ'নেম ব্বুজায় যি ভইচড নহ'বও পাৰে।


আন আন ব্যৱহাৰ

[সম্পাদনা কৰক]

সংগীত লিপিত

[সম্পাদনা কৰক]

B সংগীতৰ লিপিতো ব্যৱহৃত।  ইংৰাজী-ভাষী দেশসমূহত ই Cত নিৰ্মিত ক্ৰ'মেটিক স্কেলৰ দ্বাদশ ন'ট বুজায়।  মধ্য ইউৰোপ আৰু স্কেণ্ডিনেভিয়াত Bয়ে বি ফ্লেটহে বুজায় আৰু ক্ৰ'মেটিক স্কেলৰ দ্বাদশ ন'তটোক বুজাবলৈ H ব্যৱহাৰ কৰে। Bৰ পুৰণা ৰূপ বি কুৱাড্ৰাটাম  ♮য়ে নেচাৰেল আৰু বি ৰ'টাণ্ডাম ♭য়ে ফ্লেট বুজায়।

ব্ৰেলে'ত

[সম্পাদনা কৰক]

কণ্ট্ৰেক্টেড গ্ৰেড ২ ব্ৰেলে'ট bয়ে অকলে "but" বুজায়।

গণক যন্ত্ৰৰ ক্ষেত্ৰত

[সম্পাদনা কৰক]

গণক যন্ত্ৰৰ ক্ষেত্ৰত B এক বাইটৰ চিহ্ন।

ইঞ্জিনিয়াৰিঙত

[সম্পাদনা কৰক]

ইঞ্জিনিয়াৰিঙত B বে'লৰ চিহ্ন।

ৰসায়ন বিজ্ঞানত

[সম্পাদনা কৰক]

ৰসায়ন বিজ্ঞানত B ব'ৰণৰ চিহ্ন।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "B", Oxford English Dictionary, 2nd ed., Oxford: Oxford University Press, 1989
  2. "B", Merriam-Webster's 3rd New International Dictionary of the English Language, Unabridged, 1993