সমললৈ যাওক

ধৰিত্ৰী দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Earth Dayৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰত্যেক বছৰৰ ২২ এপ্ৰিল তাৰিখে বিশ্বজুৰি ধৰিত্ৰী দিৱস (ইংৰাজী: Earth Day) পালন কৰা হয়। এই দিনটোত পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়। বৰ্তমান ইয়াক আৰ্থ ডে' নেটৱৰ্কে ১৯২ খনতকৈও অধিক দেশত সমন্বিত কৰে।[1][2]

জন মেককলেনৰ সৃষ্টি কৰা ধৰিত্ৰী দিৱসৰ পতাকা

১৯৬৯ চনত চান ফ্ৰান্সিস্ক'ত হোৱা ইউনেস্ক'ৰ (UNESCO) এক আলোচনাচক্ৰত শান্তি উদ্যোগী (peace activist) জন মেককনেলে শান্তিৰ ভাব আৰু পৃথিৱীৰ সন্মানাৰ্থে এই দিনটোৰ বাবে প্ৰস্তাৱ দিয়ে। ১৯৭০ চনৰ উত্তৰ গোলাৰ্ধৰ বসন্তৰ প্ৰথম দিন ২১ মাৰ্চ তাৰিখে এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হয়। প্ৰকৃতিৰ এই সন্তুুলনৰ দিনটো (বিষুব সংক্ৰান্তি[উদ্ধৃতিৰ প্ৰয়োজন]) মেককনেলে লিখা আৰু চেক্ৰেটেৰী জেনেৰেল ইউ থাণ্ট (U Thant)-এ চহী কৰা এখন চনদৰ যোগেদি অনুমোদন কৰা হয়। এমাহ পাছত ২২ এপ্ৰিল ১৯৭৭ চনৰ দিনা আমেৰিকান চিনেটৰ গে'লৰ্ড নেলচনৰ উদ্যোগত অন্য এক ধৰিত্ৰী দিৱস পালন কৰা হয়। পাচত নেলচনক তেওঁৰ কামৰ বাবে প্ৰেচিডেন্সিয়েল মেডেল অব ফ্ৰিডম বঁটা প্ৰদান কৰা হয়৷[3] ডেনিচ হেইচৰ উদ্যোগত ১৯৯০ চনত ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হয় আৰু ১৪১খন দেশত ইয়াক পালন কৰা হয়৷[4][5] অনেক সংগঠনে এই সময়তে পৰিৱেশ সংৰক্ষণৰ বিষয়ক ধৰিত্ৰী সপ্তাহ পালন কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Earth Day Network". Earthday.net. http://www.earthday.net/ আহৰণ কৰা হৈছে: April 22, 2011.
  2. "Earth Day International". Archived from the original on March 15, 2010. https://web.archive.org/web/20100315055335/http://www.earthday.org/countries আহৰণ কৰা হৈছে: April 15, 2013.
  3. "Earth Day | Care2 Healthy Living". Care2.com. http://www.care2.com/greenliving/a-brief-history-of-earth-day.html আহৰণ কৰা হৈছে: April 24, 2013.
  4. "Staff — The Bullitt Foundation". Bullitt.org. http://bullitt.org/who-we-are/staff আহৰণ কৰা হৈছে: April 22, 2011.
  5. "The Rumpus Interview With Earth Day Organizer Denis Hayes". The Rumpus.net. http://therumpus.net/2009/04/the-rumpus-interview-with-denis-hayes/ আহৰণ কৰা হৈছে: April 22, 2011.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]