বিজ্ঞাপন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(List of advertising clichésৰ পৰা পুনঃনিৰ্দেশিত)


১৮৯০ দশকৰ এক কোকাকোলাৰ বিজ্ঞাপন

বিজ্ঞাপন হৈছে এক জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়। বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোচনী, টেলিলভিছন, ৰেডিও, ইণ্টাৰনেট, বিলবৰ্ড, ভিডিও গেম, দেৱাল লিখন, প'ষ্টাৰ, বেনাৰ ইত্যাদি ইত্যাদি। বিজ্ঞাপনবোৰ সাধাৰণতে বস্তু বা সেৱাৰ নিৰ্মাতাৰ হৈ একোটা বিজ্ঞাপন সংস্থাই নিৰ্মাণ আৰু প্ৰচাৰ কৰে। নিৰ্মাতা সকলে তেওঁলোকৰ বস্তু/সেৱাৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনত যথেষ্ট টকা খৰচ কৰে।

আৱিস্কৃত সমল অনুযায়ী বিজ্ঞাপনৰ আৰম্ভণি হৈছিল প্ৰায় খৃষ্টপূৰ্ব সাতশ বছৰ আগতে চীনৰ ইনান নগৰত।