সমললৈ যাওক

পুলিৎজাৰ বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Pulitzer Prizeৰ পৰা পুনঃনিৰ্দেশিত)
পুলিৎজাৰ বঁটা

Pulitzer prize for public service gold medal (Designed by Daniel Chester French)
বিৱৰণ বাতৰি কাকত আৰু অলনাইন সাংবাদিকতা, সাহিত্য, সংগীতৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতা।
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
প্ৰদান কৰোঁতা কলম্বিয়া বিশ্ববিদ্যালয়
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল ১৯১৭
ৱেবচাইট pulitzer.org

পুলিৎজাৰ বঁটা বাতৰিকাকত, আলোচনী, অনলাইন সাংবাদিকতা, সাহিত্য তথা সংগীতৰ ক্ষেত্ৰখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা এটি বহুল চৰ্চিত বঁটা। বাতৰি কাকতৰ প্ৰকাশক যোচেফ পুলিৎজাৰৰ স্মৃতিত তথা নিউয়ৰ্ক চহৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰিচালনাৰে ১৯১৭ চনৰ পৰা এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হয়। প্ৰতি বছৰে মুঠ ২১টা ভিন্ন শিতানত এই বঁটা প্ৰদান কৰা হয়। এই ২১টা শিতানত প্ৰত্যেককেই একোখন মানপত্ৰৰ লগত ১৫,০০০ আমেৰিকান ডলাৰ প্ৰদান কৰা হয়। ২০১৭ চনৰ পৰা এই ধনৰাশি ১০,০০০ৰ পৰা ১৫,০০০ লৈ বৃদ্ধি কৰা হৈছে।[1] সাংবাদিকতাৰ সাৰ্বজনীক সেৱা শ্ৰেণীত শ্ৰেষ্ঠত্ব লাভ কৰা জনক সোণৰ পদকৰে সন্মানিত কৰা হয়।[2][3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Pulitzer Board raises prize award to $15,000". Columbia UniversityThe Pulitzer Prizes. January 3, 2017. http://www.pulitzer.org/news/pulitzer-board-raises-prize-award-15000 আহৰণ কৰা হৈছে: January 13, 2017.
  2. Topping, Seymour (2008). "Administration". The Pulitzer Prizes. Columbia University. http://www.pulitzer.org/page/administration-prizes আহৰণ কৰা হৈছে: January 31, 2013. Updated 2013 by Sig Gissler.
  3. "The Medal". Pulitzer Prizes. http://www.pulitzer.org/theMedal আহৰণ কৰা হৈছে: January 31, 2013.