সমললৈ যাওক

সুমতী মোৰাৰজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Sumati Morarjeeৰ পৰা পুনঃনিৰ্দেশিত)
সুমতী মোৰাৰজী
জন্ম যমুনা
১৩ মাৰ্চ, ১৯০৯
বোম্বে, ব্ৰিটিছ ভাৰত
মৃত্যু ২৭ জুন, ১৯৯৮ (৮৯ বছৰ)
পেচা ব্যৱসায়ী
জনা যায় চাইণ্ডিয়া ষ্টীম নেভিগেচন কোম্পানী
দাম্পত্যসঙ্গী শান্তি কুমাৰ নৰত্তোম মোৰাৰজী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মবিভূষণ, ১৯৭১
টোকা

সুমতী মোৰাৰজী (১৩ মাৰ্চ ১৯০৯[2] - ২৭ জুন ১৯৯৮[3]) এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁক ভাৰতীয় জাহাজ পৰিবহণৰ প্ৰথম মহিলা হিচাপে জনা যায়। তেওঁ সাধাৰণতে পুৰুষৰ আধিপত্য থকা জাহাজৰ গৰাকী সকলৰ সংস্থাৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা বিশ্বৰ প্ৰথম গৰাকী মহিলা। তেওঁ ভাৰতৰ জাহাজৰ গৰাকী সকলৰ সংগঠন ইণ্ডিয়ান নেচনেল ষ্টীমশ্বিপ অনাৰ্ছ এছ'চিয়েছনৰ অধ্যক্ষ পদ লাভ কৰিছিল।[4] ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত অসামৰিক সেৱাৰ ক্ষেত্ৰত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।[5]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯০৯ চনৰ ১৩ মাৰ্চ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বেৰ এক সম্ভ্ৰান্ত পৰিয়ালত সুমতী মোৰাৰজীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মথুৰাদাস গোকুলদাস আৰু মাতৃ প্ৰেমাবাই। সৰুতে তেওঁৰ নাম ভগৱান কৃষ্ণৰ লগত জড়িত বৃন্দাবনৰ পৱিত্ৰ নদী যমুনাৰ নামেৰে ৰখা হৈছিল। সেই সময়ত ভাৰতীয় সমাজত বাল্যবিবাহ প্ৰচলিত আছিল। সেয়ে অতি কম বয়সতে তেওঁ চাইণ্ডিয়া ষ্টীম নেভিগেচন কোম্পানীৰ প্ৰতিষ্ঠাপক নৰত্তোম মোৰাৰজীৰ পুত্ৰ শান্তি কুমাৰ নৰত্তোম মোৰাৰজীৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। পিছলৈ চাইণ্ডিয়া ষ্টীম নেভিগেচন কোম্পানী ভাৰতৰ সৰ্ববৃহৎ জাহাজ কোম্পানীত পৰিগণিত হৈছিল।[6]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

১৯২৩ চনত তেওঁক মাত্ৰ ২০ বছৰ বয়সত চাইণ্ডিয়া ষ্টীম নেভিগেচন কোম্পানীৰ ব্যৱস্থাপনা অনুষ্ঠানত অন্তৰ্ভুক্ত কৰা হৈছিল। মাত্ৰ কেইটামান ভাপ ইঞ্জিন থকা কোম্পানীখনক লাহে লাহে উন্নয়ন ঘটাই ভাৰতৰ সৰ্ববৃহৎ জাহাজ পৰিবহণ কোম্পানীলৈ পৰিৱৰ্তিত কৰাত তেওঁৰ অৱদান অপৰিসীম। ১৯৪৬ চনত তেওঁ কোম্পানীখনৰ সমস্ত দায়িত্ব গ্ৰহণ কৰে আৰু প্ৰায় ৬০০০ কৰ্মচাৰীক ব্যৱস্থাপনা কৰিবলগীয়া হৈছিল। ইয়াৰ আগতে তেওঁ বৰ্ড অফ ডাইৰেক্টত অন্তৰ্ভুক্ত হৈছিল। নৌপৰিবহণৰ বাণিজ্যত তেওঁৰ দক্ষতা সময়ৰ লগত বৃদ্ধি হৈছিল। ১৯৬৫ চনত তেওঁ ভাৰতৰ জাহাজৰ গৰাকী সকলৰ সংগঠন ইণ্ডিয়ান নেচনেল ষ্টীমশ্বিপ অনাৰ্ছ এছ'চিয়েছনৰ দুবছৰৰ বাবে অধ্যক্ষ পদ লাভ কৰে। ১৯৬৫ চনত পুনৰাই তেওঁ এই পদত অধিষ্ঠিত হয়। সাধাৰণতে পুৰুষৰ আধিপত্য থকা জাহাজৰ গৰাকী সকলৰ সংস্থাৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা সুমতী মোৰাৰজী বিশ্বৰ প্ৰথম গৰাকী মহিলা। তেওঁৰ তত্ত্বাৱধানত চাইণ্ডিয়া ষ্টীম নেভিগেচন কোম্পানীৰ ৪৩খন জাহাজে মুঠ ৫৫২,০০০ টন ওজনৰ সামগ্ৰী পৰিবহণ কৰাৰ পৰ্যায় লাভ কৰিছিল।[7] ১৯৭৯ চনৰ পৰা ১৯৮৭ চনলৈ তেওঁ এই কোম্পানীৰ অধ্যক্ষ পদত অধিষ্ঠিত আছিল। পিছলৈ ঋণৰ বোজাৰ বাবে এই কোম্পানী ভাৰত চৰকাৰে ৰাষ্ট্ৰীয়কৰণ কৰে। পিছলৈ তেওঁ ইয়াৰ এমিৰিটাছ চেয়াৰপাৰ্চন পদ লাভ কৰিছিল আৰু ১৯৯২ চনলৈ এই পদত অধিষ্ঠিত আছিল।

তেওঁ মুম্বাইৰ জুহু অঞ্চত সুমতী বিদ্যা কেন্দ্ৰ স্কুল প্ৰতিষ্ঠা কৰিছিল। ১৯৭০ চনত লণ্ডনত অনুষ্ঠিত ৱৰ্ল্ড শ্বিপিং ফেডাৰেচনৰ তেওঁ উপাধ্যক্ষ নিৰ্বাচিত হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত দেশ বিভাজন হোৱাত পাকিস্তানৰ পৰা সিন্ধী সকলক ভাৰতলৈ আনিবলৈ তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰ লগতে তেওঁ আধুনিক ভাৰতীয় জাহাজ কোম্পানী সকলক ভাৰতীয় মূল্যবোধ, সংস্কৃতি, ঐতিহ্য আদি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত অসামৰিক সেৱাৰ ক্ষেত্ৰত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।

১৯৯৮ চনৰ ২৭ জুন তাৰিখে ৮৯ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে সুমতী মোৰাৰজীৰ মৃত্যু হৈছিল।

তথ্য উৎস

[সম্পাদনা কৰক]
  1.   Satyaraja Dasa. "Passage from India: Sumati Morarjee and Prabhupada's Journey West | Back to Godhead". Btg.krishna.com. Archived from the original on 2013-11-04. https://web.archive.org/web/20131104010347/http://btg.krishna.com/passage-india-sumati-morarjee-and-prabhupadas-journey-west আহৰণ কৰা হৈছে: 2012-07-09.
  2. Manabendra Nath Roy (1999). The Radical Humanist. Maniben Kara. পৃষ্ঠা. 38. https://books.google.com/books?id=acEaAQAAIAAJ আহৰণ কৰা হৈছে: 22 March 2016.
  3. Fairplay. Fairplay Publications Limited. June 1998. পৃষ্ঠা. 62. https://books.google.com/books?id=G1VUAAAAMAAJ আহৰণ কৰা হৈছে: 22 March 2016.
  4. "Sumati Morarjee, mother of Indian shipping, dies at 91". 29 June 1998. http://www.rediff.com/money/1998/jun/29sumati.htm আহৰণ কৰা হৈছে: 21 June 2012.
  5. Ministry of Communications and Information Technology.. "List of Padma Vibhushan Awardees.". http://india.gov.in/myindia/padmavibhushan_awards_list1.php আহৰণ কৰা হৈছে: 21 June 2012.
  6. "Excerpts - Prem Rawat's Divine Incarnation Explanatio". NY Times. 8 April 1973. http://www.prem-rawat-bio.org/nytimesinterview.html আহৰণ কৰা হৈছে: 21 June 2012.
  7. "SHIPPING BOSS TO OPEN NEW SERVICE". The Straits Times: পৃষ্ঠা 8. 22 November 1971. http://newspapers.nl.sg/Digitised/Article/straitstimes19711122.2.43.aspx আহৰণ কৰা হৈছে: 21 June 2012.