সদস্য:দীপজ্যৌতি শৰ্মা
নমস্কাৰ, দীপজ্যৌতি শৰ্মা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
- পদ্মনাথ গোহাঞি বৰুৱাৰ বিষযে
এই পৃষ্ঠাটো শেহতীয়াভাৱে সৃষ্টি কৰা হৈছে। ইয়াৰ লিখকজন ৱিকিপিডিয়াত সন্নিবিষ্ট নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত আৰু সেইবোৰ ভাল ভাব ৰাখিয়েই কৰিছে যদিওবা এই প্ৰবন্ধৰ মানদণ্ড উন্নত কৰিবলৈ অধিক থল আছে। অনুগ্ৰহ কৰি এই প্ৰবন্ধক খৰখেদাকৈ বিলোপনৰ বাবে প্ৰস্তাৱ নিদিব, প্ৰথমে প্ৰবন্ধৰ ইতিহাস পৰীক্ষা কৰক আৰু প্ৰবন্ধৰ সৃষ্টিকৰ্তাৰ সৈতে তেওঁৰ পৰৱৰ্তী পৰিকল্পনাসমূহৰ আভাষ লওক। যদিহে সৃষ্টিকৰ্তাজনে প্ৰবন্ধটো এলাগী কৰি ৰাখে আৰু যোগাযোগৰ কৰিলেও আওকান কৰে, তেন্তে আপুনি প্ৰবন্ধটো বিলোপ কৰাৰ সাঁচ বাৰ্তা নাইবা সদস্যকৃত হিচাপে সৃষ্টিকৰ্তাৰ সদস্য পৃষ্ঠাত (যেনে সদস্য:সৃষ্টিকৰ্তাৰ নাম/এই প্ৰবন্ধৰ শিৰোনাম) লৈ স্থানান্তৰ কৰিবৰ বাবে সাঁচ বাৰ্তা সংযোগ কৰিব পাৰে। এই পৃষ্ঠাটো শেহতীয়াকৈ সম্পাদনা কৰিছিল দীপজ্যৌতি শৰ্মা (আলোচনা| বৰঙনি) ১২ বছৰ আগত. (শেহতীয়া ভাষ্য) |
পদ্মনাথ গোহাঞি বৰুৱা আৰু অসম সাহিত্য সভা স্ব-মহিমাৰে দুয়ো প্ৰোজ্জ্ব্ল |সৰুৰে পৰাই সাহিত্য সভা আৰু জীৱ্নী পঢ়ি ভালপাও।এই দুই ভালপোৱাৰ সংযোগই হ'ল "সাহিত্য কাণ্ডাৰী পদ্মনাথ"ৰ আধাৰ | সাহিত্য সভাৰ প্ৰথম সভাপতি গোহাঞি বৰুৱাৰ জীৱ্ন-চৰিত অধ্যয়্ন কৰি
তেখেতৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক জানিব দিয়াৰ লগতে নিজেও কিছু জনাৰ লগতে নিজেও কিছু জনাৰ আগ্ৰ্হৰ ফলৰ বাবে এই লিখনিৰ জন্ম |হত্যা,দূৰ্নীতি মাজত থাকি আমি কেৱল টকা গোটোৱাতেই ব্যস্ত;কাৰোবাৰ ভাত্খোৱা-মাছখোৱা কথা পঢ়িবলৈ সময় নাই |সেয়েহে জাতীয় জীৱনৰ বিখ্যাত লোক সকলৰ জীৱনী আজি নতুন প্ৰজন্মৰ বাবে দুৰ্লভ |
পদ্মনাথ গোহাঞি বৰুৱা অসমীয়া ৰাইজৰ চিনাকি নাম,পদ্মনাথৰ জন্ম হৈছিল উত্তৰ লক্ষীমপুৰ নকাৰী গাৱত,১৭৯৩ শক(ইং১৮৭১ চন) ৰ ২৯ আঘোন মঙলবাৰে | পিতৃ ঘিনাৰাম গোহাঞি বৰুৱা আৰু মা লম্ভী দেবী |ঘিনাৰামৰ দুগৰাকী পত্নী;তাৰে দ্বিতীয় গৰাকী লম্ভী দেবীৰ পুত্ৰ পদ্মনাথ |ঘিনাৰাম মৌজাদাৰ আছিল |মৌজাদাৰৰ লৰা হিচাপে কোনো দুখ নোপোৱকৈয়ে ডাঙৰ দীঘল হৈছিল |বায়েক মাহিন্দ্ৰীৰ মৰমত পাৰ হৈছিল তেওৰ শৈশৱ |সাত বছৰ বয়সত তেও দেউতাকৰ সহায়্ত পঢ়া আৰাম্ভ কৰিছিল |পদ্মনাথক ৮ বছৰ বয়সত ১৮০১ শকৰ আঘোণ মাহত পাণীন্দ্ৰ নাথ গগৈৰ সৈতে চহৰৰ প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিয়ে |এশমান ছাত্ৰ থকা বিদ্যালয়ত এজনে মথো শিক্ষক পুহিৰাম দেৱ শৰ্মা |পুহিৰাম দেৱ শৰ্মা অৱ্সৰ পোৱাত গোৱালপাৰাৰ বিশ্বনাথ সৰকাৰ নামৰ এজন নতুন পণ্ডিত আহে |তেখেত অংকৰ ভাল শিক্ষক আছিল ।সেই সময়তে বিদ্যালয় খন প্ৰাথমিকৰ পৰা মাইনৰলৈ উন্নিত হোৱাত পদ্মনাথ হতে বঙ্গলা ছাত্ৰ-বৃত্তি পঢ়িব পৰা হৈছিল |সেই কালত বিদ্যালয় সমূহত ছাত্ৰ বৃত্তি পৰ্যায়ৰ কিতাপ বোৰ বঙলা ভাষাৰ আছিল |উত্তৰ লক্ষীমপুৰৰ সেই বিদ্যালয়ত পঢ়ি থাকোতেই পদ্মনাথ-পাণীন্দ্ৰ নাথৰ সাহিত্য চৰ্চা আৰাম্ভ হয় আৰু পদ্ম-পাণি ৰচনা কৰাৰ উপৰিও কাকত আলোচনীত কবিতা,প্ৰবন্ধ প্ৰকাশ হৈছিল |
মজলীয়া শিক্ষা শেষ কৰি পদ্মনাথ হাইস্কুলীয়া শিক্ষাৰ বাবে শিৱ্সাগৰলৈ যাত্ৰা কৰে |শিৱসাগৰৰ হাইস্কুলত পঢ়িবলৈ গৈ এটা সমস্যাৰ সন্মুখীন হয় |তেতিয়া পদ্মনাথৰ বয়স ১৪ বছৰ |হাইস্কুলৰ একেবাৰে তলৰ শ্ৰেণীৰ পৰা পঢ়িব লাগিলে বহু বছৰ পঢ়িব লাগে আৰু মাজৰ শ্ৰেণীৰ পৰা আৰাম্ভ কৰিবলৈও ইংৰাজীৰ জ্ঞান শূণ্য ;বঙলা ছাত্ৰ বৃত্তি পঢ়ি অহা বাবে ইংৰাজীৰ জ্ঞান একোৱে নাই |এনে অৱস্থাত পৰি ভিনিহিয়েকৰ পৰামৰ্শ মতে ঘৰতে ছমাহ মান ইংৰাজী শিকি হাইস্কুলৰ মাজ শ্ৰেনীৰ পৰা পঢ়া আৰাম্ভ কৰে | কিন্তু ইংৰাজীৰ জ্ঞান কম বাবে লগৰ ছাত্ৰ সকলৰ লগত মিলিব নোৱাৰাত পিছলৈ পঢ়াৰ উদ্যম ও নহোৱা হয় |সেই সময়ত মৌজাদাৰ বিলাক চাৰ্ভে পৰীক্ষাত উত্তীৰ্ণ হব লাগে বুলি নতুন নিয়ম ওলাই |কিন্তু সেইসময়ত ঘিনাৰামৰ পৰীক্ষা দিয়াৰ মানসিক প্ৰস্তুতি নথকাটো স্বাভাবিক | নতুন নিয়ম পাই পদ্মনাথে সন্তোস পালে আৰু চাৰ্ভে পঢ়ি দেউতাকক আজৰাই দিয়াৰ চিন্তা কৰিলে |পদ্মনাথে স্কুল বাদ দি শিৱ্সাগৰত মৌজাদাৰী স্কুলত নাম লগালে | সেই স্কুলত শিক্ষক হিচাপে পালে মজলীয়া বিদ্যালয়ৰ নীলকান্ত তালুকদাৰ |তালু্কদাৰৰ তলত পঢ়ি এবছৰৰ ভিতৰত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজ গাওঁৰ নকাৰীলৈ যোৱাৰ আয়োজন কৰিলে |পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত ঘিনাৰামে চাৰ্ভে পৰীক্ষাত উত্তীৰ্ণ নহোৱাকৈ মৌজা চলাবলৈ চৰকাৰী অনুমতি লাভ কৰে | সেই খবৰ পাই বিদ্যোত্সাহী ভিনিহিয়েকে মৌজাদাৰ হোৱাৰ পৰা পদ্মনাথক আতৰাই আনি শিৱসাগৰ হাইস্কুলৰ তৃতীয় শ্ৰেনীত(বৰ্তমানৰ অষ্টম শ্ৰেণী) পুনৰ নাম লগাই দিয়ে |চাৰ্ভে পঢ়া সময়ত স্কুলৰ কাষতে থকা এগৰাকী পাদ্ৰী আৰু তেওঁৰ পত্নীৰ লগত বন্ধুত্ব গঢ়ি উঠে |সেই বন্ধুত্বৰ সুযোগতে পদ্মনাথে তেওঁলোকক অসমীয়া আৰু পদ্মনাথক তেওঁলোকে ইংৰাজী শিকাই |পদ্মনাথৰ ইংৰাজীত জ্ঞান বেছি হয় আৰু ইংৰাজীত ভাল নম্বৰ পাবলৈ সক্ষম হয় |সেই সময়ত শিৱ্সাগৰ হাইস্কুলৰ প্ৰধান শিক্ষক আছিল পদ্মনাথৰ ‘পৰম পুজনীয় শিক্ষাগুৰু“ চন্দ্ৰ মোহন গোস্বামী |চন্দ্ৰ মোহন গোস্বামী আছিল প্ৰখ্যাত ইংৰাজী শিক্ষক |পদ্মনাথৰ গুৰু ভক্তিৰ এটা মনো
ৰম কাহিনী আছে |পদ্মনাথ প্ৰথম শ্ৰেনী পাওঁতেই (বৰ্তমানৰ দশম শ্ৰেনী) প্ৰধান শিক্ষক গোস্বামী নাগাপাহাৰৰ ‘কহিমা গৱৰ্ণমেন্ট হাইস্কুল“লৈ বদলি হয় | ‘পৰম পূজনীয় গুৰু“ৰ স্থান পৰিবৰ্তন হ‘ল আৰু শ্ৰেনীত একেবাৰে মন নবহা হ‘ল |এই ঘটনাৰ বিষয়ে ভিনদেউৱেকক কোৱাত,ভিনিদেউৱেকে দেউতাকৰ লগত আলোচনা কৰি কহিমালৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে |তিনি জন লগৰীয়াৰ সৈতে খোজকাঢ়ি,হাতী,ঘোৰাত উঠি অৱশেষত কহিমা পালে আৰু গোস্বামীৰ ভৰিত পৰি মনৰ ইচ্ছা পূৰন কৰিলে | গোস্বামীয়ে পদ্মনাথৰ গুৰুভক্তি দেখি তবধ মানিলে |পদ্মনাথে এই সম্পৰ্কে লিখিছে “ মই ঘোৰাৰ পৰা নামিয়েই গুৰুদেৱৰ চৰণত প্ৰণিপাত জনালো |মোক অকস্মাত্ দেখি প্ৰভুৱে চিঞৰি উঠিল “ হাঁ ই কি ? হাঁ ই কি পদ্ম
মই চৰণ এৰি প্ৰভুৰ মুখলৈ চালোঁ |চাৰি চকুৰ মিলনত ক্ষন্তেক মান ঠৰ লাগিলোহঁক;আনন্দত দুয়োৰে চকু চল-চলীয়া হ‘ল“|(মোৰ সোঁৱৰণী,পৃষ্ঠা ১৭) |এয়া হ‘ল পদ্মনাথৰ অচলা গুৰুভক্তিৰ অপূৰ্ব নিদৰ্শন |
কহিমা হাইস্কুল তেতিয়া নামতহে হাইস্কুল;অৱস্থা একেবাৰে শোচনীয় |লম্বোদৰ বৰা এই স্কুলৰ প্ৰথম হেডমাষ্টৰ | পদ্মনাথে কহিমা হাইস্কুলৰ প্ৰথম শ্ৰেনীত নামভৰ্তী কৰি আঠ মাহ পঢ়ে আৰু বাছনী পৰিক্ষাত উত্তীৰ্ণ হৈ এন্ট্ৰেছ পৰীক্ষাৰ বাবে সাজু হয় |তেওঁ পৰীক্ষা দিব ডিব্ৰুগড়লৈ আহিব লগা হ‘ল |ডিব্ৰুগড়লৈ আহোঁতে আকৌ আগৰ বিলাই-বিপত্তি,সময় লাগে ১৫ দিন |১৫ দিন পঢ়শুনা অলপো নহ‘ল | জাহাজত আহোতে দুজন পৰী্ক্ষা্ৰ্থী লগ পালে তেওঁলোকৰ আলোচনা বোৰ মনে মনে শুনি থাকি কিছু লাভৱান হয় |তেওঁলোক দুগৰাকী হ‘ল স্বনামধন্য দুৰ্গাধৰ বৰকটকী আৰু লক্ষেশ্বৰ শৰ্মা | পদ্মনাথে আশেষ কষ্টেৰে ডিব্ৰুগড়ৰ পৰীক্ষা কেন্দ্ৰত ১৮৯০ চনৰ এন্ট্ৰেঞ্চ পৰীক্ষাত বহে আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈ নগা পাহাৰৰ প্ৰথম পাছ কৰোতা হয় | সেইবাবে তেওঁ বিশেষ পৰ্বতীয়া বৃত্তি(special hill scholarship) পোৱাৰ যোগ্য হৈছিল কিন্তু কিবা চৰকাৰী কাৰনত নাপালে | চৰকাৰী কাৰণত বৃত্তিৰ ধন নাপালে যদিও মৌজাদাৰ ঘিনাৰামে পুত্ৰক উচ্চ শিক্ষা দিবলৈ পিছ হোঁহকা নাছিল |পিতৃৰ বিষয়ে পদ্মনাথে লিখি গৈছে-“মই বিদ্যোত্সাহী পিতৃ দেউতাৰ আৰ্জিত অৰ্থৰ বৃত্তি দানেৰেহে কলিকতীয়া কলেজত অধ্যয়ন কৰিব লগা হ‘ল | মোৰ উদাৰচিতীয়া পিতৃ দেউতা যদ্যপি ইংৰাজী জনা শিক্ষিত লোক নাছিল,তথাপি প্ৰতি তেখেতৰ অসাধাৰণ ধাউতি থকাৰ হেতুকে মই কলেজীয়া জীৱনত আৰ্থিক অভাবত পৰিব লগা নহৈছিল,তেখেতে মোলৈ মাহেকীয়া জলপাণি ধন পঠিওৱা নিয়মত অকনো হেৰফেৰ ঘটা নাছিল |”(মোৰ সোঁৱৰণী,পৃষ্ঠা-১৮) | এদিন দিন বাৰ চাই লক্ষ্মীনাথ বেজবৰুৱা,বসন্ত কুমাৰ গোস্বামী আৰু দাৰকেশ্বৰ শৰ্মাৰ সৈতে শিৱসাগৰৰ পৰা জাহাজত কলিকতা অভিমুখে যাত্ৰা কৰিলে|
জাহাজত লগ পালে বিখ্যাত অসমীয়া সদাগৰ হৰিবিলাস আগৰৱালাক |তিনিদিন দুৰাতিৰ জাহাজ যাত্ৰাৰ অন্তত গোৱালণ্ড ঘাটত নামি ৰেলেৰে কলিকতালৈ গ‘ল |কলিকতাৰ মিৰ্জাপুৰত ষ্ট্ৰিটৰ ৬৭ নং দুমহলীয়া পকীঘৰলৈ গৈ পদ্মনাথ হতে তাতে থকা ছাত্ৰ বেনুধৰ ৰাজখোৱাক লগ ধৰি থকাৰ ব্যৱস্থা কৰে | পিছত প্ৰত্যেকে ভাগে ভাগে মেচ বিচাৰি ল‘লে ||
মেচ থিক হোৱাৰ পিছত পদ্মনাথৰ সমস্যা হ‘ল কলেজ আৰু বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত | প্ৰবীন ছাত্ৰ সকলৰ লগত নানান আলোচনা কৰি পদ্মনাথে ইংৰাজী,লেটিন,গনিত আৰু ন্যায়শাস্ত্ৰ আদি বিষয় লৈ ৰিপন কলেজৰ এফ.এ মহলাত নাম ভৰ্ত্তি কৰে |কিন্তু কলেজৰ লগত পদ্মনাথৰ ৰাহি যোৰা নাহিল;লেটিন ভাষাৰ শ্ৰেনীত একো বুজি নপোৱাৰ বাবে বেলেগ কলেজলৈ মন মেলিলে |লেটিন ভাষা শিকাৰ বাবে পদ্মনাথে দুমাহৰ পিচত “চেন্ট জেভিয়াৰ্চ কলেজ“ ত নাম ভৰ্ত্তি কৰে|সেই কলেজত পদ্মনাথে কেইবাজনো পণ্ডিতক লগ পোৱাত পঢ়াত মন বহে কিন্তু তাতো শেষত ৰাহি নাহিল আৰু এফ.এ পাছ কৰা নহ‘ল|অৱশ্যে পদ্মনাথে ডিগ্ৰী নকৰিলেওঁ বহু দিশৰ জ্ঞান পালে ||| ক্ৰমশ...................
সমল পুথি-”সাহিত্যকাণ্ডাৰী পদ্মনাথ