সমললৈ যাওক

সদস্য:প্ৰিয়ম দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইতিহাস হ'বলৈ ধৰা ৰেডিঅ ' টো অাৰু কিছু কথা....

  আধুনিতাৰ ধামখুমীয়াত সময়ৰ পৰিৱৰ্তনৰ লগে লগে, 4G-5G ইণ্টাৰনেটৰ যুগত ৰেডিঅ ' শব্দটো বৰ্তমান মোৰ আপোনাৰ বহুতৰে বাবে নষ্টালজিয়া। এটা সময় আছিল যেতিয়া ৰেডিঅ'ৰ গুৰুত্ব আছিল অপৰিসীম। 
   শৈশৱত, এয়া আকাশবাণী যোৰহাট। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ....... ৰেডিঅ'ত ভাহি অহা পুৱাৰ বিশেষ কণ্ঠ স্বৰতে বিচনাৰ পৰা ধহমহাই উঠিছেলো।তেতিয়া খুব সম্ভৱ মই ঘড়ীত সময় চাবলৈ শিকা নাছিলোঁ। ৰেডিঅ'ৰ অনুষ্ঠানতে তাল মিলাই নিজৰ সময়সূচী আগবাঢ়িছিল। বাতৰি পঢ়ি শেষ হোৱাৰ পাছতেই চিত্ৰগীত বাজিলে মাক ভাত দিবলৈ তত নোহোৱা কৰোঁ। ভাত খাই থাকোতে শুনা গীতৰ কলি এটাকে গুণ গুনাই ওলাই যাওঁ স্কুললৈ।  আমাৰ আইতাৰও আকৌ ৰেডিঅ' টোৰ প্ৰতি বৰ টান আছিল। বেটাৰি নহলে কোনোবাই মৰমত দিয়া খোচনিৰ পইচা উলিয়াই হলেও বেটাৰী আনিব দিছিল। মুঠতে ৰেডিঅ' শুনিবই। 
    আমাৰ অঞ্চলটো এখন ভিতৰুৱা গাঁৱত, প্ৰতেক্যৰে ঘৰত ৰেডিঅ' তেতিয়াও নাছিল। স্কুলৰ বন্ধত ৰেডিঅ' ৰ অনুষ্ঠান "সেউজ চৰা" , "গীতমঞ্জৰী" , নাটক আদি চুবুৰীৰ লগৰীয়া কেইজনীৰ লগত আমাৰ চোতালতে শুনি গীত সমূহৰ তালত দেও দি নাচি ফুৰিছিলো। কাৰো কোনো অভিযোগ নাই , সকলো সুখী। দেওবাৰে অাৰু এটা বিশেষ মনোৰঞ্জনৰ অনুষ্ঠান চলিছিল। তেতিয়া আজিৰ দৰে ইউটিউবৰ সহজ সুবিধা নাছিল । ভাল লগা এটা গান শুনিবলৈ ৰেডিঅ' ৰ বিশেষ অনুষ্ঠানটোলে ফোন কৰি অনুৰোধ কৰিব লগা হৈছিল। এবাৰ অনুৰোধ কৰাৰ পাছত যেতিয়া প্ৰিয় গানটো বাজি উঠে কিমান আনন্দ পাইছিলো সেইয়া অতুলনীয়।
     গাঁৱলীয়া সমাজত ৰেডিঅ' টোৰ লগত  জাৰৰ দিনৰ জুহাল আৰু গৰমৰ দিনত জোনাক ৰাতিৰ এক গভীৰ সম্পৰ্ক আছে। সৰুতে পঢ়াৰ পৰা মনে মনে উঠি আইতাৰ লগত গৰমৰ দিনত জোনাক নিশা চোতালত ৰেডিঅ' ত নাটক শুনাৰ আমেজ শব্দৰে বুজাব নোৱাৰি। ঠাণ্ডাৰ দিনটোতও জুহালৰ কাষত বহি কথাৰ মহলা মৰাৰ লগতে বাজি থাকে ৰেডিঅ'টো । অৱশ্যে ভাললগা অনুষ্ঠান সমূহ বাজি থাকিলে বেছি কথা ক'লে খং নুঠা নহয়।  কিয়নো দুনাই আৰু ৰেডিঅ'ত   নকয়। শ্ৰৱণেন্দ্ৰীয় সজাগ কৰি ৰাখিব লাগে। ৰেডিঅ' শুনাৰ অভ্যাসটোৱে শ্ৰোতাৰ মস্তিষ্কতও বিশেষভাবে ইতিবাচক প্ৰভাৱ পেলাইছিল।ৰেডিঅ'ৰ এটা কথা ক'বই লাগিব যে, ইয়াৰ প্ৰতিজন ঘোষক- ঘোষিকাৰ উচ্চাৰণৰ স্পষ্টতা আৰু শুদ্ধতা শলাগ লব লগীয়া। বৰ্তমান দূৰদ্শনৰ বিভিন্ন চেনেলবোৰত প্ৰচাৰিত বিভিন্ন কাৰ্যসূচীতে প্ৰায়সংখ্যক ঘোষক- ঘোষিকাৰ অসমীয়া ভাষাত কথা কোৱাৰ ধৰণ দেখি শুনি বিৰক্তি জাগে। Talk- show বোৰত হোৱা অমাৰ্জিত কথা - বতৰাৰ কথাটো কবই নালাগে। যিসমূহে বৰ্তমানৰ শিশু - কিশোৰকো কথা কোৱাৰ শৈলীৰ ক্ষেত্ৰত বিপথে পৰিচালিত কৰিছে। আমাৰ শৈশৱৰ সময়ত ৰেডিঅ'ত সুন্দৰ আৰু সাৱলীল ভাৱে কোৱা অসমীয়াবোৰ শুনিলেই মন ভৰি পাৰে।
    বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ফলত আমি মনোৰঞ্জনৰ দেধাৰ আহিলা ব্যৱহাৰ কৰোঁ। কিন্তু এই আহিলা সমূহে আমি  শৈশৱত ৰেডিঅ'ৰ জৰিয়তে পোৱা মনে বিচৰা সন্তুষ্টিখিনি আমাক যোগাব নোৱাৰে। এতিয়া ৰেডিঅ'ৰ অনুষ্ঠান উপভোগ কৰাটো হৈ পৰিছে দুৰ্লভ। একালৰ হেঁপাহৰ ৰেডিঅ'টো বৰ্তমান ইতিহাসত পৰিণত হৈছে।
   এই ৰেডিঅ'ৰ ইতিহাস কিতাপৰ পাতত অাৰু কিছু সংখ্যক মানুহৰ স্মৃতিৰ টোপোলাতহে সজীৱ হৈ ৰ'বগৈ ।
      প্ৰিয়ম দত্ত, অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়।।