সদস্য:Ankur Jyoti Buragohain
অৱয়ব
% সময়ৰ বেঙুনীয়া পাত %
কবি :- অংকুৰ জ্যোতি বুঢ়াগোহাঁই
কাঁইটীয়া জোপোহাত জোনাক নামে
কাৰ বাবেনো তেজীমলাই
আজিও বাট্ চাই থাকে ?
অলপ পাছতেই শুকান পথাৰত
তৰাবোৰে টঙি ঘৰ সাজিব
হালধীয়া পাতৰ মাজেৰে
মৌ-পিয়াজনীয়ে জুমি জুমি চাব ।
শুনিছো কৃষকৰ জালীকটা চালেৰে
ব'হাগ আহে ,
দেখিছো নদীৰ দুয়োপাৰ
বগা চাদৰেৰে ঢাকে ।
বহু উজাগৰী নিশাৰ
অলেখ কাহিনী ,
নিশাৰ প্ৰহৰীৰ ডেউকাত
থেকেৰা ফুলেৰে লিখা থাকে...!