কোটোহা বাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোটোহা বাঁহ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
গণ: Bambusa
প্ৰজাতি: arundinacea

কোটোহা বাঁহ (বৈজ্ঞানিক নাম:Bambusa arundinacea) গ্ৰেমিনি (Grsmineae) পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বাঁহ।[1] এই বাঁহ ঘন ঘনকৈ জোপোহা আকাৰে উৎপন্ন হয়।

বিৱৰণ[সম্পাদনা কৰক]

কোটোহা বাঁহৰ গাইগুটীয়া গাঁঠিবোৰ ঘন ঘন হয় আৰু দুটা গাঁঠিৰ মধ্যভাগত বিকশিত হোৱা পাব (internode) বিলাকত থকা চুঙাৰ ফোঁপোলা সামান্য হয়। গাঁঠিবিলাকৰ পৰা ওলাই অহা চেকনিবোৰে বাঁহজোপাক মেৰিয়াই ধৰে।[1]

বাঁহৰ মুঢ়াৰ পৰা পোখা ওলাই গাঁজৰ উৎপত্তি হয়। অন্যন্য বাঁহৰ প্ৰজাতিৰ দৰেই এই বাঁহ গাজৰ গাঁঠিবোৰত বৌখাৰ উৎপত্তি হয়। বৌখাৰ উপৰিভাগত চুটি চুটি শুঙৰ আৱিৰ্ভাৱ হয়।

চিত্ৰভঁৰাল[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ