ডেকাথলন
ডেকাথলন (ইংৰাজী: Decathlon) হৈছে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এক সংযুক্ত ক্ৰীড়া প্ৰতিযোগিতা। ১৯১২ চনৰ পৰা অলিম্পিকত ডেকাথলন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাত প্ৰতিজন প্ৰতিযোগীয়ে দহটাকৈ খেলত অংশগ্ৰহণ কৰিব লাগে। পুৰুষৰ ক্ষেত্ৰত ইয়াৰে প্ৰথম পাঁচটা হ'ল- ১০০ মিটাৰ দৌৰ, দীঘল জাঁপ, শ্বটপুট, ওখ জাঁপ আৰু ৪০০ মিটাৰ দৌৰ। এই পাঁচবিধ খেল প্ৰথম দিনা খেলোৱা হয় আৰু ইয়াৰ দ্বাৰা খেলুৱৈ জনৰ বেগ আৰু শক্তি নিৰ্ণয় কৰা হয়। দ্বিতীয় দিনা খেলোৱা খেলবোৰ হ’ল- ১১০ মিটাৰ হাৰ্ডলছ, ডিছকাছ থ্ৰ’, প’ল ভল্ট, জেভেলিন থ্ৰ’ আৰু ১৫০০ মিটাৰ দৌৰ। এই খেলকেইবিধৰ দ্বাৰা খেলুৱৈ জনৰ পৰিশ্ৰম শক্তি, ষ্টেমিনা, ধৈৰ্য আৰু কলা-কৌশল নিৰূপণ কৰা হয়।
খেলসমূহ
[সম্পাদনা কৰক]পুৰুষ
[সম্পাদনা কৰক]
|
|
মহিলা
[সম্পাদনা কৰক]
|
|
প্ৰসিদ্ধ ক্ৰীড়াবিদ
[সম্পাদনা কৰক]ইংৰাজ খেলুৱৈ ডালে থম্পছনক (ইংৰাজী: Daley Thompson) এজন শ্ৰেষ্ঠ ডেকাথলন চেম্পিয়ন বুলি ধৰা যায়। তেওঁ একেলেথাৰিয়ে ১৯৮০ আৰু ১৯৮৪ চনৰ অলিম্পিকত ডেকাথলন চেম্পিয়ন হৈছিল। দুবাৰকৈ অলিম্পিকত ডেকাথলন চেম্পিয়ন হোৱা তেঁৱেই বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, ৩৫শ বছৰ, ৪ৰ্থ সংখ্যা, পৃষ্ঠা নং: ১৮