ঢাকা বিশ্ববিদ্যালয়
ঢাকা বিশ্ববিদ্যালয় | |
---|---|
ঢাকা বিশ্ববিদ্যালয়ের লোগো.svg ঢাকা বিশ্ববিদ্যালয়ের লোগো। ঢাবির মনোগ্রাম শিল্পী সমরজিৎ রায় চৌধুরী | |
মূলমন্ত্ৰ | সত্যের জয় সুনিশ্চিত |
স্থাপিত | ১৯২১ |
ধৰণ | ৰাজহুৱা বিশ্ববিদ্যালয়সমূহ |
ধৰ্মীয় ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ |
আচাৰ্য | সাঁচ:বাংলাদেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি |
উপাচাৰ্য | মহম্মদ আখটাৰউজ্জামান |
ডীন | ১৩ জন |
শৈক্ষিক কৰ্মচাৰী | ১৯৯২[1] |
প্ৰশাসনিক কৰ্মচাৰী | ৪,৪১৭ |
শিক্ষাৰ্থী | ৪৬,১৫০ (২০১৮-২০১৯)[2] |
স্থান | ঢাকা, বাংলাদেশ |
চৌহদ | নাগৰ, ২৮৩ একৰ (115 হেক্টৰ) (ইনস্টিটিউট অব লেদার ইঞ্জিনিয়ারিং ব্যতীত) |
উপনাম | ঢাবি |
ৱেবছাইট | সাঁচ:ইউআরএল |
ঢাকা বিশ্ববিদ্যালয় (সংক্ষিপ্তভাৱে ডি ইউ ) হৈছে বাংলাদেশৰ এখন স্বায়ত্তশাসিত চৰকাৰী গৱেষণা বিশ্ববিদ্যালয়। ১৯২১ চনত তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অক্সব্ৰিজ শিক্ষা ব্যৱস্থা অনুসৰণ কৰি প্ৰতিষ্ঠা কৰা হয়। ১৯২১ চনৰ ১ জুলাইৰ পৰা ইয়াৰ শিক্ষামূলক কাৰ্যসূচী আৰম্ভ হয়।[3] প্ৰথম অৱস্থাত বিভিন্ন পটভূমিৰ পণ্ডিত আৰু বিজ্ঞানীসকলে কঠোৰ গুণগত নিয়ন্ত্ৰণৰ প্ৰেক্ষাপটত ইয়াক অক্সফৰ্ড অৱ দ্য ইষ্ট হিচাপে স্বীকৃতি দিছিল।[4]
বৰ্তমান বিশ্ববিদ্যালয়খনৰ মুঠ ১০৫ খন সংযুক্ত মহাবিদ্যালয় আছে, য'ত আছে ১৩ টা অনুষদ, ৮৩ টা বিভাগ, ১৩ টা প্ৰতিষ্ঠান, ৫৬ টা গৱেষণা ব্যুৰো আৰু কেন্দ্ৰ, ২০ টা আৱাসিক হল আৰু ৩ টা ছাত্ৰাবাস, আৰু ৭ টা স্নাতক পৰ্যায়ৰ সংযুক্ত চৰকাৰী মহাবিদ্যালয়। সংযুক্ত মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু কাৰ্য্যকলাপ বেলেগ বেলেগ। ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল বাংলাদেশৰ সৰ্ববৃহৎ পুথিভঁৰাল।[5]
ঢাকা বিশ্ববিদ্যালয়ত অসংখ্য বিশিষ্ট ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছে, য'ত আছে ১৩ জন ৰাষ্ট্ৰপতি, ৭ জন প্ৰধানমন্ত্ৰী আৰু এজন নোবেল বঁটা বিজয়ী। বাংলাদেশ জাতিৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানে ইয়াত অধ্যয়ন কৰিছিল আৰু বাংলাদেশক স্বাধীন কৰি তোলাত এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ অৱদান আছিল।[4] এই বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে সৰ্বাধিক বাংলাদেশ বিজ্ঞান একাডেমীৰ পদক লাভ কৰিছে।[6] [7] ইয়াৰ উপৰিও বাংলাদেশৰ একমাত্ৰ বিশ্ববিদ্যালয় যিয়ে এছিয়া উইকৰ শীৰ্ষ ১০০খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিছে।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Error: no
|title=
specified when using {{Cite web}}". - ↑ "Error: no
|title=
specified when using {{Cite web}}". - ↑ হাওলাদার, আসিফ. "গৌরবোজ্জ্বল অতীত নিয়ে শতবর্ষে ঢাকা বিশ্ববিদ্যালয়" (bn ভাষাত). Prothomalo. https://www.prothomalo.com/bangladesh/%E0%A6%97%E0%A7%8C%E0%A6%B0%E0%A6%AC%E0%A7%8B%E0%A6%9C%E0%A7%8D%E0%A6%9C%E0%A7%8D%E0%A6%AC%E0%A6%B2-%E0%A6%85%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A7%87-%E0%A6%B6%E0%A6%A4%E0%A6%AC%E0%A6%B0%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A2%E0%A6%BE%E0%A6%95%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A7%9F। আহৰণ কৰা হৈছে: 2022-05-21.
- ↑ 4.0 4.1 মিয়া, সাজাহান. "ঢাকা বিশ্ববিদ্যালয়". বাংলাপিডিয়া: বাংলাদেশের জাতীয় জ্ঞানকোষ. বাংলাদেশ এশিয়াটিক সোসাইটি. https://bn.banglapedia.org/index.php/%E0%A6%A2%E0%A6%BE%E0%A6%95%E0%A6%BE_%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC। আহৰণ কৰা হৈছে: ২৯ জুন ২০২১.
- ↑ "Dhaka University Library". Archived from the original on 8 March 2013. https://web.archive.org/web/20130308044619/http://www.du.ac.bd/du_library.php। আহৰণ কৰা হৈছে: 7 April 2013.
- ↑ "Academy Gold Medal Award". bas.org.bd. Archived from the original on ২৬ সেপ্টেম্বর ২০১৫. https://web.archive.org/web/20150926174053/http://www.bas.org.bd/awards/gold-medal-award.html। আহৰণ কৰা হৈছে: ২২ জুন ২০১২.
- ↑ munir. "BAS Gold Medal Award Ceremony 2011". bas.org.bd. Archived from the original on ২৯ জুলাই ২০১৩. https://web.archive.org/web/20130729174235/http://www.bas.org.bd/news/news-archive/256.html। আহৰণ কৰা হৈছে: ২২ জুন ২০১২.
- ↑ "TIME Magazine -- Asia Edition -- March 10, 2013 - Vol. 183, No. 9". এশিয়া উইক. Archived from the original on ২৮ জানুয়ারি ২০০১. https://web.archive.org/web/20010128111100/http://www.asiaweek.com/asiaweek/features/universities2000/multi/64.html.