পিগি বেংক
পিগি বেংক (ইংৰাজী: Piggy Bank) হ'ল এটা বাকচ বা বন্ধ পাত্ৰ,য'ত মুদ্ৰা সাঁচি ৰাখিব পাৰি৷ কিন্তু এই বেংকৰ লগত পিগি বা গাহৰিৰ কোনো সম্পৰ্ক নাই৷ আনকি সাঁচিব জনা জন্তু হিচাপেও গাহৰিৰ নাম নাই৷ কুকুৰে কেতিয়াবা হাড় মাটিত পুতি ভৱিষ্যতৰ বাবে সাঁচি থয়,কেৰ্কটুৱায়ো বাদাম সাঁচে,কিন্তু গাহৰিয়ে একো সাঁচি নাৰাখে৷ [1]
ইতিহাস
[সম্পাদনা কৰক]পঞ্চদশ শতিকাত ধাতুবোৰ বেচ দামী আছিল আৰু বাচন-বৰ্তন হিচাপে ধাতু খুব কমেইহে ব্যৱহাৰ কৰা হৈছিল৷ থাল-বাটিবোৰ পিগ (Pygg) নামৰ এবিধ সস্তীয়া মাটিৰে তৈয়াৰ কৰা হৈছিল৷ তদুপৰি এই মাটিৰে আন ধৰণৰ বন্ধ বা সৰু ছিদ্ৰ থকা পাত্ৰ তৈয়াৰ কৰা হৈছিল৷ গৃহিনীসকলে তেওঁলোকে ৰাহি কৰা কিছুমান মুদ্ৰা এনে মাটিৰ পাত্ৰত সাঁচি থৈছিল৷ তেওঁলোকে সেই বেংকক পিগ বা পিগি বেংক বুলি কৈছিল৷[1]
প্ৰচাৰ
[সম্পাদনা কৰক]যেতিয়া পিগি বেংক বিখ্যাত হৈ উঠিল,আৰু তেনে কাম কৰা প্ৰতিষ্ঠানবোৰে পিগি বেংক তৈয়াৰ কৰিবৰ বাবে বহু অৰ্ডাৰ পালে৷ তেতিয়া তেওঁলোকে সেই বেংক বা পাত্ৰৰ আকৃতি গাহৰি বা পিগৰ দৰে কৰিলে,যাতে সৰু ল'ৰা-ছোৱালীবোৰ তাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে৷ সৰু ল'ৰা-ছোৱালীবোৰ সঁচাকৈয়ে তেনে আকাৰৰ দ্বাৰা আকৃষ্ট হ'ল আৰু পিগি বেংকেবেচ জনপ্ৰিয়তা অৰ্জন কৰিলে৷[1]
চিত্ৰভঁৰাল
[সম্পাদনা কৰক]-
Roman vase-shaped money box (2nd-3rd century AD).[2]
-
Piggy bank for "Schwarzgeld"
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৱিকিমিডিয়া কমন্সত Piggy bank সম্পৰ্কীয় মিডিয়া ফাইল।
- What's the origin of the piggy bank? (from The Straight Dope)