ভূটানী শিল্পকলা
ভূটানী শিল্প (ইংৰাজী: Bhutanese art) তিব্বতী শিল্পকলাৰ সৈতে মিল থকা এক শিল্পকলা। দুয়োটা বজ্ৰযানী বৌদ্ধ ধৰ্ম আৰু ইয়াৰ গুৰু পান্থেয়নৰ ঐশ্বৰিক সত্তাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
ভূটানত বৌদ্ধ ধৰ্মমতৰ প্ৰধান ক্ৰমসমূহ হ’ল ড্ৰুকপা বংশ আৰু নিংমা। প্ৰথমটো কাগ্যু বিদ্যালয়ৰ এটা শাখা আৰু বৌদ্ধ গুৰু আৰু ৭০জন জে খেনপো (ভূটানৰ মঠ প্ৰতিষ্ঠানৰ নেতা)ৰ বংশৰ নথিভুক্ত চিত্ৰৰ বাবে জনাজাত। সপ্তম শতিকাত ভূটানত বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তনৰ কৃতিত্ব লাভ কৰা পদ্মসম্ভৱ ("গুৰু ৰিনপোচে")ৰ প্ৰতিচ্ছবিৰ বাবে নিয়িংমা বিদ্যালয় পৰিচিত। কিংবদন্তি অনুসৰি পদ্মসম্ভৱে ভৱিষ্যতৰ বৌদ্ধ গুৰুসকল, বিশেষকৈ পেমা লিংপাই বিচাৰি পোৱাকৈ পৱিত্ৰ ধন লুকুৱাই ৰাখিছিল। নিংমা শিল্পকলাত টাৰ্টনসকলো বিষয়বস্তু হিচাপে আছে।
প্ৰতিটো ঐশ্বৰিক সত্তাক বিশেষ আকৃতি, ৰং আৰু বা চিনাক্তকৰণ বস্তু, যেনে পদুম, শংখ-খোলা, বজ্ৰপাত, ভিক্ষাৰ বাটি আদিৰে চিহ্নিত কৰা হয়। সকলো পবিত্ৰ প্ৰতিমূৰ্তি সঠিক জোখ-মাখ অনুসৰি নিৰ্মাণ কৰা হয়; যিবোৰ শতিকাজুৰি বিশেষভাবে অপৰিৱৰ্তিত হৈ আছে।
ভূটানৰ শিল্প নিৰ্মাণৰ কৌশল প্ৰথমে তিব্বতৰ পৰা আমদানি কৰা হৈছিল। এই শিল্পকলা বিশেষকৈ বিভিন্ন ধৰণৰ ব্ৰঞ্জৰ বাবে সমৃদ্ধ; যিবোৰ ভূটানত নিৰ্মিত হ’লেও সামূহিকভাৱে খাম-ছ’ (খামত নিৰ্মিত) নামেৰে জনাজাত, কাৰণ সেইবোৰ নিৰ্মাণৰ কৌশল প্ৰথমে তিব্বতৰ পৰা আমদানি কৰা হৈছিল। এই অঞ্চলসমূহত দেৱাল চিত্ৰ আৰু ভাস্কৰ্য্য বৌদ্ধ মূৰ্তিৰ শ্বাশ্বত ৰূপৰ প্ৰচলিত ধাৰণাৰ ওপৰত নিৰ্মাণ কৰা হয়। যদিও এই বিষয়ত বিতংভাৱে গুৰুত্ব দিয়াটো তিব্বতী শিল্পকলাৰ আৰ্হি, তথাপি এই আকৃতিবোৰ জাকজমকীয়াকৈ এম্ব্ৰয়ডাৰী কৰা কাপোৰেৰে আড়ম্বৰপূৰ্ণভাৱে আবৃত কৰা আৰু চিকমিকোৱা অলংকাৰ পিন্ধোৱা সত্ত্বেও ইয়াৰ উৎপত্তিৰ উৎস সহজেই বুজিব পাৰি। দানৱৰ বিচিত্ৰ জগতখনত শিল্পীসকলৰ আচৰিত ধৰণে ঐশ্বৰিক সত্তাৰ প্ৰতিচ্ছবিৰ আৰ্হি প্ৰস্তুত কৰা কৰ্মৰ স্বাধীনতা আছিল।
"হিমালয় ৰাজ্যৰ আত্মা আৰু পৰিচয়"ক প্ৰতিনিধিত্ব কৰা ভূটানৰ একচেটিয়া কলা আৰু শিল্পকলাক জোৰিগ চোছুমৰ কলা বুলি সংজ্ঞায়িত কৰা হৈছে, যাৰ অৰ্থ হৈছে “ভূটানৰ তেৰটা কলা আৰু শিল্পকলা”; তেৰটা শিল্পকলা হৈছে কাঠমিস্ত্ৰী, চিত্ৰকলা, কাগজ নিৰ্মাণ, লোহাৰ কাম, বয়ন, ভাস্কৰ্য্য শিল্প আদি। ভূটান চৰকাৰে ভূটানৰ চহকী সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা আৰু ছাত্ৰ-ছাত্ৰীক সকলো পৰম্পৰাগত শিল্প প্ৰকাৰৰ প্ৰশিক্ষণ দিয়াৰ একমাত্ৰ উদ্দেশ্যেৰে স্থাপন কৰা পৰম্পৰাগত কলা আৰু শিল্পকলাৰ প্ৰধান প্ৰতিষ্ঠান থিম্ফুৰ জোৰিগ চোছুম প্ৰতিষ্ঠান; পূব ভূটানত ট্ৰাছি ইয়াংচে নামেৰে জনাজাত আন এটা অনুৰূপ প্ৰতিষ্ঠান আছে। ভূটানৰ গ্ৰাম্য জীৱন থিম্ফুৰ লোক ঐতিহ্য সংগ্ৰহালয়তো প্ৰদৰ্শিত হৈছে। থিম্ফুত এটা স্বেচ্ছাসেৱী শিল্পী ষ্টুডিঅ’ৰ জৰিয়তে থিম্ফুৰ যুৱক-যুৱতীসকলৰ মাজত শিল্পকলাসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। ভূটানৰ তেৰটা কলা আৰু শিল্পকৰ্ম আৰু এই শিল্পকলাৰ প্ৰচাৰৰ বাবে থিম্ফুত প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানসমূহ হ’ল:- [1][2]
ভূটানৰ পৰম্পৰাগত শিল্পকলা
[সম্পাদনা কৰক]ভূটানত পৰম্পৰাগত কলাক জোৰিগ চুছুম (zo = বনোৱাৰ ক্ষমতা; ৰিগ = বিজ্ঞান বা শিল্প; চুছুম = তেৰ) নামেৰে জনা যায়। এই পদ্ধতিসমূহ বছৰ বছৰ জুৰি ক্ৰমান্বয়ে বিকশিত হৈ আহিছে আৰু প্ৰায়ে কোনো বিশেষ শিল্পৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকা পৰিয়ালৰ মাজেৰেই পৰম্পৰাগতভবে চলি আহিছে। এই পৰম্পৰাগত শিল্পকৰ্মসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা শ শ বছৰীয়া জ্ঞান আৰু ক্ষমতাক প্ৰতিনিধিত্ব কৰে।
১৫ শতিকাৰ মহান টেৰ্টন পেমা লিংপাক পৰম্পৰাগতভাৱে ভূটানত কলাৰ প্ৰৱৰ্তনৰ কৃতিত্ব দিয়া হয়। ১৬৮০ চনত জাবড্ৰুং ৰিনপোচে ঙাৱাং নামগিয়ালে তেৰটা পৰম্পৰাগত কলাৰ শিক্ষাৰ বাবে বিদ্যালয়খন স্থাপনৰ নিৰ্দেশ দিয়ে। যদিও দক্ষতা বহু আগতেই আছিল, তথাপিও চতুৰ্থ ড্ৰুক দেশী (ধৰ্মনিৰপেক্ষ শাসক) গিয়ালছে টেনজিন ৰাব্ গে (১৬৮০-১৬৯৪)ৰ শাসনৰ সময়ত জোৰিগ চুছুম ক প্ৰথমে আনুষ্ঠানিকভাৱে শ্ৰেণীভুক্ত কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। তেৰটা পৰম্পৰাগত কলা হ’ল-
- ডেজো -Dezo- কাগজ নিৰ্মাণ: মূলতঃ ডাফ্ নে গছৰ শিপাৰ পৰা পোৱা আঠাৰে তৈয়াৰী হস্তনিৰ্মিত কাগজ।
- ডোজো -Dozo- শিলৰ কাৰ্য: শিলৰ পুল আৰু জং, গম্পা, স্তুপ আৰু অন্যান্য কিছুমান অট্টালিকাৰ বাহিৰৰ দেৱাল নিৰ্মাণত ব্যৱহৃত শিলৰ কলা।
- গাৰ্জো -Garzo- লোহাৰ কাম: লোহাৰ সামগ্ৰী, যেনে খেতিৰ সঁজুলি, দা, তৰোৱাল, আৰু বাচন-বৰ্তন প্ৰস্তুত কৰা।
- জিনজো - Jinzo- মাটিৰ কলা: ধৰ্মীয় মূৰ্তি আৰু আচাৰ-অনুষ্ঠানৰ বস্তু, মৃৎশিল্প আৰু মৰ্টন, প্লাষ্টাৰ, আৰু ৰেমড মাটি ব্যৱহাৰ কৰি অট্টালিকা নিৰ্মাণ কৰা।
- লেহ্ জো-Lhazo - চিত্ৰ: ঠংকাৰ ওপৰৰ ছবিৰ পৰা দেৱাল পেইণ্টিং, আৰু মূৰ্তি আসবাবপত্ৰৰ লগতে উইণ্ডো-ফ্ৰেমৰ ওপৰত অলংকৰণ।
- লুগজো-Lugzo - ব্ৰঞ্জৰ ঢালাই: ব্ৰঞ্জৰ ছাদৰ শিখৰ, মূৰ্তি, ঘণ্টা, আৰু আচাৰ-ব্যৱহাৰৰ যন্ত্ৰৰ উৎপাদন, ইয়াৰ উপৰিও বালিৰ ঢালাই আৰু লা’ৰ ঢালাই ব্যৱহাৰ কৰি কৰা গহনা আৰু ঘৰুৱা সামগ্ৰী। ডাঙৰ মূৰ্তি আদি দ্বাৰা তৈয়াৰ কৰা হয়।
- পাৰজো-Parzo - কাঠ, স্লেট আৰু শিলৰ ভাস্কৰ্য: কাঠ, স্লেট বা শিলত, ধৰ্মীয় গ্ৰন্থৰ বাবে প্ৰিণ্টিং ব্লক, মাস্ক, আচবাব, বেদী, আৰু বহুতো মন্দিৰ আৰু বেদী শোভা বঢ়া স্লেটৰ প্ৰতিমূৰ্তিৰ দৰে বস্তু তৈয়াৰ কৰাৰ বাবে।
- শ্বেগজো-Shagzo - কাঠৰ আঁহ: বিভিন্ন ধৰণৰ বাটি, প্লেট, কাপ, আৰু অন্যান্য পাত্ৰ তৈয়াৰ কৰা।
- শ্বিংজো-Shingzo - কাঠৰ কাম: জ্জোং আৰু গোম্পা নিৰ্মাণত নিয়োজিত।
- থাগজো -Thagzo বয়ন: এছিয়াত উৎপাদিত কিছুমান জটিলভাৱে বোৱা কাপোৰৰ উৎপাদন।
- ট্ৰোজো-Trözo - সোণাৰী: সোণ, ৰূপ, আৰু তামৰ কাম কৰি গহনা, আচাৰ-ব্যৱহাৰৰ বস্তু, আৰু উপযোগী ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰা।
- শ্বেজো-Tshazo - বেত আৰু বাঁহৰ কাম: ধনু আৰু কাঁড়, ঝুৰি, পানীয়ৰ পাত্ৰ, বাচন-বৰ্তন, বাদ্যযন্ত্ৰ, বেৰ, আৰু মেটৰ দৰে বিভিন্ন সামগ্ৰীৰ উৎপাদন।
- শ্বেমজো-Tshemazo – সূচীকৰ্ম: কাপোৰ, বুট আদিত ৰংচঙীয়া বেজীসূতাৰ কাম।
ভূটানী শিল্পকলাৰ বৈশিষ্ট্য
[সম্পাদনা কৰক]ভূটানীসকলৰ দৈনন্দিন ব্যৱহাৰ্য বস্তুবোৰ আজিও শতিকাৰ আগৰ দৰেই হৈ আছে। কাৰণ, তাত পৰম্পৰাগতভাবেই শিল্পকলা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি আছে। ভূটানৰ শিল্পীসকলে ধাতু, কাঠ আৰু স্লেটত খোদিত কৰা কাৰ্য, মাটিৰ ভাস্কৰ্য্য আদিৰ দক্ষ শ্ৰমিক। ৰূপৰ পাটীৰে কাঠৰ পৰা তৈয়াৰী শিল্পকৰ্মৰ বাতি আৰু অন্যান্য বাচন-বৰ্তন অলংকৃত কৰে। চালে চকু ৰোৱা অথচ শক্তিশালীকৈ বোৱা বাঁহৰ ঝুৰি, মেট, টুপী, আৰু কুইভাৰ ব্যৱহাৰ আৰু সৌন্দৰ্যবৰ্ধন দুয়োটাতে মানুহে ব্যৱহাৰ কৰাৰ সুবিধা পায়। যুগ যুগ ধৰি চলি অহা প্ৰক্ৰিয়াৰে গছৰ বাকলিৰ পৰা হাতেৰে তৈয়াৰী কাগজ প্ৰস্তুত কৰা হয়।
শিল্পৰ বাবে ভূটানৰ প্ৰতিটো অঞ্চলৰ বিশেষত্ব আছে; যেনে, কেঁচা ৰেচম পোৱা যায় পূব ভূটানৰ পৰা, ব্ৰকেড আহে লুণ্টছিৰ(কুৰ্টোৱে) পৰা, বুমথাঙৰ পৰা উলৰ সামগ্ৰী, খেঙৰ পৰা বাঁহৰ সামগ্ৰী, তাছি ইয়াঙচেৰ পৰা কাঠৰ কাম, থিম্ফুৰ পৰা সোণ আৰু ৰূপৰ কাম, আৰু উত্তৰৰ পৰ্বতমালাৰ পৰা য়াকৰ নোমৰ সামগ্ৰী উপলভ্য হয়।
বেছিভাগ ভূটানী শিল্প-বস্তু ভূটানীসকলে নিজৰেই ব্যৱহাৰৰ বাবে উৎপাদিত কৰি লয়। কৃষকসকলে আজৰি সময়ত সোণৰ মিস্ত্ৰী, ৰূপৰ মিস্ত্ৰী, চিত্ৰকৰৰ বাহিৰেও কাপোৰ উৎপাদন আৰু উৎপাদিত সামগ্ৰী বিক্ৰী কৰা হয় কামত নিযুক্ত হয়। বেছিভাগ সামগ্ৰী বিশেষকৈ কাপোৰ তুলনামূলকভাৱে ব্যয়বহুল। উচ্চমানবিশিষ্ট কাপোৰ উৎপাদনৰ প্ৰতিটো পদক্ষেপ হাতেৰে কৰা হয়, সূতাৰ লেচাবোৰ ৰং কৰাৰ বাবে হাবিৰ পৰা বাঁহ কাটি অনাৰ পৰা আৰম্ভ কৰি চূড়ান্ত পৰ্যায়ত সামগ্ৰীসমূহত ব্ৰেইড কৰালৈকে সকলো কামেই নিজেই কৰে।
হস্তশিল্প উৎপাদনত যথেষ্ট সময় খৰচ হৈছিল আৰু কিছুমান বস্ত্ৰ বোৱাৰ বাবে দুবছৰ পৰ্যন্ত সময় লাগিছিল। একে সময়তে বহু আধুনিক কম খৰচী উদ্ভাৱনী পদ্ধতিও উৎপাদিত সামগ্ৰীৰ বাবে ব্যৱহাৰ কৰা হয়, বিশেষকৈ আধুনিক ৰং, আৰু সূতাৰ বাবে। ভূটান হাতেৰে বোৱা পলিয়েষ্টাৰ কাপোৰ পোৱা পৃথিৱীৰ কেইখনমান ঠাইৰ ভিতৰত অন্যতম।
উৎপাদন
[সম্পাদনা কৰক]বস্ত্ৰ শিল্প
[সম্পাদনা কৰক]ভূটানী শিল্পকলা প্ৰকৃতিৰ পৰা আহৰিত নানা ৰূপ, ৰং, আকাৰ, আকৃতি আৰু চকু কপালত তুলিব পৰা ৰঙৰ মিশ্ৰণেৰে বোৱা কাপোৰ, বিভিন্ন শিল্পকৰ্ম আৰু বিভিন্ন ধৰণৰ পাত্ৰত ৰূপৰ গুণাৰে নিৰ্মিত এক অনন্য কলা। সমগ্ৰ ভূটান আৰু থিম্ফুত, ইয়াৰ জনসাধাৰণৰ দৈনন্দিন জীৱন এই শিল্পকলাৰ সাক্ষী। ভুটানী বস্ত্ৰ জন্ম-মৃত্যুৰ অনুষ্ঠান, বিয়া আৰু পেছাদাৰী কৃতিত্বৰ দৰে শুভ অনুষ্ঠান আৰু গণ্যমান্য ব্যক্তিক অভিবাদন জনোৱাৰ বাবেও এক উল্লেখযোগ্য সাংস্কৃতিক বিনিময়ৰ মাধ্যম। প্ৰতিটো অঞ্চলৰ বস্ত্ৰৰ নিজস্ব বিশেষ ডিজাইন আছে, যেনে, যথ্ৰা নামেৰে জনাজাত শাক-পাচলিৰে ৰং কৰা ঊলৰ দ্বাৰা নিৰ্মিত বস্ত্ৰ অথবা কিশুথাৰা নামৰ বিশুদ্ধ ৰেচম বস্ত্ৰ। ঘৰুৱা হস্তশিল্পৰ ঐতিহ্যৰ চানেকি হিচাপে সৰু সৰু সম্প্ৰদায়ৰ মহিলাসকলে এই বস্ত্ৰ বয়ন কৰে।[2]
চিত্ৰকলা
[সম্পাদনা কৰক]চিত্ৰশিল্পকে ধৰি বেছিভাগ ভূটানী শিল্প লাজো নামেৰে জনাজাত আৰু এইবোৰ প্ৰায়েই ধৰ্মকেন্দ্ৰিক। এইবোৰত শিল্পীয়ে নিজৰ নাম লিপিবদ্ধ নকৰাকৈয়ে তৈয়াৰ কৰে। চিত্ৰসমূহে পৰম্পৰাগত থাংকা কে ধৰি বিভিন্ন ধৰণৰ চিত্ৰক সামৰি লৈছে, যিবোৰ বৌদ্ধৰ পৰম্পৰাগত চিত্ৰ “অতি ষ্টাইলাইজড আৰু কঠোৰ জ্যামিতিক অনুপাত’’ত খনিজ ৰঙেৰে নিৰ্মিত স্ক্ৰ’ল চিত্ৰ। ভূটানৰ বেছিভাগ ঘৰৰ ভিতৰ আৰু বাহিৰৰ দেৱালতো ধৰ্মীয় আৰু অন্যান্য প্ৰতীকী আৰ্হি অংকন কৰা হয়।[2]
ভাস্কৰ্য শিল্প
[সম্পাদনা কৰক]ধৰ্মীয় ভাস্কৰ্য নিৰ্মাণৰ কলা ভূটানত অনন্য আৰু সেয়েহে হিমালয় অঞ্চলত ই অতি জনপ্ৰিয়। ভাস্কৰ্য নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মৌলিক সামগ্ৰী হ’ল মাটি, যাক জিনজ’ব বুলি জনা যায়। ভূটানৰ বিখ্যাত শিল্পীসকলে নিৰ্মাণ কৰা বৌদ্ধ ধৰ্মীয় প্ৰতিমূৰ্তিবোৰে ভূটানৰ বিভিন্ন মঠ-মন্দিৰক শোভা বঢ়াইছে। ভাস্কৰ্যৰ এই শিল্পৰূপটো থিম্ফুৰ ইনষ্টিটিউট অৱ জোৰিগ চোছুম ৰ পেছাদাৰী শিল্পীসকলে ছাত্ৰ-ছাত্ৰীসকলক শিকায়।[2]
কাগজ
[সম্পাদনা কৰক]ভূটানত দেইশো নামেৰে জনাজাত হাতেৰে তৈয়াৰী কাগজ অতি জনপ্ৰিয় আৰু ই চিৰকলীয়া আৰু পোক-পৰুৱা প্ৰতিৰোধী। ব্যৱহৃত মৌলিক সামগ্ৰী হ’ল ডাফেন্ গছৰ বাকলি। এই কাগজখন ধৰ্মীয় গ্ৰন্থ ছপা কৰাৰ বাবে ব্যৱহাৰ কৰাৰ উপৰি ইয়াৰ দ্বাৰা পৰম্পৰাগত কিতাপ ছপা কৰা হয়। উপহাৰ পেকেজিঙৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। হাতেৰে নিৰ্মিত কাগজৰ উপৰিও ভূটানৰ কাগজৰ কাৰখানাসমূহে ফুলৰ পাহি আৰু পাত, আৰু অন্যান্য সামগ্ৰীৰ ডিজাইনৰ সৈতে অলংকাৰিক শিল্পৰ কাগজও উৎপাদন কৰে। বিশেষ অনুষ্ঠানত ব্যৱহাৰৰ বাবে শাক-পাচলিৰ ৰং ব্যৱহাৰ কৰা কাগজও তৈয়াৰ কৰা হয়।[2]
কাঠৰ খোদিত কাৰ্য
[সম্পাদনা কৰক]পাৰ্জো নামেৰে জনাজাত কাঠৰ খোদিত শিল্প হৈছে এক বিশেষ আৰু প্ৰাচীন শিল্প, যিটো পুনৰুত্থানশীল ভূটানৰ আধুনিক অট্টালিকাবোৰত যথেষ্ট পৰিমাণে থকা দেখা যায়। মঠৰ সন্মুখত, পাহাৰৰ শিখৰ আৰু অন্যান্য ধৰ্মীয় স্থানত সমগ্ৰ ভূটানত দেখা পোৱা ধৰ্মীয় প্ৰাৰ্থনাৰ পতাকা ছপা কৰিবলৈ খোদিত কাঠৰ ব্লক ব্যৱহাৰ কৰা হয়। স্লেট আৰু শিলত খোদিত কামো কৰা হয়। খোদন কৰ্মৰ বাবে ব্যৱহাৰ কৰা কাঠবোৰ খোদিত কৰাৰ আগতে কমেও এবছৰৰ বাবে চিজন কৰি লোৱা হয়।[2]
তৰোৱাল নিৰ্মাণ শিল্প
[সম্পাদনা কৰক]তৰোৱাল নিৰ্মাণৰ কলাটো গাৰ্জো (বা লোহাৰ কাম) পৰম্পৰাৰ অন্তৰ্গত। এই শিল্পকৰ্মৰ দ্বাৰা সকলো ধাতুৰ সঁজুলি যেনে তৰোৱাল, কটাৰী, শিকলি, ডাৰ্ট ইত্যাদি তৈয়াৰ কৰা হয়। আনুষ্ঠানিক তৰোৱাল নিৰ্মাণ কৰি কৃতিত্বৰ বাবে সন্মানিত লোকসকলক উপহাৰ দিয়া হয়। এই তৰোৱালবোৰেৰে বিশেষ অনুষ্ঠানবোৰত্ পুৰুষে খেলিব লাগে। শিশুসকলে, ডুডজম্ নামেৰে জনাজাত পৰম্পৰাগত চুটি কটাৰী কঁকালত আঁৰি লয়। মধ্য ভূটানৰ ধৰ্মীয় ঐতিহ্য সন্ধানী টাৰ্টন পেমা লিংপা ভূটানৰ আটাইতকৈ বিখ্যাত তৰোৱাল নিৰ্মাতা আছিল।[2]
জোতা নিৰ্মাণ
[সম্পাদনা কৰক]ভূটানৰ পৰম্পৰাগত জোতা কাপোৰেৰে নিৰ্মিত হোৱাটো একো আচৰিত কথা নহয়। কাপোৰখন হাতেৰে চিলাই আৰু এম্ব্ৰয়ডাৰী কৰি ভূটানী মটিফৰ সৈতে জোতাত প্ৰয়োগ কৰা হয়। এই জোতা উংসৱ উদযাপনৰ অনুষ্ঠানত পিন্ধা হয় (বাধ্যতামূলক); বুটত ব্যৱহৃত ৰঙে ইয়াক পিন্ধা ব্যক্তিজনৰ পদবী আৰু স্থিতি বুজায়। পদানুক্ৰম মতে, মন্ত্ৰীসকলে কমলা ৰঙৰ, জ্যেষ্ঠ বিষয়াসকলে ৰঙা আৰু সাধাৰণ মানুহে বগা জোতা পিন্ধে। এই শিল্পৰূপটোক থিম্ফুৰ ইনষ্টিটিউট অৱ জোৰিগ চোছুম ত পুনৰুজ্জীৱিত কৰা হৈছে। মহিলাসকলেও বুট পিন্ধে কিন্তু গোৰোহাৰ ঠিক ওপৰলৈকে চুটি দৈৰ্ঘ্যৰ।[2]
বাঁহৰ শিল্পকৰ্ম
[সম্পাদনা কৰক]ভূটানত বেত আৰু বাঁহৰ শিল্পক থাজো বুলি জনা যায়। ভূটানৰ বহু অঞ্চলৰ বহু গ্ৰাম্য জনজীৱনত ই বিৰাজমান। এই শিল্পৰ পৰা কম কিন্তু বিশেষ প্ৰয়োজনীয় বস্তু তৈয়াৰ কৰা হয়, সেইকেইটা হ’ল বেলো আৰু বাংচুং, যাক জনপ্ৰিয়ভাৱে বিভিন্ন আকাৰৰ ভূটানী “টাপাৰৱেৰ” ঝুৰি বুলি জনা যায়। ঘৰত আৰু ঘোঁৰাত উঠি যাত্ৰাৰ বাবে বিভিন্ন আকাৰৰ এই ঝুৰি ব্যৱহাৰ কৰা হয় আৰু স্থানীয় পানীয়ৰ বাবে ফ্লাস্ক হিচাপেও ব্যৱহাৰ কৰা হয়, যাক আৰা বুলি কোৱা হয়।[2]
ধনুকাঁড় নিৰ্মাণ
[সম্পাদনা কৰক]জাতীয় তীৰ খেলত ব্যৱহৃত ধনু-কাঁড়ৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিবলৈ বাঁহৰ ধনু-কাঁড় শিল্পীসকলে নিৰ্দিষ্ট প্ৰকাৰৰ বাঁহ আৰু পাহাৰীয়া নল ব্যৱহাৰ কৰি তৈয়াৰ কৰে। ব্যৱহৃত বাঁহ বিশেষ ঋতুত বাছনি কৰি, প্ৰয়োজন অনুযায়ী আকৃতি দি নিপুণভাৱে ধনু-কাঁড় তৈয়াৰ কৰা হয়। থিম্ফুত চাংলিমিথাং ষ্টেডিয়াম আৰু আৰ্চাৰী খেলপথাৰত আৰ্চাৰীৰ এটা বিশেষ খেল আছে।[2][3]
অলংকাৰ
[সম্পাদনা কৰক]পৰম্পৰাগত আৰ্হিৰ ৰূপ আৰু সোণেৰে নিৰ্মিত গহনা ভূটানৰ মহিলাসকলৰ হেঁপাহৰ। ভূটানত নিৰ্মিত পৰম্পৰাগত গহনাসমূহ হ’ল, ভূটানী মহিলাৰ পৰম্পৰাগত সাজ-পোছাক কিৰাৰ লগত সংলগ্ন গধুৰ ব্ৰেচলেট, কোমা বা ফাষ্টনাৰ, ফিৰোজা ৰঙেৰে চেট কৰা লুপ বা কাণৰ ৰিং আৰু প্ৰাচীন ফিৰোজা, প্ৰবালৰ গুটি আৰু ঝি ষ্ট’নৰ দৰে মাণিকেৰে সজ্জিত হাৰ। ঝি শিলক “ৰক্ষাকৱচ” বুলিও কোৱা হয় বাবে ইয়াক বহুমূলীয়া সম্পত্তি বুলি গণ্য কৰা হয়; এই শিলটোৰ ক’লা আৰু বগা সৰ্পিল ডিজাইন আছে যাক “চকু” বুলি কোৱা হয়। ’ঝি’ক মণিসমূহৰ ভিতৰত ৰত্ন বুলিও কোৱা হয়।[2]
প্ৰতিষ্ঠানসমূহ
[সম্পাদনা কৰক]জোৰিগ চুছুম ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান
[সম্পাদনা কৰক]নেচনেল ইনষ্টিটিউট অৱ জোৰিগ চুছুম ভূটানী কলা শিক্ষাৰ কেন্দ্ৰ। ইয়াত ভূটানৰ পৰম্পৰাগত শিল্পৰ ওপৰত ৪–৬ বছৰীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰুএই প্ৰতিষ্ঠানটোৰ মূল বিষয়বস্তু হৈছে চিত্ৰকলা। পাঠ্যক্ৰমসমূহত অংকন, চিত্ৰকলা, কাঠ খোদিত, এম্ব্ৰয়ডাৰী, মূৰ্তি খোদিত আদিৰ এক বিস্তৃত পাঠ্যক্ৰম সামৰি লোৱা হৈছে। ইয়াত কৰা বুদ্ধৰ প্ৰতিচ্ছবি এখন জনপ্ৰিয় চিত্ৰ।[1]
হস্তশিল্পৰ এম্পোৰিয়াম
[সম্পাদনা কৰক]নেচনেল ইনষ্টিটিউট অৱ জোৰিগ চুছুমৰ ওচৰতে এটা বৃহৎ চৰকাৰী এম্পোৰিয়াম আছে, য’ত সুন্দৰ হস্তশিল্প, পৰম্পৰাগত কলা আৰু গহনা আদিৰ কাম কৰা হয়; এই এম্পোৰিয়ামত ভূটানৰ পুৰুষ-মহিলাৰ জাতীয় সাজ-পোছাক “ঘো’’(gho) আৰু “কিৰা’’(kira) পোৱা যায়। চহৰখনত আন বহুতো ব্যক্তিগত মালিকানাধীন এম্পোৰিয়াম আছে, যিবোৰে থাংকা, চিত্ৰকলা, মাস্ক, পিতলৰ বস্তু, প্ৰাচীন গহনা, চোয়েক্টচে নামেৰে জনাজাত ৰং কৰা লামা টেবুল, ড্ৰাম, তিব্বতী ভায়লিন ইত্যাদিৰ কাম কৰে; বিশেষকৈ জাংমা হেণ্ডিক্ৰাফ্টছ এম্প'ৰিয়ামত ইনষ্টিটিউট অৱ জোৰিগ চুছুমত নিৰ্মিত হস্তশিল্প বিক্ৰী কৰা হয়।[4]
লোক ঐতিহ্য সংগ্ৰহালয়
[সম্পাদনা কৰক]ভূটানৰ পৰম্পৰাগত ফাৰ্ম হাউছৰ লাইনত নিৰ্মাণ কৰা হৈছে থিম্ফুৰ কাৱাজাংছাৰৰ লোক ঐতিহ্য সংগ্ৰহালয়। ই ১০০ বছৰতকৈও অধিক পুৰণি ভিনটেজ আচবাবেৰে পৰিপূৰ্ণ। ইয়াক তিনিমহলীয়াকৈ নিৰ্মাণ কৰা হৈছে, য’ত ৰেমযুক্ত বোকাময় বেৰ আৰু কাঠৰ দুৱাৰ, খিৰিকী আৰু শ্লেটৰ চালেৰে আবৃত। ইয়াত ভূটানৰ গ্ৰাম্য জীৱনৰ বিষয়ে বহু কথাই প্ৰকাশ পাইছে।[1]
স্বেচ্ছাসেৱী শিল্পী ষ্টুডিঅ'
[সম্পাদনা কৰক]ই এটা নিৰাপদ অট্টালিকাত অৱস্থিত। এই স্বেচ্ছাসেৱী শিল্পী ষ্টুডিঅ’ৰ উদ্দেশ্য হৈছে থিম্ফুৰ যুৱক-যুৱতীসকলৰ মাজত পৰম্পৰাগত আৰু সমসাময়িক শিল্পকলাক উৎসাহিত কৰা, যিসকলে এই শিল্পৰূপসমূহ গ্ৰহণ কৰিবলৈ আগ্ৰহী। এই যুৱ শিল্পীসকলৰ শিল্পকৰ্ম ষ্টুডিঅ’টোৰ 'আৰ্ট শ্বপ গেলেৰী'ত বিক্ৰীৰ বাবে পোৱা যায়।[3][5]
ৰাষ্ট্ৰীয় বস্ত্ৰ সংগ্ৰহালয়
[সম্পাদনা কৰক]থিম্ফুৰ ৰাষ্ট্ৰীয় বস্ত্ৰ সংগ্ৰহালয়ত বিস্তৃত আৰু পৰম্পৰাগত সংস্কৃতিৰে সমৃদ্ধ বিভিন্ন ভূটানী বস্ত্ৰ প্ৰদৰ্শন কৰা হয়। ইয়াত ৰঙীন আৰু বিৰল “কিৰা’’ আৰু “ঘো’’ (পৰম্পৰাগত ভূটানী সাজ-পোছাক, মহিলাৰ বাবে কিৰা আৰু পুৰুষৰ বাবে ঘো) প্ৰদৰ্শিত হয়।[3][5]
প্ৰদৰ্শনী
[সম্পাদনা কৰক]হনোলুলু মিউজিয়াম অৱ আৰ্টে কেইবাবছৰ ধৰি “দ্য ড্ৰেগন’ছ গিফ্ট : দ্য ছেক্ৰেড আৰ্টছ অৱ ভূটান’’ প্ৰদৰ্শনীৰ বিকাশ আৰু কিউৰেটৰ হিচাপে কাম কৰিছিল।[6][7] ২০০৮ চনৰ ফেব্ৰুৱাৰী - মে’ মাহত হনোলুলুত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীয়ে ২০০৮ আৰু ২০০৯ চনত ৰুবিন মিউজিয়াম অৱ আৰ্ট (নিউয়ৰ্ক চহৰ),[8] এছিয়ান আৰ্ট মিউজিয়াম (ছান ফ্ৰান্সিস্কো),[9] গুইমেট মিউজিয়াম (পেৰিছ), মিউজিয়াম অৱ ইষ্ট এছিয়ান আৰ্ট আৰু মিউজিয়াম অৱ ৰিটবাৰ্গকে(ছুইজাৰলেণ্ড) ধৰি বিশ্বৰ বিভিন্ন স্থানলৈ যাত্ৰা কৰিব।
ভূটানী শিল্পকলা
[সম্পাদনা কৰক]-
১৯ শতিকাত তৈয়াৰী পৌৰাণিক কাহিনীৰ মেৰু পৰ্বতৰ ভূটানী থাংকা
-
প্ৰজ্ঞা পাৰমিতাক কেন্দ্ৰ কৰি ১৯ শতিকাৰ বৌদ্ধ মণ্ডল, ৰুবিন মিউজিয়াম আৰ্ট
-
কেন্দ্ৰত বুদ্ধৰ সৈতে ভূটানী ড্ৰুকপা, ১৯ শতিকা, ৰুবিন মিউজিয়ামৰ কলা
-
ভূটানী চিত্ৰ, সম্পূৰ্ণ মণ্ডল, শিউলা গোম্পা, পুনাখা
-
১৯ শতিকাৰ ভূটানী থংকাৰ চিত্ৰ, দো কাছু গোম্পা, ভূটান
-
১৮-১৯ শতিকাৰ জাতকমালাৰ পেইণ্টেদ থংকা, ফাজোডিং গোম্পা, থিম্ফু, ভূটান
-
১৮-১৯ শতিকাৰ জাতকমালাৰ পেইণ্টেদ থংকা, ফাজোডিং গোম্পা, থিম্ফু, ভূটান
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Brown, p. 104
- ↑ 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 "Bhutan:Arts & Crafts". Tourism Council of Bhutan:Government of Bhutan. http://www.tourism.gov.bt/about-bhutan/arts-crafts। আহৰণ কৰা হৈছে: 2010-06-07.
- ↑ 3.0 3.1 3.2 Brown, p. 105
- ↑ Brown, p. 114
- ↑ 5.0 5.1 "Thimpu Dzongkhag". Government of Bhutan. Archived from the original on 2010-09-08. https://web.archive.org/web/20100908110431/http://www.thimphu.gov.bt/profile.php। আহৰণ কৰা হৈছে: 2010-06-08.
- ↑ Sue Kiyabu (photos by Shuzo Uemoto). "The Art of Happiness". Hana Hou! Vol. 11, No. 1 February/March 2008. http://www.hanahou.com/pages/Magazine.asp?Action=DrawArticle&ArticleID=654&MagazineID=41. Honolulu Museum of Art, The Dragon’s Gift: The Sacred Arts of Bhutan.
- ↑ Susan Emerling (February 24, 2008). "A Kingdom in the Mountains Shares Its Secrets". The New York Times. https://www.nytimes.com/2008/02/24/arts/design/24emer.html.
- ↑ "The Dragon's Gift: The Arts of Bhutan". Rubin Museum of Art, New York City. 2008. Archived from the original on July 6, 2008. https://web.archive.org/web/20080706100206/http://www.rmanyc.org/exhibitions/upcoming.xml?context=exhibitions%2Fupcoming.xml। আহৰণ কৰা হৈছে: November 22, 2023.
- ↑ "The Dragon's Gift: The Sacred Arts of Bhutan". Asian Art Museum, San Francisco, California. February 20 – May 10, 2009. Archived from the original on July 17, 2008. https://web.archive.org/web/20080717102902/http://www.asianart.org/Bhutan.htm। আহৰণ কৰা হৈছে: November 22, 2023.