ভূটানৰ পৰিৱেশ সমস্যা
ভূটানৰ পৰিৱেশ সমস্যা (ইংৰাজী: Environmental issues in Bhutan) ভূটানৰ আটাইতকৈ জৰুৰী বিষয়সমূহৰ ভিতৰত পৰে৷ পৰম্পৰাগত খৰি সংগ্ৰহ, শস্য আৰু জন্তুৰ জাকৰ সুৰক্ষা, আৰু আৱৰ্জনা নিষ্কাশনৰ লগতে আধুনিক কাৰ্য, যেনে ঔদ্যোগিক প্ৰদূষণ, বন্যপ্ৰাণী সংৰক্ষণ আদিৰ ফলত হোৱা পৰিৱৰ্তনে ভূটানৰ জনসংখ্যা আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। গ্ৰাম্য আৰু নগৰ দুয়োটা পৰিৱেশতে ভূমি আৰু পানীৰ ব্যৱহাৰো পৰিৱেশৰ চিন্তাৰ বিষয় হৈ পৰিছে। এই সাধাৰণ বিষয়বোৰৰ উপৰিও ভূটানৰ তুলনামূলকভাৱে নগৰীয়া আৰু ঔদ্যোগিক অঞ্চলত আৱৰ্জনা পেলোৱা ঠাইৰ (লেণ্ডফিল) উপলব্ধতা/উপলভ্যতা আৰু বায়ু আৰু শব্দ প্ৰদূষণৰ দৰে আন বিষয়সমূহে বিশেষভাৱে ঠাই পাইছে। বহু ক্ষেত্ৰত আৰ্থিক আৰু ৰাজনৈতিকভাৱে কম ক্ষমতাসম্পন্নসকল পৰিৱেশৰ সমস্যাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয়।[1]
২০১১ চনৰ সময়চোৱাত ভূটানত হোৱা ত্বৰান্বিত অৰ্থনৈতিক কাৰ্যকলাপে ভূমি, বায়ু, আৰু পানীৰ দৰে প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল। উন্নয়নমূলক কাৰ্য্যকলাপে নগৰায়ন, ঔদ্যোগীকৰণ, খনন আৰু শিলৰ খনন, কৃষি, আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প আদি বৃদ্ধি কৰিলে। বৰ্তমান ভূমিৰ অৱক্ষয়, জৈৱ বৈচিত্ৰ্য আৰু বাসস্থানৰ ক্ষতি, অধিক ইন্ধন-কাঠৰ ব্যৱহাৰ, আৰু মানুহ-বন্যপ্ৰাণীৰ সংঘাত আদি কিছুমান বিষয় ভূটানৰ পৰিৱেশৰ প্ৰতি প্ৰত্যাহ্বান৷[1] অৱশ্যে এই সমস্যাসমূহৰ মাজতো ভূটান সামগ্ৰিকভাৱে কাৰ্বন-নিৰপেক্ষ আৰু সেউজ গৃহ গেছ হ্ৰাস কৰাৰ এটা মূল ভাণ্ডাৰ হৈয়েই আছে৷[1][2]
ভূটান চৰকাৰৰ ভিতৰত স্বতন্ত্ৰ ৰাষ্ট্ৰীয় পৰিৱেশ আয়োগ (NEC)[3] আৰু ভূটান ট্ৰাষ্ট ফাণ্ডৰ [4][5] লগতে কাৰ্যবাহী স্বাস্থ্য মন্ত্ৰ্যালয় (ৰাসায়নিক আৰু তেজষ্ক্ৰিয় আৱৰ্জনাসমূহৰ বাবে), অৰ্থনৈতিক পৰিক্ৰমা,[6] আৰু কৃষি আৰু বন (বন সেৱা বিভাগ)ক[7] পৰিৱেশজনিত সমস্যাসমূহৰ সমাধানৰ দায়িত্ব দিয়া হৈছে। আৱৰ্জনা নিষ্কাশনৰ সমস্যা প্ৰায়ে স্থানীয় চৰকাৰ, ভূটানৰ জোংখাগ আৰু থ্ৰমডেৰ ওপৰত পৰে। ভূটানৰ পৰিৱেশ সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় বেচৰকাৰী সংস্থাসমূহ হ’ল একমাত্ৰ ঘৰুৱা পৰিৱেশ সম্পৰ্কীয় এন জি অ’ ৰয়েল ছ’চাইটি ফৰ দ্য প্ৰটেকচন অৱ নেচাৰ (আৰ এছ পি এন) আৰু বিশ্ব বন্যপ্ৰাণী পুঁজি (WWF)৷
ৰাষ্ট্ৰীয় বিষয়
[সম্পাদনা কৰক]পৰিৱেশৰ সমস্যা সমাধানৰ বাবে ভূটান চৰকাৰে কিছুমান প্ৰথা সফলতাৰে নিষিদ্ধ কৰিছে। বিশেষকৈ শ্বাৰচপছ আৰু লোটশ্বামপাৰ মাজত প্ৰচলিত ঝুম খেতি হৈছে এনে এক প্ৰথা যাৰ দ্বাৰা মাটিৰ উৰ্বৰতা শেষ হোৱালৈকে খেতি কৰি এৰালৈকে ইটোৰ পিছত সিটো খেতি কৰা হয়। যিহেতু ই বিশেষভাৱে পৰিৱেশৰ বাবে ক্ষতিকাৰক, সেয়েহে ১৯৬৯ চনৰ পৰা চৰকাৰে এই প্ৰথা নিষিদ্ধ কৰি ৰাখিছে,[8][9] যদিও বৰ্তমানেও এই প্ৰথা অব্যাহত আছে।[10] ১৯৮০ চনৰ মাজভাগত ঝুম খেতিৰ দ্বাৰা কৃষি ভূমি ব্যৱহাৰৰ ৩২ শতাংশ আৰু মুঠ ভূমি ব্যৱহাৰৰ প্ৰায় ৩ শতাংশ আছিল।[8] ১৯৯০ চনৰ আৰম্ভণিতে ভূটানে কাঠ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে যদিও ঘৰুৱা কাঠ চপোৱাৰ কাম বনকৰ্মী আৰু পথ-পৰিবহন তালাচী চকীৰ সহায়ত বহু পৰিমাণে নিয়ন্ত্ৰিত হৈ আছে।[10] ১৯৯৯ চনৰ এপ্ৰিল মাহত ভূটানে দেশজুৰি প্লাষ্টিকৰ বেগ নিষিদ্ধও কৰে।[11] প্লাষ্টিকৰ বেগ নিষিদ্ধকৰণে অৱশ্যে লঘু বায়ুমণ্ডল বন্ধ সংৰক্ষণৰ ব্যৱহাৰিকতা আৰু সম্ভৱপৰ বিকল্পৰ অভাৱৰ বাবে কাৰ্যকৰী আৰু বলবৎকৰণৰ ক্ষেত্ৰত এক ভয়ংকৰ প্ৰত্যাহ্বান বুলি প্ৰমাণিত হৈছে।[12][13]
ঝুম খেতিৰ উপৰিও অন্যান্য পৰম্পৰাগত পদ্ধতিয়ে পৰিৱেশৰ প্ৰতি চিন্তাৰ উদ্ৰেক কৰিছে। সমগ্ৰ ভূটানত ইন্ধনৰ উৎস হিচাপে খৰিৰ ওপৰত নিৰ্ভৰশীলতা ঐতিহাসিকভাৱে প্ৰচলিত। জলবিদ্যুৎ শক্তি আৰু অন্যান্য আধুনিক শক্তিৰ উৎস উপলভ্য হোৱাৰ আগতে তাপ, ৰন্ধা-বঢ়া আৰু পোহৰৰ বাবে ইন্ধনৰ প্ৰায় উৎস আছিল কেৱল খৰি। বিদ্যুতৰ ব্যৱস্থাৰ লগতে দাহ্য কাঠ সংগ্ৰাহকসকলৰ অধিক ধ্বংসাত্মক কাৰ্যকলাপে নিৰ্বনানীকৰণ প্ৰকল্পক ১৯৮০ চনত বন সংৰক্ষণৰ এক মূল প্ৰত্যাহ্বান হিচাপে দেখা দিছিল। যিহেতু সমগ্ৰ দেশতে সুলভ মূল্যৰ বিদ্যুৎ উপলব্ধ নাছিল, সেয়েহে চৰকাৰে দৈনন্দিন প্ৰয়োজনীয়তা পূৰণৰ বাবে আৰু বন সংৰক্ষণক প্ৰসাৰিত কৰিবলৈ গাঁৱৰ ওচৰত ইন্ধনৰ বাবে প্ৰয়োজনীয় কাঠৰ বাগিচা স্থাপন কৰিছিল। খৰি সংগ্ৰহ আৰু বিতৰণ, ভূটানৰ পৰিৱেশৰ অন্যতম প্ৰত্যাহ্বান হৈয়েই আছে; বছৰি ২.৮ ঘনমিটাৰ (৯৯ ঘনফুট) হাৰত খৰি ব্যৱহাৰৰ ক্ষেত্ৰত এই দেশখন বিশ্বৰ অন্যতম আগশাৰীৰ দেশ আৰু ই দেশখনৰ শক্তি খৰচৰ ৮০ শতাংশ।[10]
সমগ্ৰ ভূটানত পৰম্পৰাগত কৃষক আৰু চৰণীয়া পথাৰবোৰত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতে শস্য আৰু পশুধন ক্ষতিৰ সন্মুখীন হৈ আহিছে।[10] অতিমাত্ৰা চৰণীয়া পথাৰ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ সমস্যাই এই সমস্যাবোৰ জটিল কৰি তোলে। সংৰক্ষণযোগ্য বন্যপ্ৰাণীয়ে কৃষি অঞ্চলত প্ৰৱেশ কৰি শস্য নষ্ট কৰাৰ লগতে পশুধনৰ হত্যা কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চৰকাৰে বীমা আঁচনি ৰূপায়ণ কৰি সৌৰশক্তিচালিত এলাৰ্ম বেৰ, ৱাচ টাৱাৰ, চাৰ্চ লাইট নিৰ্মাণ আৰম্ভ কৰিছে আৰু জীৱ-জন্তুক আঁতৰাই ৰাখিবলৈ মানুহৰ বসতিস্থলৰ বাহিৰত খাদ্য আৰু নিমখ চেলেকি খোৱাৰ ব্যৱস্থা কৰিছে।[14] স্থানীয় কিছুমান কৃষকে এই সমস্যা প্ৰাকৃতিকভাৱে আঁতৰাবলৈ কুঁহিয়াৰ ৰোপণ কৰিবলৈ আৰম্ভ কৰিছে।[15] ভূটানে শস্য আৰু পশুধনৰ ক্ষতিৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ পৰাও সহায় বিচাৰিছে।[16] ঔদ্যোগিকৰণেই ভূটানৰ ৰাষ্ট্ৰীয় সুখ-সম্পদ আৰু পৰিৱেশৰ বাবে এক হেঙাৰ হৈ থিয় দিছে৷ ভূটানত উদ্যোগীকৰণৰ লগে লগে সাধাৰণ নাগৰিকে সেই উন্নয়ন প্ৰকল্পৰ পৰা লাভৱান হোৱা উদ্যোগসমূহৰ সৈতে অত্যাৱশ্যকীয় সম্পদ আৰু সুবিধাসমূহ – পানীৰ পৰা আৰম্ভ কৰি পথলৈকে – বৰ্ধিত প্ৰতিযোগিতাৰ সন্মুখীন হৈছে। স্বাস্থ্য আৰু জীৱনশৈলীৰ মান হ্ৰাস পোৱাৰ বাবে বাসিন্দাসকলে হতাশা প্ৰকাশ কৰিলেও ঔদ্যোগিক সঞ্চালকসকলে আঙুলিয়াই দিয়ে যে ভূটানত স্বাস্থ্য সুবিধা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব৷[17]
ফুয়েন্টছলিঙৰ পাছাখা এটা প্ৰধান ঔদ্যোগিক কেন্দ্ৰ আৰু ১৯৬০ চনত ভূটানে উন্নয়ন কাৰ্যসূচী আৰম্ভ কৰাৰ পিছৰে পৰা অনা বহু উদ্যোগ সম্পৰ্কীয় পৰিৱেশ বিষয়ৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।[17][18][19][20]ভূটানে ফুয়েন্টছলিঙৰ পাছাখাত এটা ঔদ্যোগিক আৱৰ্জনা ভঁৰালৰ পৰিকল্পনা কৰিছে, য’ত ষ্টীল, ফেৰ’এলয় আৰু কাৰ্বাইড উদ্যোগৰ পৰা নিৰ্গত হোৱা স্লেগ, মাইক্ৰ’চিলিকা পাউদাৰ, আৰু গেছ লাভ কৰিব পাৰি। ভূটানৰ সৰ্ববৃহৎ ঔদ্যোগিক স্থানত থকা ভঁৰালটো প্ৰথমে ২০১১ চনৰ জুলাই মাহত সম্পূৰ্ণ হোৱাৰ কথা আছিল।[19]
বায়ু প্ৰদূষণ
[সম্পাদনা কৰক]২০০৬ চনৰ পৰা উল্লেখযোগ্য বায়ু প্ৰদূষণৰ বেছিভাগ ভাৰতৰ বিভিন্ন উৎসৰ পৰা উৎপত্তি হোৱা বায়ু প্ৰদূষকৰ কাৰণে ভূটানৰ বায়ুমণ্ডল ধুৱলী-কুঁৱলী হৈ পৰিছে। এই বায়ু প্ৰদূষণৰ ফলত শস্যৰ উৎপাদন হ্ৰাস পাইছে আৰু জনস্বাস্থ্যৰ প্ৰতি উদ্বেগ বৃদ্ধি কৰিছে।[21] ভূটানৰ চাৰিটা চিমেণ্ট উদ্যোগক ঘাইকৈ ঘৰুৱা বায়ু প্ৰদূষণৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে, চাৰিটাৰ ভিতৰত তিনিটা আধুনিক নিৰ্গমন নিয়ন্ত্ৰণ অবিহনে চলি আছে। ছমহীয়া “এন ই চি’’ৰ ক্ষেত্ৰ পৰিভ্ৰমণে বৰ্তমানৰ নিয়ম-নীতি মনা-নমনাৰ পৰীক্ষা কৰে আৰু তুলনামূলকভাৱে সৰু জৰিমনা বিহাৰ ব্যৱস্থা কৰে, অৱশ্যে ধূলিৰ বাবে জীৱন-যাপনৰ অৱস্থা সংকটপূৰ্ণ হৈয়েই আছে।.[22] ভূটানৰ সংবাদ মাধ্যমক প্ৰকৃত চিত্ৰ অংকনত ব্যৰ্থ বুলি অভিহিত কৰা হৈছে কাৰণ পাছাখা ঔদ্যোগিক কেন্দ্ৰৰ আশে-পাশে থকা কিছু বাসিন্দাৰ অভিযোগৰ কোনো গুৰুত্ব দিয়া হোৱা নাই।[18] ২০১১ চনৰ ভিতৰত ভূটানৰ বহু ব্লক আৰু সৰু সৰু গাঁৱবোৰ নিৰ্দিষ্ট পিতনি বা নিষ্কাশন স্থানৰ অভাৱৰ বাবে আৱৰ্জনা জ্বলোৱাৰ ঠাই আছিল। এই ব্যৱস্থাই পৰিৱেশৰ বায়ু প্ৰদূষণৰ লগতে বায়ু আৰু মাটিৰ গুণাগুণ হ্ৰাসৰ পৰিমাণ বৃদ্ধি কৰে।[23][24] ২০১১ চনত এন ই চিয়ে থিম্ফু, কাংলুং, পাছাখা আৰু ৰিনচেণ্ডিঙত বায়ুৰ গুণাগুণ নিৰীক্ষণ কৰিবলৈ ষ্টেচন স্থাপন কৰিবলৈ আৰম্ভ কৰে৷[25]
জলবায়ু পৰিৱৰ্তন
[সম্পাদনা কৰক]ভূটানে বিংশ শতিকাৰ শেষৰ ফালৰ পৰা চলি থকা তাৎক্ষণিক জলবায়ু পৰিৱৰ্তনৰ সন্মুখীন হৈছে। হঠাতে হোৱা জলবায়ু পৰিৱৰ্তনৰ বাবে ভূটানৰ উষ্ণতা বৃদ্ধি আৰু বহু হিমবাহৰ অৱক্ষয় ঘটিছে, ফলস্বৰূপে হিমবাহৰ বিস্ফোৰণৰ ঘটি সঘন আৰু গুৰুতৰ বানপানী সংঘটিত হৈছে। জলবায়ু পৰিৱৰ্তনৰ বাবে ভূটানত কৃষি পদ্ধতিৰো পৰিৱৰ্তন ঘটিছে, যাৰ ফলত ভূটানৰ কৃষিৰ স্থিতিশীলতাক লৈ উদ্বেগ প্ৰকাশ পাইছে।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Pelden, Sonam (2011-09-05). "Report Underlines Climate Threats". Bhutan Observer online. http://www.bhutanobserver.bt/report-underlines-climate-threats/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ Pelden, Sonam (2011-10-11). "Bhutan to Submit its Climate Issues to UNFCCC in Durban". Bhutan Observer online. http://www.bhutanobserver.bt/bhutan-submit-climate-issues-unfccc-durban/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ "About the National Environment Commission". Government of Bhutan. Archived from the original on 2012-01-23. https://web.archive.org/web/20120123141356/http://www.nec.gov.bt/about/aboutnec.htm। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ "Parks of Bhutan". Bhutan Trust Fund for Environmental Conservation online. Bhutan Trust Fund. Archived from the original on 2011-07-02. https://web.archive.org/web/20110702041330/http://www.bhutantrustfund.bt/parks-of-bhutan। আহৰণ কৰা হৈছে: 2011-03-26.
- ↑ "The Organisation". Bhutan Trust Fund for Environmental Conservation online. Bhutan Trust Fund. Archived from the original on 2010-03-29. https://web.archive.org/web/20100329063448/http://www.bhutantrustfund.bt/about-bhutan-trust-fund/the-organisation। আহৰণ কৰা হৈছে: 2011-03-26.
- ↑ "Department of Industry (DOI)". Ministry of Economic Affairs. Government of Bhutan. Archived from the original on 2011-11-03. https://web.archive.org/web/20111103123742/http://www.moea.gov.bt/DoI.php। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ "The Ministry". Ministry of Agriculture and Forests. Government of Bhutan. http://www.moaf.gov.bt/moaf/?page_id=2। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ 8.0 8.1 Robert L. Worden (September 1991). Andrea Matles Savada, ed. Bhutan: A country study. Federal Research Division. Farming. এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
- ↑ "Shifting Cultivation in Bhutan: A Gradual Approach to Modifying Land Use Patterns". Food and Agriculture Organization of the United Nations online. FAO. 1987. http://www.fao.org/docrep/006/v8380e/V8380E01.htm। আহৰণ কৰা হৈছে: 2011-03-13.
- ↑ 10.0 10.1 10.2 10.3 Brown, Lindsay; Armington, Stan (2007). Bhutan (3 সম্পাদনা). Lonely Planet. পৃষ্ঠা. 92–93. ISBN 978-1-74059-529-2. https://books.google.com/books?id=s-L8NUlW_QgC। আহৰণ কৰা হৈছে: 2011-11-25.
- ↑ Wangchuck, Dorji (2009-11-09). "The Other Side of the Ban". Bhutan Observer online. http://www.bhutanobserver.bt/the-other-side-of-the-ban/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ Dahal, Rabi C (2009-08-22). "Proliferation of Banned Bags". Bhutan Observer online. Archived from the original on 2012-06-14. https://web.archive.org/web/20120614191116/http://www.bhutanobserver.bt/proliferation-of-banned-bags/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ "The Fate of the Plastic Ban?". Bhutan Observer online. 2009-08-14. Archived from the original on 2012-06-14. https://web.archive.org/web/20120614191211/http://www.bhutanobserver.bt/the-fate-of-plastic-ban/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ Wangchuk, Jigme (2011-07-08). "Addressing Human-Wildlife Conflict". Bhutan Observer online. http://www.bhutanobserver.bt/addressing-human-wildlife-conflict/। আহৰণ কৰা হৈছে: 2011-07-13.
- ↑ Namgyal, Gyembo (2011-11-15). "Farmers Discover Monkey Repellent Grass". Bhutan Observer online. Archived from the original on 2011-11-26. https://web.archive.org/web/20111126220254/http://www.bhutanobserver.bt/farmers-discover-monkey-repellent-grass/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ "Implementation of Bhutan Human-Wildlife Conflict Management Strategy". United Nations Development Programme. Archived from the original on 2013-06-15. https://web.archive.org/web/20130615082125/http://www.undp.org.bt/Human-Wildlife-Conflict-Management-Project.htm। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ 17.0 17.1 Wangchuck, Sangay (2008-12-05). "Industrialisation in Pasakha – a Foil to GNH". Bhutan Observer online. http://www.bhutanobserver.bt/industrialisation-in-pasakha-%E2%80%93-a-foil-to-gnh/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ 18.0 18.1 Wangchuk, Sangay (2008-05-16). "Cement Plant Emission Plagues Villagers". Bhutan Observer online. http://www.bhutanobserver.bt/cement-plant-emission-plagues-villagers/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ 19.0 19.1 Pelden, Sonam (2010-11-23). "Landfill for Industrial Waste". Bhutan Observer online. http://www.bhutanobserver.bt/landfill-for-industrial-waste/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ Yeshi, Samten. "It's No Surprise – the Air is Polluted!". Kuensel online. http://www.kuenselonline.com/2011/?p=20365। আহৰণ কৰা হৈছে: 2011-11-27.[সংযোগবিহীন উৎস]
- ↑ Pannozzo, Linda (2011-05-02). "'Brown Cloud' Penetrates Bhutan". Bhutan Observer online. Archived from the original on 2011-10-11. https://web.archive.org/web/20111011164221/http://www.bhutanobserver.bt/%E2%80%98brown-cloud%E2%80%99-penetrates-bhutan/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ Gurung, Eshori (2008-07-04). "Cement Plants and Its Pollution". Bhutan Observer online. http://www.bhutanobserver.bt/cement-plants-and-its-pollution/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ Namgyal, Gyembo (2011-11-19). "Adding (Waste) to Fire". প্ৰকাশক Pemagatshel: Bhutan Observer online. http://www.bhutanobserver.bt/20957/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ Wangchuk, Jigme (2010-09-03). "Whether to Burn It or Dump It". Bhutan Observer online. http://www.bhutanobserver.bt/whether-to-burn-or-dump-it/। আহৰণ কৰা হৈছে: 2011-11-27.
- ↑ Om, Chimi (2011-01-16). "Keeping Tabs on the Air We Breathe". Kuensel online. http://www.kuenselonline.com/2011/?p=16607। আহৰণ কৰা হৈছে: 2011-11-27.[সংযোগবিহীন উৎস]