ময়নামতী
ময়নামতী (ইংৰাজী: Môynamoti) নামে ঠাইখণ্ড বাংলাদেশৰ এক বিচ্ছিন্ন নিম্নভূমি অঞ্চল, সৰু সৰু খাতযুক্ত পাহাৰ, য'ত খ্ৰীষ্টপূৰ্ব ৮ম আৰু দ্বাদশ শতিকাৰ ভিতৰৰ ৫০টাতকৈও অধিক প্ৰাচীন বৌদ্ধ বসতিস্থল আছিল বুলি চিহ্নিত কৰা হৈছে। ই বংগদেশৰ প্ৰাচীন ত্ৰিপুৰা অঞ্চলৰ এক অংশ আছিল। ই বাংলাদেশৰ কেন্দ্ৰস্থলৰ কমিলা জিলাৰ মাজ-মজিয়াত বিস্তৃত হৈ আছে। ময়নামতী কমিলা চহৰৰ পৰা প্ৰায় ৮ মাইল দূৰত অৱস্থিত। এই অঞ্চলটো বৌদ্ধ প্ৰত্নতাত্ত্বিক স্থানৰ অন্যতম গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিগণিত। কমিলা কেণ্টনমেণ্ট ওচৰতে অৱস্থিত আৰু ইয়াত এটা সুন্দৰ ঔপনিৱেশিক যুগৰ কবৰস্থান আছে।[1] গোবিন্দচন্দ্ৰৰ মাতৃৰ একে নামৰ চন্দ্ৰ ৰাণীৰ নামেৰে ময়নামতী নামকৰণ কৰা হৈছে। ঢাকা চহৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ নং ১ৰ মাজেৰে ১১৪ কিলোমিটাৰ দূৰত্বত থকা ময়নামতী চট্টগ্ৰামৰ পৰা প্ৰায় ১৬২ কিলোমিটাৰ দূৰত। তদুপৰি, ইয়াৰ কাষতে বৌদ্ধ মন্দিৰ আছে।
দৰ্শনীয় স্থান
[সম্পাদনা কৰক]ময়নামতী অঞ্চলত বৌদ্ধ যুগৰ ভালেমান দৰ্শনীয় স্থান আছে। সেই বোৰ হ’ল; শালবান বিহাৰ: ময়নামতীৰ বৌদ্ধ স্থানসমূহৰ কেন্দ্ৰবিন্দু হৈছে ময়নামতী-লালমাই পাহাৰৰ প্ৰায় মাজভাগত থকা শালবান বিহাৰ। এই শালবান বিহাৰ ১১৫টা কোঠাৰে গঠিত আৰু কেন্দ্ৰস্থলত ক্ৰুচ আকৃতিৰ মন্দিৰৰ সৈতে চাৰিওফালে বিশাল চোতালেৰে নিৰ্মিত। ইয়াৰ দুৱাৰ এখন। এই একমাত্ৰ দুৱাৰমুখৰ সন্মুখত উত্তৰ দিশত, সোমপুৰা বিহাৰৰ সৈতে মিল থকা। ই স্পষ্টভাৱেই বিহাৰ, বা আৱাসিক সুবিধা থকা বৌদ্ধ শিক্ষা কেন্দ্ৰ।
কুটিলা মুৰা: এটা সমতল পাহাৰত অৱস্থিত, শালবান বিহাৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ উত্তৰত কমিলা চাউনীৰ ভিতৰত এটা চিত্ৰশিল্পৰে পৰিপূৰ্ণ বৌদ্ধ প্ৰতিষ্ঠান। ইয়াত বৌদ্ধ "ত্ৰিত্ব" বা তিনিটা মণি অৰ্থাৎ বুদ্ধ, ধৰ্ম আৰু সংঘক প্ৰতিনিধিত্ব কৰা তিনিটা স্তুপ কাষে কাষে পোৱা যায়।
চৰপাত্ৰ মুৰা: কেন্দ্ৰৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এইটো এটা বিচ্ছিন্ন সৰু দীঘলীয়া মন্দিৰ। ই কুটিলা মুৰা স্তুপৰ উত্তৰ-পশ্চিমে অৱস্থিত। পূব দিশৰ পৰা এটা প্ৰৱেশ পথেই এই মন্দিৰলৈ যোৱাৰ একমাত্ৰ পথ, যাৰ পৰা এটা বিশাল হলঘৰলৈ যাব পাৰি। ইয়াত কেইবাটাও মন্দিৰ পোৱা যায়।
ময়নামতী ৰাণীৰ বাড়ী: ছৱিয়ান বিহাৰৰ কাষত অৱস্থিত ময়নামতী ছাইট মিউজিয়ামত এই স্থানসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ এক সুন্দৰ সংগ্ৰহ আছে। সংগ্ৰহালয়টোত তামৰ প্লেট, সোণ আৰু ৰূপৰ মুদ্ৰা আৰু ৮৬টা ব্ৰঞ্জৰ বিভিন্ন বস্তুৰে সমৃদ্ধ আৰু নানা বৈচিত্ৰ্যময় সংগ্ৰহ আছে। মঠৰ কোঠা, ব্ৰঞ্জৰ স্তুপ, শিলৰ ভাস্কৰ্য্য আৰু শ শ টেৰাকোটা ফলকৰ পৰা বেছিভাগেই উদ্ধাৰ কৰা হৈছে যাৰ প্ৰত্যেকটোৰ আকাৰ গড়ে ৯" উচ্চতা আৰু ৮"ৰ পৰা ১২" বহল।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]Rashid, M. Harunur (2012). "Mainamati". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Mainamati.
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Susan L. Huntington (1984). The "Påala-Sena" Schools of Sculpture. Brill Archive. পৃষ্ঠা. 164. ISBN 9789004068568. https://books.google.com/books?id=xLA3AAAAIAAJ&dq=ancient+Khulna&pg=PA171.