সমললৈ যাওক

মোহৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
একক আৰু দ্বৈত মোহৰ
বৃটিছ ভাৰত
১৮৬২ৰ একক মোহৰ
১৮৩৫ৰ দ্বৈত মোহৰ[3]

মোহৰ হ’ল, সোণৰ মুদ্ৰা, যাক পূৰ্বতে ব্ৰিটিছ ভাৰত আৰু ইয়াৰ আসে-পাশে থকা কিছুমান স্বাধীন ৰাজ্য, মোগল সাম্ৰাজ্য, মাৰাঠা সাম্ৰাজ্য, নেপাল ৰাজ্য আৰু পাৰস্য (মূলতঃ আফগানিস্তান)কে ধৰি কেইবাখনো চৰকাৰে মুদ্ৰিত কৰিছিল। সাধাৰণতে এটা মোহৰৰ মূল্য পোন্ধৰ ৰূপৰ টকাৰ সমতুল্য আছিল। ১৯১৮ চনত ব্ৰিটিছ ভাৰতত শেষবাৰৰ বাবে ইয়াৰ মুদ্ৰা প্ৰস্তুত কৰা হৈছিল যদিও ১৯৪৭ চনৰ পিছত ভাৰতৰ সৈতে সংযুক্ত নোহোৱা কিছুমান স্বাধীন ৰাজ্যই এই মুদ্ৰাসমূহ চলাই আছিল। একেধৰণৰ মুদ্ৰা ব্ৰিটিছ কৰ্তৃপক্ষইও / মোহৰ (১০ টকা), / (৫ টকা) টকাৰ মূল্যত জাৰি কৰিছিল আৰু দ্বৈত মোহৰ(৩০ টকা) আৰু কিছুমান স্বাধীন ৰাজ্যই আধা মোহৰৰ মুদ্ৰা (৭ টকা আৰু ৮ আনাৰ সমান) জাৰি কৰিছিল।

মোহৰ মুদ্ৰা প্ৰথমে শ্বেৰ শ্বাহ ছুৰীয়ে ১৫৪০ চনৰ পৰা ১৫৪৫ চনৰ ভিতৰত ভাৰতত তেওঁৰ শাসন কালত প্ৰৱৰ্তন কৰিছিল, এই মোহৰৰ মুদ্ৰাটো তেতিয়া ১৬৯ দানা (১০.৯৫ গ্ৰাম) ওজনৰ সোণৰ মুদ্ৰা আছিল। তেওঁ ডাম নামৰ তামৰ মুদ্ৰা আৰু ১৭৮ দানা (১১.৫৩ গ্ৰাম) ওজনৰ ৰূপিয়া নামৰ ৰূপৰ মুদ্ৰাও প্ৰৱৰ্তন কৰিছিল।[4] পিছলৈ মোগল সম্ৰাটসকলে মুদ্ৰা ব্যৱস্থাটোক একত্ৰিত কৰাৰ উদ্দেশ্যে সমগ্ৰ উপমহাদেশখনতে ত্ৰিধাতুবাদৰ এই মুদ্ৰাটোক প্ৰামাণিক কৰি তুলিছিল।[5][6]

মোহৰ শব্দৰ উৎপত্তি

[সম্পাদনা কৰক]
মোগল সম্ৰাট আকবৰৰ মোহৰ, আছিৰগড় দুৰ্গত মুদ্ৰিত কৰা। বাজ্জৰ ডিজাইনৰ এই মুদ্ৰাটো ১৬০১ খ্ৰীষ্টাব্দৰ ১৭ জানুৱাৰীত খণ্ডেশ চুলতানৰ কৌশলগত আছিৰগড় দুৰ্গ দখল কৰাৰ স্মৃতিত আকবৰৰ নামত জাৰি কৰা হৈছিল। লিখা বাণী: আল্লাহ মহান, খোৰদাদ ইলাহি ৪৫, আছিৰত আঘাত কৰিছে

মোহৰ বা মহুৰ শব্দটো (পাৰ্চী শব্দ মুহ্ৰ{muhr}ৰ পৰা অহা, যাৰ অৰ্থ "ছীল" বা "নামাংকিত আঙুঠি"[7]) সংস্কৃত “মুদ্ৰা’’ শব্দৰ সৈতে সম্পৰ্কিত, যিটো পাছলৈ মুদ্ৰনমলৈ পৰিৱৰ্তিত হৈছিল, যাৰ আন অৰ্থ “ছাব’’।[8]

সংগৃহীত মূল্য

[সম্পাদনা কৰক]

মোগল সাম্ৰাজ্য, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছ ৰাজমুকুটে জাৰি কৰা সোণৰ মোহৰ সংগ্ৰাহকৰ মূল্যৱান সামগ্ৰী আৰু নিলামত অধিক মূল্যত বিক্ৰী কৰা হয়। ৩০ টকা মূল্যৰ ডাবল মোহৰ (১৮৩৫ চনৰ পৰা ১৯১৮ চনৰ ভিতৰত মুদ্ৰা কৰা) আজিলৈকে জাৰি কৰা সৰ্বাধিক মূল্যৰ প্ৰচলিত মুদ্ৰা। ১৮৩৫ চনৰ এটা ডাবল মোহৰ বাংগালুৰুৰ নিলামত ১১.৫ লাখ টকাত বিক্ৰী কৰা হৈছিল; আৰু ই ভাৰতৰ এতিয়ালৈকে নিলামত সৰ্বাধিক দাম প্ৰাপ্ত মুদ্ৰা।[9]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Cuhaj, George S., ed (2009b). Standard Catalog of World Coins 1801–1900 (6 সম্পাদনা). Krause. পৃষ্ঠা. 752. ISBN 978-0-89689-940-7. https://books.google.com/books?isbn=1440228019. 
  2. Cuhaj, George S., ed (2009a). Standard Catalog of World Gold Coins 1601–Present (6 সম্পাদনা). Krause. ISBN 978-1-4402-0424-1. https://books.google.com/books?id=tXSrLbIEDBMC. [সংযোগবিহীন উৎস]
  3. The 1835 double mohur, also called ashrafi, on average contains 23.32 grams of gold (0.9170 fine) and weighs 0.6875 of an ounce.[1] Only 1,170 were minted.[2]
  4. Mughal Coinage Archived 2008-05-16 at the Wayback Machine at RBI Monetary Museum. Retrieved on May 4, 2008.
  5. Smith 1917, পৃষ্ঠা. 274.
  6. Gibbs, J. (1865). Proceedings of the Asiatic Society of Bengal. Calcutta. পৃষ্ঠা. 4–5. https://archive.org/details/proceedingsofasi1883asia/page/4/mode/2up. 
  7. সাঁচ:Oed
  8. "Sanskritdictionary.com: Definition of mudraṇam". sanskritdictionary.com. https://sanskritdictionary.com/mudra%E1%B9%87am/25612/4. 
  9. Srivatsa, Sharath S. (February 20, 2012). "Collector mints a fortune from coin auction". https://www.thehindu.com/news/cities/bangalore/collector-mints-a-fortune-from-coin-auction/article2910682.ece.