সামবেদ
সামবেদ হিন্দুধৰ্মৰ প্ৰধান শাস্ত্ৰ চাৰিখন বেদৰ অন্যতম। সামবেদ ঋকবেদৰ প্ৰায় সমসাময়িকভাৱে ৰচিত। ৭৫ টা মানৰ বাহিৰে সামবেদৰ প্ৰায় সকলোবোৰ শ্লোক বা মন্ত্ৰই ঋকবেদত আছে। পাৰ্থক্য ইমানেই যে সামবেদত সেই সকলোবোৰ শ্লোক গীতসহিত আছে। অন্য অৰ্থত যিবোৰ মন্ত্ৰক সুৰেৰে গোৱা হয় সেইবোৰকে সাম বুলি জনা যায়। সামবেদৰ শ্লোকসমূহ গীতৰ সহায়ত স্ত্ততি কৰা হয়। সমগ্ৰ সামবেদখনেই দৰাচলতে সমূহীয়া উপাসনা সম্বন্ধীয় উপাসনা মন্ত্ৰ আৰু গীতৰ এক সংকলন।
সামবেদৰ শাখা আৰু খণ্ড:
[সম্পাদনা কৰক]পুৰাণৰ মতে সামবেদৰ সহস্ৰ শাখা আছিল। কিন্ত্ত বৰ্তমান সামবেদৰ তিনিটা শাখাহে উপলব্ধ। সেই তিনিটা শাখা হ’ল:
- কৌথুম
- ৰাণায়নিয় আৰু
- জৈমিনিয়।
জৈমিনিয় শাখাৰ অন্য নাম তলবকাৰ। এই তিনিটা শাখাৰ ভিতৰত কৌথুমেই বেছি প্ৰচলিত। সামবেদ সংহিতাৰ খণ্ড দুটা-
- আৰ্চিক আৰু
- উত্তৰাৰ্চিক।
আৰ্চিক ভাগত মুঠ ৫৮৫টা মন্ত্ৰ আছে। এই আটাইবোৰ মন্ত্ৰ ঋকবেদত থকা মন্ত্ৰ। উত্তৰাৰ্চিকত থকা শ্লোক বা মন্ত্ৰবোৰ বিশেষকৈ হিন্দুসকলৰ প্ৰধান প্ৰধান যজ্ঞত গোৱা হয়। [1]
তথ্যসূত্ৰ:
[সম্পাদনা কৰক]- ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, পৃষ্ঠা নং:৩৮৪